--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেশজুৰি আজি আৰম্ভ হ’ল কৰ’নাৰ বহু প্ৰতীক্ষিত টিকাকৰণ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এই সৰ্ববৃহৎ টিকাকৰণ প্ৰক্ৰিয়া৷ ভিডিঅ' কনফাৰেঞ্চেৰে সম্বোধন কৰি দেশবাসীৰ প্ৰতীক্ষাৰ আজি অন্ত পৰিল বুলি মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে৷ ‘ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰাটো জৰুৰী৷ দ্বিতীয়টো ড’জৰ পাছতে আৰম্ভ হ’ব প্ৰতিৰোধ’ এই বুলি মোদীয়ে কয়৷

আৰু পঢ়িব পাৰিব : ৰাজ্যজুৰি আৰম্ভ কৰ’নাৰ সৰ্ববৃহৎ টিকাকৰণ প্ৰক্ৰিয়া

মোদীৰ দাবী এই ভেকচিনে ভাৰতৰ সামৰ্থ প্ৰমাণ কৰিলে৷ দীঘলীয়াকৈ টিকাকৰণ প্ৰক্ৰিয়া চলিব বুলি মোদীয়ে ঘোষণা কৰাৰ লগতে কৰ’নাৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ দেশবাসীক আহ্বান জনায়৷ মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় তেওঁ৷ লগতে মহামাৰীৰ যুঁজত যুঁজ দিয়া সকলো ক’ভিড যোদ্ধাক ধন্যবাদ জনাই মোদীয়ে৷

আৰু পঢ়িব পাৰিব : ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৰাম মন্দিৰলৈ আগবঢ়ালে ৫ লাখ টকা !

ইপিনে অসমৰো ৩৩ জিলাৰ ৬৫টা কেন্দ্ৰত দিয়া হৈছে এই ছিটা৷ জিএমচিএইচত টিকাকৰণ উদ্বোধন কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক