--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ক'ভিড-১৯ মহামাৰীৰ বাবে ২০২০ চনত ইউপিএছচি অসামৰিক সেৱা পৰীক্ষাৰ বাবে অন্তিম প্ৰচেষ্টা হেৰুওৱাবলগীয়া হোৱা প্ৰাৰ্থীসকলক অতিৰিক্ত সুযোগ প্ৰদান কৰা হ'ব। কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাইছে এই কথা৷ উচ্চতম ন্যায়ালয়ে ৰচনা সিং নামৰ প্ৰাৰ্থীগৰাকীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি বিষয়টো বিবেচনা কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছিল৷

আৰু পঢ়িব পাৰিব : ডিব্ৰুগড়ৰ কংগ্ৰেছ সভাপতিৰ দায়িত্ব এৰিলে এতোৱা মুণ্ডাই

যিসকলে ২০২০ৰ অক্টোবৰত অনুষ্ঠিত ইউপিএছচিৰ প্ৰাথমিক পৰীক্ষাত অন্তিমবাৰ অৱতীৰ্ণ হ'ব লাগিছিল কিন্তু ক'ভিড-১৯ মহামাৰীৰ বাবে পৰীক্ষা দিব পৰা নাছিল সেইসকলক লৈ সমস্যাৰ সৃষ্টি হৈছিল। উল্লেখ্য যে, ভাৰতীয় অসামৰিক সেৱাৰ প্ৰাথমিক পৰীক্ষা ৪ অক্টোবৰত অনুষ্ঠিত হৈছিল। পৰীক্ষাটো প্ৰথমতে মে' মাহত নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু ক'ভিড-১৯ মহামাৰীৰ বাবে স্থগিত ৰাখিব লগা হৈছিল।

আৰু পঢ়িব পাৰিব : বাকসাৰ গোৰেশ্বৰ আৰু শুৱাগপুৰত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

২০২০ৰ ছেপ্টেম্বৰত শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগক (ইউপিএছচি) উচ্চ বয়সৰ সীমাৰ সংশ্লিষ্ট সম্প্ৰসাৰণৰ সৈতে ২০২০ চনত অন্তিম প্ৰচেষ্টাৰ প্ৰাৰ্থীসকলক অতিৰিক্ত সুযোগ প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ২৬ অক্টোবৰত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে আদালতক জনাইছিল যে অন্তিম সুযোগ প্ৰাৰ্থীসকলৰ অতিৰিক্ত প্ৰচেষ্টা প্ৰদানৰ বিষয়টো কৰ্তৃপক্ষৰ বিবেচনাত আছে। তথ্য অনুসৰি ৪ অক্টোবৰত মুঠ ৪,৮৬,৯৫২জন প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ