--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পথৰ কুকুৰক খাদ্যযোগান ধৰাৰ বাবেই দিল্লীৰ এটা আৱাসিক এলেকাত সৃষ্টি হ’ল সংঘাতৰ। পৰৱৰ্তী সময়ত দুয়োপক্ষৰ মাজত সংঘটিত হোৱা সংঘাত আদলতৰ মজিয়া পায়গৈ। একপক্ষৰ দাবী যে, তেওঁলোকৰ বাসগৃহৰ সন্মুখতে কুকুৰক খাদ্যযোগান ধৰাটো বন্ধ কৰিব লাগে। এই কাৰ্যৰ দ্বাৰা তেওঁলোক অসুবিধাৰ সন্মুখীন হৈছে!

আনহাতে, আনটো পক্ষই দাবী কৰে যে, পথৰ কুকুৰক তেওঁলোকে নিয়মিতভাৱে খাদ্য যোগান ধৰিব বিচাৰে। এই ব্যতিক্ৰমী সংঘাত সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। ন্যায়ালয়ৰ ৰায় অনুসৰি, পথৰ কুকুৰৰো আছে খাদ্যৰ অধিকাৰ। একেদৰে কুকুৰক খাদ্যযোগান ধৰাৰো অধিকাৰ আছে সাধাৰণ ৰাইজৰ। গতিকে এইক্ষেত্ৰত যাতে কোনো লোক অসুবিধাত নপৰে, তাৰ প্ৰতি নজৰ ৰাখিব আদালতে। সকলো দিশৰ ওপৰত লক্ষ্য ৰাখি পদপথৰ কুকুৰক খাদ্য যোগানৰ বাবে স্থানীয় পৌৰসভাৰ লগত আলোচনা কৰি এটা নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰিবলৈ ‘এনিমেল ৱেলফেয়াৰ ব’ৰ্ড’ক আদালতে নিৰ্দেশ দিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জে আৰ মিধাই কয় যে, ‘পদপথৰ কুকুৰৰো খাদ্য লাভৰ অধিকাৰ আছে। সাধাৰণ জনতাৰো খাদ্য যোগান ধৰাৰ অধিকাৰ আছে। কিন্তু কোনো লোকৰ অসুবিধা নোহোৱাকৈ যোগান ধৰিব লাগিব খাদ্য।’ইফালে, খাদ্যযোগানৰ ক্ষেত্ৰত নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰিছে আদলতে। এই সন্দৰ্ভত এখন কমিটীও গঠন কৰা হৈছে। কমিটীখনত থাকিব প্ৰাণী সম্পদ বিকাশ বিভাগৰ এজন বিষয়া, স্থানীয় পৌৰসভাৰ এজন প্ৰতিনিধিৰ লগতে এ ডব্লিউ বি আই কাউন্সিলৰ মনীষা শৰ্মা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ