--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ’নাৰ পৰা আৰোগ্যলাভৰ পাছতো নিস্তাৰ নাই মানৱকুলৰ। ক’ভিডজয়ীৰ শৰীৰত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ব্লাড ছুগাৰৰ পৰিমাণ। পাটনাস্থিত এইমছৰ গৱেষকে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য।উল্লেখ্য যে, পাটনাস্থিত এইমছৰ গৱেষকসকলে ক’ভিডোত্তৰ কালত দেখা দিব পৰা সমস্যা সম্পৰ্কে গৱেষণা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এই গৱেষণাৰ বাবে ৩ হাজাৰ ৰোগীৰ নমুনা সংগ্ৰহ কৰা হৈছিল। টেলিফোনযোগে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে চিকিৎসকে।

ক’ভিডমুক্ত হোৱাৰ পাছত তেওঁলোকে কিদৰে আছে বুলি প্ৰশ্ন চিকিৎসকৰ। পোষ্ট ট্ৰমা বিভাগ তথা কমিউনিটী আউটৰিছ দফতৰৰ মুৰব্বী প্ৰধান ডাঃ অনীল কুমাৰে জানিবলৈ দিয়া মতে, কৰ’নাৰ দ্বিতীয় ঢৌত ক’ভিডাক্ৰান্তসকলৰ ওপৰতহে এই গৱেষণা চলোৱা হৈছিল। ক’ভিড জয়ীসকলৰ সৈতে কথা পতাৰ পাছত ১১ ধৰণৰ বিভিন্ন সমস্যাৰ কথা জানিব পৰা হৈছে বুলিও মন্তব্য চিকিৎসকৰ। ইয়াৰে ভিতৰত অৱসাদ, খ্যাদ্যভাষৰ পৰিৱৰ্তনসহ একাধিক সমস্যা দেখা গৈছে।


গৱেষণাত প্ৰকাশ পোৱা মতে, সংগৃহীত ৩ হাজাৰ নমুনাৰ ভিতৰত ৪৮০ অৰ্থাৎ ১৬ শতাংশত তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পাইছে। ক’ভিড নিগেটিভ ৰিপ’ৰ্ট অহাৰ কিছুদিনৰ পাছত দুৰ্বলতাই দেখা দিছিল ৮৪০জনৰ। ইয়াৰোপৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যা, উচ্চ ৰক্তচাপ, ব্লেক ফাংগাছ ইত্যাদি সমস্যাই দেখা দিছে ক’ভিডজয়ী সকলৰ মাজত। ক’ভিডজয়ী সকলৰ মাজত দেখা দিয়া এই সমস্যাক লৈ স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে দেশৰ চিকিৎসকসকল। প্ৰত্যেককে স্বাস্থ্যৰ উপযুক্ত যত্নৰ পৰামৰ্শ প্ৰদান চিকিৎসকলৰ।ইফালে দেশত পুনৰ বৃদ্ধি পাইছে কৰ’নাক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৪৮,৭৮৬জন। উদ্বেগ বৃদ্ধি কৰিছে মৃত্যুৰ পৰিসংখ্যাই। ১০০৫ জনৰ মৃত্যু হৈছে বিগত ২৪ ঘণ্টাত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ