--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে আজি বিধানসভাত প্ৰমাণ কৰিব লাগিব সংখ্যাগৰিষ্ঠতা৷ দুসপ্তাহৰ ৰাজনৈতিক সংকটৰ পাছত বিজেপিৰ সহায়ত চৰকাৰ গঠন কৰা মহাৰাষ্ট্ৰৰ চাৰিদিনীয়া একনাথ সিন্দে চৰকাৰে আজি ৰাজ্যপালৰ নিৰ্দেশমৰ্মে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰি চৰকাৰখনৰ স্থায়িত্ব নিশ্চিত কৰিব লাগিব৷ অৱশ্যে পৰীক্ষাটো এক আনুষ্ঠানিকতাহে হব বুলি আশা কৰা হৈছে।

 

বিজেপিৰ বিধায়ক ৰাহুল নাৰ্ৱেকাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ এদিন পাছতে শক্তি প্ৰমাণ কৰিব সিন্দেই৷ নতুন মুখ্যমন্ত্ৰীকে ধৰি ১৬জন বিসম্বাদী বিধায়কক অযোগ্য ঘোষণা কৰাৰ বাবে শিৱসেনাৰ অমীমাংসিত আবেদনৰ পৰিপ্ৰেক্ষিতত এই গুৰুত্বপূৰ্ণ পদক্ষেপত সহযোগ কৰিব লাগিব একনাথ সিন্দেই৷ 

 

নাৰ্ৱেকাৰে যোৱা নিশা সিন্দেক শিৱসেনাৰ বিধায়িনী দলৰ নেতা হিচাপে মনোনীত কৰে আৰু লগতে ভাৰত গোগাৱালেক সেনাৰ মুখ্য হুইপ হিচাপে নিযুক্তি দিয়াৰ স্বীকৃতি দিয়ে৷ উদ্ধৱ থাকৰে গোটৰ দ্বাৰা সিন্দে শিবিৰৰ ১৬জন বিধায়কক অযোগ্য ঘোষণা কৰিব বিচৰা আবেদন উচ্চতম ন্যায়ালয়ৰ হাতত সন্মুখত আছে। কিন্তু, আনকি ১৬জন বিধায়কক অযোগ্য ঘোষণা কৰাৰ ক্ষেত্ৰতো নতুন চৰকাৰৰ সংখ্যাগত সুবিধা থাকিব।


বিজেপিৰ বৰ্তমান ১০৬জন বিধায়ক আছে আৰু সিন্দেই দাবী কৰে যে তেওঁৰ ৫০জনৰ সমৰ্থন আছে, যাৰ ভিতৰত আছে ৩৯জন সেনা বিদ্ৰোহী। ১৬জন বিধায়কৰ অযোগ্যতাই সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ১৩৭লৈ আনি৷ তথাপি, চৰকাৰ এতিয়াও মুঠ ১৪০জন বিধায়কৰ শক্তিৰ সৈতে এক সুবিধাজনক স্থিতিতে থাকিব। কালি অধ্যক্ষগৰাকীয়ে ১৬৪টা ভোটলাভ কৰি নিৰ্বাচিত হৈছিল। বিৰোধী প্ৰাৰ্থী ৰাজেন চালভিয়ে মাত্ৰ ১০৭টা ভোট লাভ কৰিছিল।

 

উল্লেখযোগ্য যে, একনাথ সিন্দেৰ বিদ্ৰোহ, যিটো ২০ জুনৰ নিশা আৰম্ভ হৈছিল৷ উদ্ধৱ ঠাকৰে গোটৰ সংখ্যা হ্ৰাস কৰি নতুন নতুন মুখবোৰে প্ৰতিদিনে বিদ্ৰোহী শিবিৰত যোগদান কৰিছিল। তাৰ মাজতে বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি তেওঁ  বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব বুলি কোৱাৰ পাছত থাকৰেয়ে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছিল।

 

এদিন পাছত বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবশে এক আকস্মিক ঘোষণাত সিন্দেক মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰিছিল৷ পিছত সন্ধিয়া আশ্চৰ্যজনকভাৱে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাড়নবীশে বিজেপিৰ হেঁচাৰ পিছত সিন্দে চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে স্বাক্ষৰ কৰিছিল৷

 

একনাথ সিন্দেৰ সমৰ্থকসকলে শনিবাৰে সন্ধিয়া মুম্বাইত অৱতৰণ কৰিছিল। বিদ্ৰোহীসকলে যোৱা দুসপ্তাহ বিজেপি শাসিত ৰাজ্যসমূহত অতিবাহিত কৰিছিল৷ প্ৰথমতে গুজৰাটৰ চুৰাটত, তাৰ পাছত অসমৰ গুৱাহাটীত আৰু শেষত গোৱাত তেওঁলোকে বাহৰ পাতিছিল৷



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ