--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰে সম্পৰ্ক ছেদ কৰিব আমেৰিকাই! ভাৰত ভ্ৰমণৰ পৰা মাৰ্কিন নাগৰিকক বিৰত থকাৰ বাবে পৰামৰ্শ আগবঢ়াইছে দেশখনৰ জনস্বাস্থ্য সংস্থাই। আনকি সেই দেশৰ নাগৰিকসকলে ক’ভিড-১৯ৰ প্ৰতিষেধক সম্পূৰ্ণৰূপে লোৱাৰ পাছতো পৰাপক্ষত ভাৰত ভ্ৰমণৰপৰা বিৰত থকাৰ আহ্বান জনাইছে মাৰ্কিন নাগৰিকক। কেৱল অতিজৰুৰী প্ৰয়োজনতহে ভ্ৰমণ কৰাৰ পৰামৰ্শ দিয়া হৈছে।

আৰু পঢ়িব পাৰিব: সাময়িক সকাহ! দিল্লীৰ চিকিৎসালয়লৈ অক্সিজেনৰ নতুন যোগান

দেশখনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যন (চিডিচি)-এ নাগৰিকসকলক প্ৰতিষেধকৰ আটাইবোৰ পালি গ্ৰহণ কৰিবলৈও নাগৰিকসকলক আহ্বান জনাইছে। ভাৰতক ইতমধ্যে দেশখনে ‘সৰ্বোচ্চ লেভেল-৪’ কেটেগৰীত স্থান দিছে। যিয়ে ক’ভিডৰ অতি উচ্চমাত্ৰাৰ সংক্ৰমণক সূচায়। ভাৰতৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা কৰিছে মাৰ্কিন সংস্থাটোৱে। চিডিচিৰ এখন বিজ্ঞাপ্তিত কোৱা হৈছে যে, ‘ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে টিকাকৰণ কৰা লোকো সংক্ৰমণত ভোগাৰ লগতে তেওঁলোকেও ক’ভিড বিয়পোৱাৰ আশংকা আছে। সেয়েহে তেওঁলোকে ভাৰত ভ্ৰমণ পৰিত্যাগ কৰা উচিত।’

আৰু পঢ়িব পাৰিব: নগাঁৱত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ আটক দুই

উল্লেখ্য যে, ভাৰতত ক’ভিডৰ সংক্ৰমণে সৰ্বকালৰ সৰ্বাধিক ৰূপ ধাৰণ কৰিছে। কালিৰ দিনটোত দেশত চিনাক্ত হয় ২,৯৫,০৪১জন আক্ৰান্ত। মৃত্যু হৈছে ২০২৩জন লোকৰ। দেশত আক্ৰান্তৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ১ কোটি ৫৬লাখলৈ। ক’ভিডৰ দ্বিতীয় ঢৌৱে দেশত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু ই দেশৰ স্বাস্থ্যখণ্ডলৈ বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ সৈতে বহিঃৰ্বিশ্বৰ দুৱাৰ লাহে লাহে বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ইংলেণ্ডেও ভাৰতৰ পৰা যোৱা সকলো লোকৰ প্ৰৱেশ বন্ধ কৰিছিল দেশখনত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু