--°C
Loading...
Listen to Article
2 min read
80%

ভূপাল : সন্তানৰ স্কুলৰ মাচুল ৰেহাই বিচাৰি মন্ত্ৰীৰ কাষলৈ যোৱাৰ কথা ভাবিছে নেকি? যদি ভাবিছে সাৱধানে যাওক। কাৰণ মন্ত্ৰীয়ে আপোনাক প্ৰৰোচিত কৰিব পাৰে মৰাৰ বাবে। এই ঘটনাই এতিয়া সংঘটিত হৈছে আৰু তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দেশত। এগৰাকী শিক্ষামন্ত্ৰীয়ে তেওঁৰ ওচৰলৈ সন্তানৰ স্কুলৰ অতিৰিক্ত মাছুল ৰেহাইৰ আবেদন লৈ যোৱা একাংশ অভিভাৱকক এই বুলি প্ৰত্যুত্তৰ দিয়ে, ‘মাছুল দিব নোৱাৰিলে মৰা যি কৰা তাকে কৰা…’। মন্ত্ৰীগৰাকীৰ এনে দুৰ্ব্যৱহাৰক লৈ প্ৰবল বিতৰ্কৰ সূত্ৰপাত হৈছে।

ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। মধ্যপ্ৰদেশৰ স্কুল শিক্ষা মন্ত্ৰী ইন্দৰ সিং পাৰমাৰৰ ওচৰলৈ গৈছিল ভূপালৰ অভিভাৱক সংস্থাৰ একাংশ প্ৰতিনিধি। বিদ্যালয়ে অত্যধিক মাছুল সংগ্ৰহ কৰা সম্পৰ্কীয় অভিযোগ লৈ মন্ত্ৰীগৰাকীৰ কাষলৈ গৈছিল অভিভাৱকসকল। যেতিয়া অভিভাৱকসকলে তেওঁ সুধিছিল যে, শিক্ষা বিভাগে যদি তেওঁলোকৰ আবেদন অগ্ৰাহ্য কৰে তেন্তে তেওঁলোকে কি কৰা উচিত?

তেতিয়া মন্ত্ৰীগৰাকীয়ে ‘মৰো যাও…’ অৰ্থাৎ ‘যোৱা মৰাগৈ…’ বুলি মন্তব্য কৰে। তাৰ পাছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী কংগ্ৰেছ আৰু অভিভাৱকসকল। তেওঁলোকে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক মন্ত্ৰীপদৰ পৰা পাৰমাৰক অপসাৰণ কৰিবলৈ দাবী জনাইছে যদিহে তেওঁ নিজে পদত্যাগ নকৰে।

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে বিদ্যালয়বোৰক মহামাৰীৰ সময়ছোৱাত কেৱল টিউচন ফিজহে ল’বলৈ নিৰ্দেশ দিছিল যদিও এই নিৰ্দেশ অমান্য কৰি ভালেমান বিদ্যালয়ে উচ্চ হাৰত মাচুল লৈ থকাৰ অভিযোগ উঠিছে। এই অভিযোগকে লৈ মন্ত্ৰী পাৰমাৰৰ ভূপালৰ চৰকাৰী বাসগৃহত তেওঁক লগ ধৰিছিল প্ৰায় ১০০গৰাকী অভিভাৱকে। কিন্তু তেওঁলোকক চূড়ান্তভাৱে অপমান কৰি মন্ত্ৰী পাৰমাৰে কৈছিল যে, ‘যি কৰা তাকে কৰা, যোৱা মৰাগৈ…’। এগৰাকী মন্ত্ৰীৰ এই আচৰণক লৈ এতিয়া বিতৰ্ক তুংগত উঠিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু