--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএগৰাকী মহিলা সাংবাদিকৰ কামে এতিয়া ছ’চিয়েল মিডিয়াত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ  ৯ জুলাইত ঈদৰ দিনা পাকিস্তানী মহিলা সাংবাদিকগৰাকীয়ে ঈদ সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ  কৰি আছিল। মহিলা সাংবাদিকগৰাকীক আগুৰি কৌতূহলী লোকে ভিৰ কৰিছিল। সাংবাদিকজনে পোনপটীয়া সম্প্ৰচাৰ কৰি থকাৰ সময়তে হঠাতে এজন ডেকা লৰাই কেমেৰাৰ সন্মুখত হাত জোকাৰি দূৰত থিয় হৈ থকা কাৰোবাক কিবা ক'লে। তাৰ পিছত, মহিলা সাংবাদিকগৰাকীয়ে নিজকে চম্ভালি  ৰাখিব নোৱাৰিলে। 

তেওঁ লগে লগে যুৱ জনক পূৰ্ণহতীয়া চৰ শোধায়। চৰ শোধোৱাৰ দৃশ্যৰ ভিডিঅ’ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

 ভিডিঅ'টো টুইটাৰতো শ্বেয়াৰ কৰা হৈছে। ভাইৰেল ভিডিঅ'টো @ItxMeKarma নামৰ এটা প্ৰ'ফাইলৰ পৰা টুইটাৰত শ্বেয়াৰ কৰা দেখা গৈছে। নেটিজেনে যুৱক জনক চৰ মৰাৰ বিষয়ত নানান কথা ভাবি উলিয়াইছে। সাংবাদিকগৰাকীয়ে  লৰা জনক কিয় চৰ মাৰিছিল? 

নেটিজেনসকলৰ এটা অংশৰ মতে, ল’ৰাজনে নিশ্চয় কিছু বেয়া ভাষা ব্যৱহাৰ কৰিছিল। সেইকাৰণে সাংবাদিকজনে খঙতে তেওঁক চৰ  মাৰে। 

জানিব পৰা মতে মহিলা সাংবাদিকগৰাকীৰ নাম মাইৰা হাছমী। নেটিজেনসকলৰ এটা অংশই জনপ্ৰিয় সাংবাদিকগৰাকীৰ এনে আচৰণক গৰিহণা দিছে।  ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা মহিলা সাংবাদিকগৰাকীৰ কাৰ্য দেখি সকলোৱে হতবাক হৈ পৰিছে। 

বহুতে কৈছে সংবাদ সেৱাৰ দৰে কামত জৰিত থকাসকলে নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ জানিব লাগে। মহিলা সাংবাদিকগৰাকীয়ে কিন্তু তেওঁক কৰা সমালোচনাৰ কোনো উত্তৰ দিয়া নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ