--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ বিয়োগৰ লগে লগে অন্ত পৰিল হিন্দী ছবিৰ এটা সোণালী যুগৰ। এজন ফল বিক্ৰেতাৰ পৰা হিন্দী ছবি উদ্যোগৰ মহানায়কলৈ এটা সংগ্ৰামী আৰু বৰ্ণাঢ্য যাত্ৰা আছিল দিলীপ কুমাৰৰ। দিলীপ কুমাৰ অথবা মহম্মদ ইউছুফ খানৰ জীৱন পৰিক্ৰমা আৰম্ভ হৈছিল বৰ্তমানৰ পাকিস্তানৰ পেছোৱাৰ চহৰৰ কিচ্ছা খাৱানি বজাৰত।

পিতৃ-মাতৃ গোলাম ছাৰৱাৰ খান আৰু আয়েছা বেগমৰ ১২টা সন্তানৰ অন্যতম ইউছুফ খানৰ জন্ম হৈছিল ১৯২২চনৰ ১১ ডিচেম্বৰত। পিতৃ গোলাম ছাৰৱাৰ খান আছিল ফল ব্যৱসায়ী। যাৰ বাবে শৈশৱ সুখৰেই আছিল ইউছুফ খানৰ। পেছোৱাৰৰ প্ৰতিপত্তিশীল ব্যৱসায়ী গোলাম ছাৰৱাৰৰ আছিল বিশাল হাৱেলী। সেই হাৱেলীতে পাৰ হৈছিল ইউছুফৰ শৈশৱকাল। ১৯৩০ চনত অৱশ্যে ছাৰৱাৰে পৰিয়ালটোক লৈ ব্যৱসায়িক কাৰণত মুম্বাইলৈ আহে। এৰি আহে পেছোৱাৰৰ আড়ম্বৰপূৰ্ণ বাসভৱন।

পৰিত্যক্ত হৈ আহিবলৈ ধৰে দিলীপ কুমাৰৰ হাৱেলী

১৯৪৭ চনলৈকে পেছোৱাৰৰ সৈতে গোলাম ছাৰৱাৰ খানৰ পৰিয়ালৰ যোগসূত্ৰ আছিল যদিও দেশ বিভাজনৰ পাছত সম্পৰ্ক প্ৰায় ছিন্ন হৈ পৰে। যাৰ বাবে পৰিত্যক্ত হৈ আহিবলৈ ধৰে দিলীপ কুমাৰৰ হাৱেলী। আনকি কাষৰীয়া বাসিন্দাসকলে ঘৰটোত পেলাবলৈ ধৰে জাবৰ-জোঁথৰ। হাৱেলীটো পৰিণত হয় ডাম্পিং গ্ৰাউণ্ডলৈ। পাছলৈ দিলীপ কুমাৰৰ বাসভৱনৰ দুৰৱস্থাৰ খবৰটো পাকিস্তানৰ চৰকাৰৰ দৃষ্টিগোচৰ হয়।

২০১৩ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে হাৱেলীটোৰ মেৰামতি কৰিবলৈ দায়িত্ব দিয়ে ৰাষ্ট্রীয় স্মাৰক মন্ত্ৰণালয়ক। ২০১৪ চনত পাকিস্তানৰ চৰকাৰে বাসভৱনটোক ঘোষণা কৰে ঐতিহ্যস্থল হিচাপে। অৱশ্যে চৰকাৰৰ নিৰ্দেশৰ যথোপযুক্ত কাৰ্য ৰূপায়ণ নকৰিলে প্ৰশাসনে। যাৰ বাবে সময় বাগৰাৰ লগে লগে হাৱেলীটো ভাগি পৰিবলৈ ধৰে। শেহতীয়াকৈ বিগত জুন মাহত হাৱেলীটোৰ চোৱা-চিতাৰ দায়িত্ব লৈছে দেশখনৰ খাইৱাৰ পখটুনখাৱা প্ৰদেশৰ চৰকাৰে।

প্ৰাদেশিক চৰকাৰখনে ঐতিহ্যপূৰ্ণ বাসভৱনটোক সংগ্ৰহালয় হিচাপে গঢ়ি তুলিব বুলি ঘোষণা কৰিছে। প্ৰাদেশিক চৰকাৰখনে ঘোষণা কৰা মতে কাম কৰিলে হাৱেলীটোৱে পুনৰ আটকধুনীয়াকৈ মূৰ দাঙি উঠিব বুলি আশা কৰা হৈছে। আজি দিলীপ কুমাৰৰ বিয়োগৰ দিনটোত পেছোৱাৰৰ বাসভৱনটো মহান অভিনেতাজনৰ স্মৃতি যুগমীয়া কৰিব পৰাকৈ উজলি উঠিব বুলি আশা কৰিছে ভাৰতৰ লগতে পাকিস্তানৰ অনুৰাগীসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ