--°C
Loading...
Listen to Article
2 min read
80%

ভূপাল : সন্তানৰ স্কুলৰ মাচুল ৰেহাই বিচাৰি মন্ত্ৰীৰ কাষলৈ যোৱাৰ কথা ভাবিছে নেকি? যদি ভাবিছে সাৱধানে যাওক। কাৰণ মন্ত্ৰীয়ে আপোনাক প্ৰৰোচিত কৰিব পাৰে মৰাৰ বাবে। এই ঘটনাই এতিয়া সংঘটিত হৈছে আৰু তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দেশত। এগৰাকী শিক্ষামন্ত্ৰীয়ে তেওঁৰ ওচৰলৈ সন্তানৰ স্কুলৰ অতিৰিক্ত মাছুল ৰেহাইৰ আবেদন লৈ যোৱা একাংশ অভিভাৱকক এই বুলি প্ৰত্যুত্তৰ দিয়ে, ‘মাছুল দিব নোৱাৰিলে মৰা যি কৰা তাকে কৰা…’। মন্ত্ৰীগৰাকীৰ এনে দুৰ্ব্যৱহাৰক লৈ প্ৰবল বিতৰ্কৰ সূত্ৰপাত হৈছে।

ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। মধ্যপ্ৰদেশৰ স্কুল শিক্ষা মন্ত্ৰী ইন্দৰ সিং পাৰমাৰৰ ওচৰলৈ গৈছিল ভূপালৰ অভিভাৱক সংস্থাৰ একাংশ প্ৰতিনিধি। বিদ্যালয়ে অত্যধিক মাছুল সংগ্ৰহ কৰা সম্পৰ্কীয় অভিযোগ লৈ মন্ত্ৰীগৰাকীৰ কাষলৈ গৈছিল অভিভাৱকসকল। যেতিয়া অভিভাৱকসকলে তেওঁ সুধিছিল যে, শিক্ষা বিভাগে যদি তেওঁলোকৰ আবেদন অগ্ৰাহ্য কৰে তেন্তে তেওঁলোকে কি কৰা উচিত?

তেতিয়া মন্ত্ৰীগৰাকীয়ে ‘মৰো যাও…’ অৰ্থাৎ ‘যোৱা মৰাগৈ…’ বুলি মন্তব্য কৰে। তাৰ পাছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী কংগ্ৰেছ আৰু অভিভাৱকসকল। তেওঁলোকে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক মন্ত্ৰীপদৰ পৰা পাৰমাৰক অপসাৰণ কৰিবলৈ দাবী জনাইছে যদিহে তেওঁ নিজে পদত্যাগ নকৰে।

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে বিদ্যালয়বোৰক মহামাৰীৰ সময়ছোৱাত কেৱল টিউচন ফিজহে ল’বলৈ নিৰ্দেশ দিছিল যদিও এই নিৰ্দেশ অমান্য কৰি ভালেমান বিদ্যালয়ে উচ্চ হাৰত মাচুল লৈ থকাৰ অভিযোগ উঠিছে। এই অভিযোগকে লৈ মন্ত্ৰী পাৰমাৰৰ ভূপালৰ চৰকাৰী বাসগৃহত তেওঁক লগ ধৰিছিল প্ৰায় ১০০গৰাকী অভিভাৱকে। কিন্তু তেওঁলোকক চূড়ান্তভাৱে অপমান কৰি মন্ত্ৰী পাৰমাৰে কৈছিল যে, ‘যি কৰা তাকে কৰা, যোৱা মৰাগৈ…’। এগৰাকী মন্ত্ৰীৰ এই আচৰণক লৈ এতিয়া বিতৰ্ক তুংগত উঠিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ