--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ জুন, ১৯৮৩ চন। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত 'ৰেড লেটাৰ ডে’ । দেশৰ কোনো ক্ৰিকেট অনুৰাগীৰ বাবে এই তাৰিখটো পাহৰি যোৱাটো সম্ভৱ নহয়। শক্তিশালী ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰি ২২ গজৰ ক্ৰীজত ইতিহাস ৰচিছিল টীম ইণ্ডিয়াই। সৌজন্যত কিংবদন্তী কপিল দেৱ। 

ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছত কপিল এণ্ড কোম্পানীয়ে হাতত তুলি লৈছিল ট্ৰফী। আইপিএল ফ্ৰেঞ্চাইজী লক্ষ্ণৌ ছুপাৰ জায়েন্টছে শনিবাৰে টুইটাৰত সেই ঐতিহাসিক মুহূৰ্তৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। বিচিচিআইয়েও এই ঐতিহাসিক দিনটো স্মৰণ কৰিছে। এই জয়ৰ আঙুলিত ধৰিয়েই ভাৰতীয় ক্ৰিকেটক নৱজাগৰণৰ সূচনা হৈছিল। ইয়াৰ পিছতে বিশ্ব ক্ৰিকেটৰ মানচিত্ৰত ক্ৰমাত উজ্জীৱিত হ’বলৈ ধৰে ভাৰতীয় ক্ৰিকেট।

স্মৰ্তব্য যে, লয়েডেৰ ৱেষ্ট ইণ্ডিজে টছত জয়লাভ কৰি বেটিংৰ বাবে অনুমোদন জনায় ভাৰতক। কিন্তু চূড়ান্ত বেটিং পতনৰ বাবে ভাৰতে ১৮৩ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। কৃষ্ণমাচাৰী শ্ৰীকান্ত আছিল ভাৰতৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী বেটাৰ। দলটোৰ হৈ তেওঁ ৩৮ ৰান সংগ্ৰহ কৰে। সন্দীপ পাটিলৰ বেটৰ পৰা আহিছিল ২৭ ৰান। 

বেটিং মহাৰথী সুনীল গাভাস্কাৰে মাত্ৰ ২ ৰানতে পেভেলীয়নমুখী হ’বলগীয়া হৈছিল। কিংবদন্তী কপিল দেৱৰ বেটৰ পৰা আহিছিল ১৫ ৰান। মহিন্দৰ অমৰনাথ আৰু মদন লালে তিনিটা উইকেট দখল কৰি কেৰিবিয়ান বেটিং লাইনআপ তচনচ কৰে। ৪৩ ৰানৰ ব্যৱধানত জয়লাভ কৰিছিল ভাৰতে। ৮৩-ৰ বিশ্বকাপ জয়ৰ ২৮ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰিবলৈ সক্ষম হয় ভাৰতে। এম এছ ধোনীৰ দলটোৱে ঘৰুৱা মাটিত শ্ৰীলংকাক হুৰুৱাই পুনৰ বিশ্বকাপ জয়ৰ সোণালী মুহূৰ্তৰ সাক্ষী হোৱাৰ সুযোগ প্ৰদান কৰিছিল দেশবাসীক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ