--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত কৰ’না সংক্ৰমণৰ ক্ৰমবৰ্ধমান গতি চিন্তাৰ কাৰণ হৈ পৰিছে। প্ৰতিদিনে সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাইছে ব্যাপক হাৰত। শুকুৰবাৰৰ দিনটোত দেশত চিনাক্ত হোৱা কৰ'না আক্ৰান্তৰ সংখ্যা হৈছে ৮৯,১২৯। আনহাতে মৃত্যু ঘটিছে ৭১৪জন আক্ৰান্তৰ৷ ৪৪,২০২জনক ক’ভিডমুক্ত ঘোষণা কৰা হৈছে আৰু চিকিৎসাধীন হৈ আছে ৬,৫৮,৯০৯জন৷

আৰু পঢ়িব পাৰিব : দলগাঁৱত গঁড়ৰ আতংকঃ আহত এজন

বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পাছত এদিনতে চিনাক্ত হোৱা ক’ভিড আক্ৰান্তৰ এয়াই সৰ্বাধিক সংখ্যা। দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, পঞ্জাব, কৰ্ণাটক, কেৰালা, চত্তিশগড়, চণ্ডীগড়, গুজৰাট, মধ্যপ্ৰদেশ, তামিলনাডু, দিল্লী আৰু হাৰিয়ানাৰ অৱস্থা অতি গুৰুতৰ হোৱা বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে। এই ৰাজ্যকেইখনৰ পৰিস্থিতিক লৈ শুকুৰবাৰে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল কেন্দ্ৰই।

আৰু পঢ়িব পাৰিব : উত্তৰ গুৱাহাটীৰ ‘আআইটি’ত অচেতন অৱস্থাত উদ্ধাৰ বহিঃৰাজ্যৰ ছাত্ৰী

এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশকেইখনত দেশৰ শেহতীয়া আক্ৰান্ত আৰু মৃতৰ ৯০ শতাংশ চিনাক্ত হৈছে। দেশৰ এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১,২৩,৯২,২৬০লৈ। মহাৰাষ্ট্ৰৰ পুনেৰ দৰে মহানগৰত লকডাউন বলৱৎ হোৱাৰ লগতে সমগ্ৰ ৰাজ্যতে লকডাউনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে, কৰ্ণাটকৰ বাছাৱানাহাল্লি হাইস্কুল আৰু কলেজৰ ২৬জন শিক্ষাৰ্থী ক'ভিড পজিটিভ হোৱাৰ বাবে পাঠদান বন্ধ কৰি দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু