--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ’নাৰ পৰা আৰোগ্যলাভৰ পাছতো নিস্তাৰ নাই মানৱকুলৰ। ক’ভিডজয়ীৰ শৰীৰত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ব্লাড ছুগাৰৰ পৰিমাণ। পাটনাস্থিত এইমছৰ গৱেষকে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য।উল্লেখ্য যে, পাটনাস্থিত এইমছৰ গৱেষকসকলে ক’ভিডোত্তৰ কালত দেখা দিব পৰা সমস্যা সম্পৰ্কে গৱেষণা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এই গৱেষণাৰ বাবে ৩ হাজাৰ ৰোগীৰ নমুনা সংগ্ৰহ কৰা হৈছিল। টেলিফোনযোগে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে চিকিৎসকে।

ক’ভিডমুক্ত হোৱাৰ পাছত তেওঁলোকে কিদৰে আছে বুলি প্ৰশ্ন চিকিৎসকৰ। পোষ্ট ট্ৰমা বিভাগ তথা কমিউনিটী আউটৰিছ দফতৰৰ মুৰব্বী প্ৰধান ডাঃ অনীল কুমাৰে জানিবলৈ দিয়া মতে, কৰ’নাৰ দ্বিতীয় ঢৌত ক’ভিডাক্ৰান্তসকলৰ ওপৰতহে এই গৱেষণা চলোৱা হৈছিল। ক’ভিড জয়ীসকলৰ সৈতে কথা পতাৰ পাছত ১১ ধৰণৰ বিভিন্ন সমস্যাৰ কথা জানিব পৰা হৈছে বুলিও মন্তব্য চিকিৎসকৰ। ইয়াৰে ভিতৰত অৱসাদ, খ্যাদ্যভাষৰ পৰিৱৰ্তনসহ একাধিক সমস্যা দেখা গৈছে।


গৱেষণাত প্ৰকাশ পোৱা মতে, সংগৃহীত ৩ হাজাৰ নমুনাৰ ভিতৰত ৪৮০ অৰ্থাৎ ১৬ শতাংশত তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পাইছে। ক’ভিড নিগেটিভ ৰিপ’ৰ্ট অহাৰ কিছুদিনৰ পাছত দুৰ্বলতাই দেখা দিছিল ৮৪০জনৰ। ইয়াৰোপৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যা, উচ্চ ৰক্তচাপ, ব্লেক ফাংগাছ ইত্যাদি সমস্যাই দেখা দিছে ক’ভিডজয়ী সকলৰ মাজত। ক’ভিডজয়ী সকলৰ মাজত দেখা দিয়া এই সমস্যাক লৈ স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে দেশৰ চিকিৎসকসকল। প্ৰত্যেককে স্বাস্থ্যৰ উপযুক্ত যত্নৰ পৰামৰ্শ প্ৰদান চিকিৎসকলৰ।ইফালে দেশত পুনৰ বৃদ্ধি পাইছে কৰ’নাক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৪৮,৭৮৬জন। উদ্বেগ বৃদ্ধি কৰিছে মৃত্যুৰ পৰিসংখ্যাই। ১০০৫ জনৰ মৃত্যু হৈছে বিগত ২৪ ঘণ্টাত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু