--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড-১৯ৰ বিৰুদ্ধে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ টিকাকৰণ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে এইকথা প্ৰকাশ কৰে। দেশৰ ড্ৰাগছ ৰেগুলেটৰে দুটাকৈ প্ৰতিষেধকৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনোৱাৰ এদিনৰ পাছতে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

আৰু পঢ়িব পাৰিব : প্ৰেমিকাক পলুৱাই নি ধৰ্ষণ, হত্যা! এতিয়াও মুকলি আকাশৰ তলত অভিযুক্ত

দেশৰ বিজ্ঞানী তথা টেকনিচিয়ানসকলক ‘মেড ইন ইণ্ডিয়া’ প্ৰতিষেধক উদ্ভাৱনৰ বাবে উচ্চ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোককক লৈ সমগ্ৰ দেশ গৰ্বিত বুলি মন্তব্য কৰে। তেওঁ কয়, ‘ক’ভিড-১৯ৰ বিৰুদ্ধে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ টিকাকৰণ অভিযান আৰম্ভ কৰিবলৈ ভাৰত সাজু হৈছে। আমাৰ বিজ্ঞানী তথা প্ৰযুক্তিবিদসকলৰ অৱদানক লৈ সমগ্ৰ দেশ আজি গৰ্বিত।’

আৰু পঢ়িব পাৰিব : ভাৰত-বাংলাদেশ সীমান্তত গোপন সুৰংগ পথ!

নেচনেল মেটৰ’লজী কনক্লেভত বিজ্ঞানীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, এই কথাটো নিশ্চিত হৈছে যে, ‘মেড ই ইণ্ডিয়া’ সামগ্ৰীসমূহ এতিয়া কেৱল বিশ্বজনীন দাবীয়েই নহয় ই বিশ্বজনীন গ্ৰহণযোগ্যতাৰো আধাৰ হৈ পৰিছে। উল্লেখ্য যে, ভাৰতত প্ৰস্তুত হোৱা কোভিশ্বিল্ড আৰু কোভাক্সিন প্ৰতিষেধকৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনাইছিল ভাৰতৰ ডিচিজিআই-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক