--°C
Loading...
Listen to Article
2 min read
80%

হিমাচল প্ৰদেশ : উত্তৰ প্ৰদেশৰ গ্ৰীষ্ম প্ৰৱাহৰ সময়তে হিমাচল প্ৰদেশলৈ সোঁত বৈছে পৰ্যটকৰ। দেশত ক’ভিডৰ দ্বিতীয় ঢৌ মাৰ নৌযাওঁতেই হিমাচলৰ ছিমলা, মানালিত ক’ভিড নীতি উলংঘাৰে হাজাৰ হাজাৰ পৰ্যটকৰ সমাগম ঘটিছে। এই সমাগমৰ পৰাই হিমাচলৰ লগতে দেশৰ আন ৰাজ্যতো ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ আশংকাৰ সৃষ্টি হৈছে।

ছিমলা, মানালি, ধৰ্মশালাৰ দৰ্শনীয় স্থান, হোটেল, বজাৰ-সমাৰত পৰ্যটকৰ ভিৰে এতিয়া মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ। পৰ্যটকৰ দ্বাৰা ক’ভিড বিধিৰ ব্যাপক উলংঘা সন্দৰ্ভত উত্তৰ বিচাৰি এতিয়া হিমাচল চৰকাৰলৈ পত্ৰ লিখিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। কিন্তু কেন্দ্ৰৰ পত্ৰৰ পাছতো ক’ভিড বিধি বৰ্তাই ৰাখিবলৈ বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই হিমাচল চৰকাৰে।

দৰাচলতে ৰাজ্যখনৰ পৰ্যটন উদ্যোগক পুনৰুজ্জীৱিত কৰিবলৈ জনস্বাস্থ্যৰ সৈতে হেতালি খেলিছে হিমাচলৰ কংগ্ৰেছ চৰকাৰে। হোটেল ব্যৱসায়ীসকলৰ স্বাৰ্থত ক’ভিড বিধি যথেষ্ট শিথিল কৰি দিছে চৰকাৰে। ইয়াৰ বাবে আনকি ৰাজ্যখনলৈ অহা পৰ্যটকসকলৰ বাবে ক’ভিডৰ আৰ চি পি টি আৰ ৰিপ’ৰ্ট থকাতো বাধ্যতামূলক নহয় বুলি ঘোষণা কৰিছে।

দেশত তিনি-চাৰি মাহৰ ভিতৰতে কৰ’নাৰ তৃতীয়টো ঢৌ আহিব বুলি কৈ আহিছে বিশেষজ্ঞসকলে। এনে পৰিপ্ৰেক্ষিতত হিমাচলত পৰ্যটকৰ ভিৰ একপ্ৰকাৰ আত্মঘাতী পদক্ষেপ হিচাপেই চিহ্নিত হৈছে। কোনে জানে এনে জনসমাগমৰ পৰাই দেশত বিয়পি পৰিব পাৰে তৃতীয় ঢৌৰ সৃষ্টি কৰিব বুলি ভবা ডেল্টা প্লাছ কৰ’না।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ