--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএগৰাকী মহিলা সাংবাদিকৰ কামে এতিয়া ছ’চিয়েল মিডিয়াত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ  ৯ জুলাইত ঈদৰ দিনা পাকিস্তানী মহিলা সাংবাদিকগৰাকীয়ে ঈদ সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ  কৰি আছিল। মহিলা সাংবাদিকগৰাকীক আগুৰি কৌতূহলী লোকে ভিৰ কৰিছিল। সাংবাদিকজনে পোনপটীয়া সম্প্ৰচাৰ কৰি থকাৰ সময়তে হঠাতে এজন ডেকা লৰাই কেমেৰাৰ সন্মুখত হাত জোকাৰি দূৰত থিয় হৈ থকা কাৰোবাক কিবা ক'লে। তাৰ পিছত, মহিলা সাংবাদিকগৰাকীয়ে নিজকে চম্ভালি  ৰাখিব নোৱাৰিলে। 

তেওঁ লগে লগে যুৱ জনক পূৰ্ণহতীয়া চৰ শোধায়। চৰ শোধোৱাৰ দৃশ্যৰ ভিডিঅ’ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

 ভিডিঅ'টো টুইটাৰতো শ্বেয়াৰ কৰা হৈছে। ভাইৰেল ভিডিঅ'টো @ItxMeKarma নামৰ এটা প্ৰ'ফাইলৰ পৰা টুইটাৰত শ্বেয়াৰ কৰা দেখা গৈছে। নেটিজেনে যুৱক জনক চৰ মৰাৰ বিষয়ত নানান কথা ভাবি উলিয়াইছে। সাংবাদিকগৰাকীয়ে  লৰা জনক কিয় চৰ মাৰিছিল? 

নেটিজেনসকলৰ এটা অংশৰ মতে, ল’ৰাজনে নিশ্চয় কিছু বেয়া ভাষা ব্যৱহাৰ কৰিছিল। সেইকাৰণে সাংবাদিকজনে খঙতে তেওঁক চৰ  মাৰে। 

জানিব পৰা মতে মহিলা সাংবাদিকগৰাকীৰ নাম মাইৰা হাছমী। নেটিজেনসকলৰ এটা অংশই জনপ্ৰিয় সাংবাদিকগৰাকীৰ এনে আচৰণক গৰিহণা দিছে।  ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা মহিলা সাংবাদিকগৰাকীৰ কাৰ্য দেখি সকলোৱে হতবাক হৈ পৰিছে। 

বহুতে কৈছে সংবাদ সেৱাৰ দৰে কামত জৰিত থকাসকলে নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ জানিব লাগে। মহিলা সাংবাদিকগৰাকীয়ে কিন্তু তেওঁক কৰা সমালোচনাৰ কোনো উত্তৰ দিয়া নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ