--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰে সম্পৰ্ক ছেদ কৰিব আমেৰিকাই! ভাৰত ভ্ৰমণৰ পৰা মাৰ্কিন নাগৰিকক বিৰত থকাৰ বাবে পৰামৰ্শ আগবঢ়াইছে দেশখনৰ জনস্বাস্থ্য সংস্থাই। আনকি সেই দেশৰ নাগৰিকসকলে ক’ভিড-১৯ৰ প্ৰতিষেধক সম্পূৰ্ণৰূপে লোৱাৰ পাছতো পৰাপক্ষত ভাৰত ভ্ৰমণৰপৰা বিৰত থকাৰ আহ্বান জনাইছে মাৰ্কিন নাগৰিকক। কেৱল অতিজৰুৰী প্ৰয়োজনতহে ভ্ৰমণ কৰাৰ পৰামৰ্শ দিয়া হৈছে।

আৰু পঢ়িব পাৰিব: সাময়িক সকাহ! দিল্লীৰ চিকিৎসালয়লৈ অক্সিজেনৰ নতুন যোগান

দেশখনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যন (চিডিচি)-এ নাগৰিকসকলক প্ৰতিষেধকৰ আটাইবোৰ পালি গ্ৰহণ কৰিবলৈও নাগৰিকসকলক আহ্বান জনাইছে। ভাৰতক ইতমধ্যে দেশখনে ‘সৰ্বোচ্চ লেভেল-৪’ কেটেগৰীত স্থান দিছে। যিয়ে ক’ভিডৰ অতি উচ্চমাত্ৰাৰ সংক্ৰমণক সূচায়। ভাৰতৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা কৰিছে মাৰ্কিন সংস্থাটোৱে। চিডিচিৰ এখন বিজ্ঞাপ্তিত কোৱা হৈছে যে, ‘ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে টিকাকৰণ কৰা লোকো সংক্ৰমণত ভোগাৰ লগতে তেওঁলোকেও ক’ভিড বিয়পোৱাৰ আশংকা আছে। সেয়েহে তেওঁলোকে ভাৰত ভ্ৰমণ পৰিত্যাগ কৰা উচিত।’

আৰু পঢ়িব পাৰিব: নগাঁৱত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ আটক দুই

উল্লেখ্য যে, ভাৰতত ক’ভিডৰ সংক্ৰমণে সৰ্বকালৰ সৰ্বাধিক ৰূপ ধাৰণ কৰিছে। কালিৰ দিনটোত দেশত চিনাক্ত হয় ২,৯৫,০৪১জন আক্ৰান্ত। মৃত্যু হৈছে ২০২৩জন লোকৰ। দেশত আক্ৰান্তৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ১ কোটি ৫৬লাখলৈ। ক’ভিডৰ দ্বিতীয় ঢৌৱে দেশত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু ই দেশৰ স্বাস্থ্যখণ্ডলৈ বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ সৈতে বহিঃৰ্বিশ্বৰ দুৱাৰ লাহে লাহে বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ইংলেণ্ডেও ভাৰতৰ পৰা যোৱা সকলো লোকৰ প্ৰৱেশ বন্ধ কৰিছিল দেশখনত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ