--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পথৰ কুকুৰক খাদ্যযোগান ধৰাৰ বাবেই দিল্লীৰ এটা আৱাসিক এলেকাত সৃষ্টি হ’ল সংঘাতৰ। পৰৱৰ্তী সময়ত দুয়োপক্ষৰ মাজত সংঘটিত হোৱা সংঘাত আদলতৰ মজিয়া পায়গৈ। একপক্ষৰ দাবী যে, তেওঁলোকৰ বাসগৃহৰ সন্মুখতে কুকুৰক খাদ্যযোগান ধৰাটো বন্ধ কৰিব লাগে। এই কাৰ্যৰ দ্বাৰা তেওঁলোক অসুবিধাৰ সন্মুখীন হৈছে!

আনহাতে, আনটো পক্ষই দাবী কৰে যে, পথৰ কুকুৰক তেওঁলোকে নিয়মিতভাৱে খাদ্য যোগান ধৰিব বিচাৰে। এই ব্যতিক্ৰমী সংঘাত সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। ন্যায়ালয়ৰ ৰায় অনুসৰি, পথৰ কুকুৰৰো আছে খাদ্যৰ অধিকাৰ। একেদৰে কুকুৰক খাদ্যযোগান ধৰাৰো অধিকাৰ আছে সাধাৰণ ৰাইজৰ। গতিকে এইক্ষেত্ৰত যাতে কোনো লোক অসুবিধাত নপৰে, তাৰ প্ৰতি নজৰ ৰাখিব আদালতে। সকলো দিশৰ ওপৰত লক্ষ্য ৰাখি পদপথৰ কুকুৰক খাদ্য যোগানৰ বাবে স্থানীয় পৌৰসভাৰ লগত আলোচনা কৰি এটা নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰিবলৈ ‘এনিমেল ৱেলফেয়াৰ ব’ৰ্ড’ক আদালতে নিৰ্দেশ দিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জে আৰ মিধাই কয় যে, ‘পদপথৰ কুকুৰৰো খাদ্য লাভৰ অধিকাৰ আছে। সাধাৰণ জনতাৰো খাদ্য যোগান ধৰাৰ অধিকাৰ আছে। কিন্তু কোনো লোকৰ অসুবিধা নোহোৱাকৈ যোগান ধৰিব লাগিব খাদ্য।’ইফালে, খাদ্যযোগানৰ ক্ষেত্ৰত নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰিছে আদলতে। এই সন্দৰ্ভত এখন কমিটীও গঠন কৰা হৈছে। কমিটীখনত থাকিব প্ৰাণী সম্পদ বিকাশ বিভাগৰ এজন বিষয়া, স্থানীয় পৌৰসভাৰ এজন প্ৰতিনিধিৰ লগতে এ ডব্লিউ বি আই কাউন্সিলৰ মনীষা শৰ্মা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু