--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ অভিনেতা তথা চিত্ৰ সমালোচক কামাল আৰ খানে বিভিন্ন সময়ত নানা বিতৰ্কিত মন্তব্যৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এইবাৰ চলচ্চিত্ৰ জগতৰ দুই তাৰকা সম্পৰ্কত অভিনেতাগৰাকীৰ ভৱিষ্যদ্বাণী। শেহতীয়াকৈ তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক। আগন্তুক ১০বছৰৰ ভিতৰত নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাৰ ডিভ’ৰ্ছ হ’ব বুলি ভৱিষ্যদ্বাণী কামাল আৰ খানৰ। বলীউডৰ ‘বেড বয়’ খ্যাত কামাল আৰ খানৰ এই মন্তব্যৰ পাছতে টুইটাৰত সমালোচনাৰ জোৱাৰ উঠিছে। সমালোচিত হৈছে কামাল আৰ খান।

উল্লেখ্য যে, ২০১৯ বৰ্ষত বিবাহপাশত আবদ্ধ হৈছিল বলীউডৰ দেশী গাৰ্ল আৰু হলীউডৰ পপ গায়ক নিক জোনাছ। এতিয়া লছ এঞ্জেল’ছৰ বাসিন্দা দুই তাৰকাই হিন্দু আৰু খ্ৰিষ্টীয়ান দুয়োটা ধৰ্মৰ ৰীতি অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল। নিক জোনাছৰ সৈতে সুখৰ সংসাৰ গঢ়িছে প্ৰাক্তন বিশ্বসুন্দৰী প্ৰিয়ংকাই।

প্ৰিয়ংকাই বিয়াৰ পাছত বলীউডৰ কামত মনোনিৱেশ কৰিব পৰা নাই যদিও হলীউডৰ ভালেসংখ্যক কাম হাতত লোৱা দেখা গৈছে। বিভিন্ন আন্তঃৰ্জাতিক মঞ্চত প্ৰশংসিত হৈছে দুই যুটি। এনে সময়তে কামাল আৰ খানৰ বিতৰ্কিত মন্তব্যৰ বাবে ক্ষুন্ন হৈ পৰিছে দেশৰ সচেতন নাগৰিক। একাংশই যদি তেওঁক আনৰ ভালটো লক্ষ্য কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে, তেনেকৈ একাংশই আকৌ আগন্তুক ৫ বছৰত পত্নী, সন্তানৰে সৈতে তেওঁৰ বিচ্ছেদ হ’ব বুলিও মতপোষণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ