--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশ ভয়াৱহ সংকটৰ সন্মুখীন হোৱাৰ পাছতে চৰকাৰে বিৰোধী দলবোৰক বিশ্বাসত নোলোৱা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। ক’ভিড মহামাৰীয়ে দেশৰ স্বাস্থ্যখণ্ডক সংকটৰ গৰাহলৈ ঠেলি দিয়াৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ সমালোচনা কৰিছে প্ৰিয়ংকাই।

আৰু পঢ়িব পাৰিব:বহিঃৰ্বিশ্বৰে সংযোগ বিচ্ছিন্ন! কৰ’নাই অকলশৰীয়া কৰিব নেকি ভাৰতক?

এই সংকটৰ সময়ত সমগ্ৰ দেশ একগোট হৈ থিয় হোৱাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ পৰামৰ্শক কেন্দ্ৰীয় চৰকাৰে ঠাট্টা-মস্কৰা কৰা বুলি অভিযোগ কৰি তেওঁক তীব্ৰ সমালোচনা কৰে প্ৰিয়ংকাই। সংবাদ প্ৰতিষ্ঠানক দিয়া এটা সাক্ষাৎকাৰত তেওঁ কয় যে, প্ৰধানমন্ত্ৰীয়ে এতিয়া তেওঁৰ ‘জনসম্পৰ্কৰ অভিযান’ বন্ধ কৰা উচিত আৰু এই সংকটৰ বিষয়ে বিৰোধী দল আৰু অন্যান্য লোকৰ সৈতে কথা পতা উচিত।

আৰু পঢ়িব পাৰিব:সাময়িক সকাহ! দিল্লীৰ চিকিৎসালয়লৈ অক্সিজেনৰ নতুন যোগান

তেওঁ অভিযোগ কৰে যে, কেন্দ্ৰই আনকি পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰেও কথা পাতিবলৈ ইচ্ছুক কিন্তু বিৰোধী দলৰ নেতাৰ সৈতে নহয়। ‘মই নাভাবোঁ যে, আজিৰ দিনটোত কোনো বিৰোধী নেতাই ইতিবাচক তথা গঠনমূলক পৰামৰ্শ নিদিয়াকৈ থাকিব। সকলো বিৰোধী দলেই কৈ আছে যে, আমি সকলো কেন্দ্ৰৰ সৈতে আছোঁ।’ প্ৰিয়ংকাই কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু