--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ জুন, ১৯৮৩ চন। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত 'ৰেড লেটাৰ ডে’ । দেশৰ কোনো ক্ৰিকেট অনুৰাগীৰ বাবে এই তাৰিখটো পাহৰি যোৱাটো সম্ভৱ নহয়। শক্তিশালী ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰি ২২ গজৰ ক্ৰীজত ইতিহাস ৰচিছিল টীম ইণ্ডিয়াই। সৌজন্যত কিংবদন্তী কপিল দেৱ। 

ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছত কপিল এণ্ড কোম্পানীয়ে হাতত তুলি লৈছিল ট্ৰফী। আইপিএল ফ্ৰেঞ্চাইজী লক্ষ্ণৌ ছুপাৰ জায়েন্টছে শনিবাৰে টুইটাৰত সেই ঐতিহাসিক মুহূৰ্তৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। বিচিচিআইয়েও এই ঐতিহাসিক দিনটো স্মৰণ কৰিছে। এই জয়ৰ আঙুলিত ধৰিয়েই ভাৰতীয় ক্ৰিকেটক নৱজাগৰণৰ সূচনা হৈছিল। ইয়াৰ পিছতে বিশ্ব ক্ৰিকেটৰ মানচিত্ৰত ক্ৰমাত উজ্জীৱিত হ’বলৈ ধৰে ভাৰতীয় ক্ৰিকেট।

স্মৰ্তব্য যে, লয়েডেৰ ৱেষ্ট ইণ্ডিজে টছত জয়লাভ কৰি বেটিংৰ বাবে অনুমোদন জনায় ভাৰতক। কিন্তু চূড়ান্ত বেটিং পতনৰ বাবে ভাৰতে ১৮৩ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। কৃষ্ণমাচাৰী শ্ৰীকান্ত আছিল ভাৰতৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী বেটাৰ। দলটোৰ হৈ তেওঁ ৩৮ ৰান সংগ্ৰহ কৰে। সন্দীপ পাটিলৰ বেটৰ পৰা আহিছিল ২৭ ৰান। 

বেটিং মহাৰথী সুনীল গাভাস্কাৰে মাত্ৰ ২ ৰানতে পেভেলীয়নমুখী হ’বলগীয়া হৈছিল। কিংবদন্তী কপিল দেৱৰ বেটৰ পৰা আহিছিল ১৫ ৰান। মহিন্দৰ অমৰনাথ আৰু মদন লালে তিনিটা উইকেট দখল কৰি কেৰিবিয়ান বেটিং লাইনআপ তচনচ কৰে। ৪৩ ৰানৰ ব্যৱধানত জয়লাভ কৰিছিল ভাৰতে। ৮৩-ৰ বিশ্বকাপ জয়ৰ ২৮ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰিবলৈ সক্ষম হয় ভাৰতে। এম এছ ধোনীৰ দলটোৱে ঘৰুৱা মাটিত শ্ৰীলংকাক হুৰুৱাই পুনৰ বিশ্বকাপ জয়ৰ সোণালী মুহূৰ্তৰ সাক্ষী হোৱাৰ সুযোগ প্ৰদান কৰিছিল দেশবাসীক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু