--°C
Loading...
Listen to Article
2 min read
80%

হিমাচল প্ৰদেশ : উত্তৰ প্ৰদেশৰ গ্ৰীষ্ম প্ৰৱাহৰ সময়তে হিমাচল প্ৰদেশলৈ সোঁত বৈছে পৰ্যটকৰ। দেশত ক’ভিডৰ দ্বিতীয় ঢৌ মাৰ নৌযাওঁতেই হিমাচলৰ ছিমলা, মানালিত ক’ভিড নীতি উলংঘাৰে হাজাৰ হাজাৰ পৰ্যটকৰ সমাগম ঘটিছে। এই সমাগমৰ পৰাই হিমাচলৰ লগতে দেশৰ আন ৰাজ্যতো ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ আশংকাৰ সৃষ্টি হৈছে।

ছিমলা, মানালি, ধৰ্মশালাৰ দৰ্শনীয় স্থান, হোটেল, বজাৰ-সমাৰত পৰ্যটকৰ ভিৰে এতিয়া মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ। পৰ্যটকৰ দ্বাৰা ক’ভিড বিধিৰ ব্যাপক উলংঘা সন্দৰ্ভত উত্তৰ বিচাৰি এতিয়া হিমাচল চৰকাৰলৈ পত্ৰ লিখিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। কিন্তু কেন্দ্ৰৰ পত্ৰৰ পাছতো ক’ভিড বিধি বৰ্তাই ৰাখিবলৈ বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই হিমাচল চৰকাৰে।

দৰাচলতে ৰাজ্যখনৰ পৰ্যটন উদ্যোগক পুনৰুজ্জীৱিত কৰিবলৈ জনস্বাস্থ্যৰ সৈতে হেতালি খেলিছে হিমাচলৰ কংগ্ৰেছ চৰকাৰে। হোটেল ব্যৱসায়ীসকলৰ স্বাৰ্থত ক’ভিড বিধি যথেষ্ট শিথিল কৰি দিছে চৰকাৰে। ইয়াৰ বাবে আনকি ৰাজ্যখনলৈ অহা পৰ্যটকসকলৰ বাবে ক’ভিডৰ আৰ চি পি টি আৰ ৰিপ’ৰ্ট থকাতো বাধ্যতামূলক নহয় বুলি ঘোষণা কৰিছে।

দেশত তিনি-চাৰি মাহৰ ভিতৰতে কৰ’নাৰ তৃতীয়টো ঢৌ আহিব বুলি কৈ আহিছে বিশেষজ্ঞসকলে। এনে পৰিপ্ৰেক্ষিতত হিমাচলত পৰ্যটকৰ ভিৰ একপ্ৰকাৰ আত্মঘাতী পদক্ষেপ হিচাপেই চিহ্নিত হৈছে। কোনে জানে এনে জনসমাগমৰ পৰাই দেশত বিয়পি পৰিব পাৰে তৃতীয় ঢৌৰ সৃষ্টি কৰিব বুলি ভবা ডেল্টা প্লাছ কৰ’না।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু