--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৃহৎ সাফল্য৷ দেওবাৰে কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সৰ মিত্ৰজোঁটে কাৰ্গিলৰ লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি বৃহৎ বিজয় সাব্যস্ত কৰে৷ 

লাডাখত বিজেপিৰ এই পৰাজয় লোকসভা নিৰ্বাচনৰ পূৰ্বে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷ 
অনুচ্ছেদ ৩৭০ বাতিলৰ সিদ্ধান্তৰ পাছতো শেষ ৰক্ষা নহ’ল শাসকীয় বিজেপিৰ৷ অৰ্থাৎ, লাডাখত বিজেপিয়ে বা প্ৰধানমন্ত্ৰী মোদীয়ে কৈ থকা কথাবোৰক কোনোধৰণৰ গুৰুত্ব নিদিলে লাডাখবাসীয়ে৷ 

তাৰ বিপৰীতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা আৰু লাডাখ ভ্ৰমণে বিশেষ মাত্ৰা দিলে কংগ্ৰেছক৷ 

উল্লেখযোগ্য যে জম্মু-কাশ্মীৰ আৰু লাডাখক দুটা পৃথক কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ পাছত এইটো প্ৰথম স্থানীয় নিৰ্বাচন আছিল। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে দলৰ নেতা ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ক এই বিজয়ৰ কৃতিত্ব দি কয় যে এই ফলাফলে লাডাখ আৰু কাৰ্গিলত এক নতুন গণতান্ত্ৰিক পুৱাৰ সূচনা কৰিব। আমি ১০ বছৰৰ পাছত লাডাখ-কাৰ্গিল স্বায়ত্তশাসিত পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত এক সুন্দৰ বিজয় লাভ কৰিছোঁ৷ 

কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে লিখিছে যে 'ভাৰত জোড়ো যাত্ৰা'ই লাডাখ আৰু কাৰ্গিলৰ লোকসকলক তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে কংগ্ৰেছ আৰু ভাৰতৰ গভীৰ উদ্বেগ আছে, আৰু তেওঁলোকৰ গণতান্ত্ৰিক অনুভূতিক মাত দিয়াৰ প্ৰয়োজনীয়তা প্ৰদান কৰিছে।

স্মৰ্তব্য যে কংগ্ৰেছ-নেচনেল কনফাৰেন্স মিত্ৰজোঁটে ২৬ খন আসনৰ ভিতৰত ২২ খন আসন লাভ কৰিছে। বিজেপিয়ে মাত্ৰ দুখন আসনহে জিকিবলৈ সক্ষম হৈছিল আৰু দুখনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ