--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৃহৎ সাফল্য৷ দেওবাৰে কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সৰ মিত্ৰজোঁটে কাৰ্গিলৰ লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি বৃহৎ বিজয় সাব্যস্ত কৰে৷ 

লাডাখত বিজেপিৰ এই পৰাজয় লোকসভা নিৰ্বাচনৰ পূৰ্বে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷ 
অনুচ্ছেদ ৩৭০ বাতিলৰ সিদ্ধান্তৰ পাছতো শেষ ৰক্ষা নহ’ল শাসকীয় বিজেপিৰ৷ অৰ্থাৎ, লাডাখত বিজেপিয়ে বা প্ৰধানমন্ত্ৰী মোদীয়ে কৈ থকা কথাবোৰক কোনোধৰণৰ গুৰুত্ব নিদিলে লাডাখবাসীয়ে৷ 

তাৰ বিপৰীতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা আৰু লাডাখ ভ্ৰমণে বিশেষ মাত্ৰা দিলে কংগ্ৰেছক৷ 

উল্লেখযোগ্য যে জম্মু-কাশ্মীৰ আৰু লাডাখক দুটা পৃথক কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ পাছত এইটো প্ৰথম স্থানীয় নিৰ্বাচন আছিল। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে দলৰ নেতা ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ক এই বিজয়ৰ কৃতিত্ব দি কয় যে এই ফলাফলে লাডাখ আৰু কাৰ্গিলত এক নতুন গণতান্ত্ৰিক পুৱাৰ সূচনা কৰিব। আমি ১০ বছৰৰ পাছত লাডাখ-কাৰ্গিল স্বায়ত্তশাসিত পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত এক সুন্দৰ বিজয় লাভ কৰিছোঁ৷ 

কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে লিখিছে যে 'ভাৰত জোড়ো যাত্ৰা'ই লাডাখ আৰু কাৰ্গিলৰ লোকসকলক তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে কংগ্ৰেছ আৰু ভাৰতৰ গভীৰ উদ্বেগ আছে, আৰু তেওঁলোকৰ গণতান্ত্ৰিক অনুভূতিক মাত দিয়াৰ প্ৰয়োজনীয়তা প্ৰদান কৰিছে।

স্মৰ্তব্য যে কংগ্ৰেছ-নেচনেল কনফাৰেন্স মিত্ৰজোঁটে ২৬ খন আসনৰ ভিতৰত ২২ খন আসন লাভ কৰিছে। বিজেপিয়ে মাত্ৰ দুখন আসনহে জিকিবলৈ সক্ষম হৈছিল আৰু দুখনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু