--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত কৰ’না সংক্ৰমণৰ ক্ৰমবৰ্ধমান গতি চিন্তাৰ কাৰণ হৈ পৰিছে। প্ৰতিদিনে সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাইছে ব্যাপক হাৰত। শুকুৰবাৰৰ দিনটোত দেশত চিনাক্ত হোৱা কৰ'না আক্ৰান্তৰ সংখ্যা হৈছে ৮৯,১২৯। আনহাতে মৃত্যু ঘটিছে ৭১৪জন আক্ৰান্তৰ৷ ৪৪,২০২জনক ক’ভিডমুক্ত ঘোষণা কৰা হৈছে আৰু চিকিৎসাধীন হৈ আছে ৬,৫৮,৯০৯জন৷

আৰু পঢ়িব পাৰিব : দলগাঁৱত গঁড়ৰ আতংকঃ আহত এজন

বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পাছত এদিনতে চিনাক্ত হোৱা ক’ভিড আক্ৰান্তৰ এয়াই সৰ্বাধিক সংখ্যা। দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, পঞ্জাব, কৰ্ণাটক, কেৰালা, চত্তিশগড়, চণ্ডীগড়, গুজৰাট, মধ্যপ্ৰদেশ, তামিলনাডু, দিল্লী আৰু হাৰিয়ানাৰ অৱস্থা অতি গুৰুতৰ হোৱা বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে। এই ৰাজ্যকেইখনৰ পৰিস্থিতিক লৈ শুকুৰবাৰে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল কেন্দ্ৰই।

আৰু পঢ়িব পাৰিব : উত্তৰ গুৱাহাটীৰ ‘আআইটি’ত অচেতন অৱস্থাত উদ্ধাৰ বহিঃৰাজ্যৰ ছাত্ৰী

এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশকেইখনত দেশৰ শেহতীয়া আক্ৰান্ত আৰু মৃতৰ ৯০ শতাংশ চিনাক্ত হৈছে। দেশৰ এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১,২৩,৯২,২৬০লৈ। মহাৰাষ্ট্ৰৰ পুনেৰ দৰে মহানগৰত লকডাউন বলৱৎ হোৱাৰ লগতে সমগ্ৰ ৰাজ্যতে লকডাউনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে, কৰ্ণাটকৰ বাছাৱানাহাল্লি হাইস্কুল আৰু কলেজৰ ২৬জন শিক্ষাৰ্থী ক'ভিড পজিটিভ হোৱাৰ বাবে পাঠদান বন্ধ কৰি দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ