--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিসংগতাই মানুহক কেতিয়াবা বৰকৈ দুখ দি যায়। মনৰ কথা কাকো খুলি ক’ব নোৱাৰাৰ দুখত বুকুৰ ভিতৰতে কথাবোৰ জমা হৈ হৈ বুকুৰ বিষ বঢ়ায়। সকলো মানুহেই সংগী বিচাৰে। আপোন মানুহৰ সুখ দুখৰ সংগী হৈ জীৱনটো একেলগে উপভোগ কৰিব বিচাৰে। বিশেষকৈ জীৱনৰ এটা বয়সত মানুহে একাকীত্বত ভুগে, যিয়ে মানুহক হতাশ কৰি তোলে। নিংসগতা দূৰ কৰিবলৈকে এজন ৬২ বছৰীয়া ব্যক্তিয়ে ৫৪ বছৰীয়া এগৰাকী মহিলাক বিয়া কৰায়। 

বাংলাদেশৰ বনাৰিপাৰা উপজিলাৰ চাখৰ ইউনিয়নৰ সোণাহৰ গাঁৱত প্ৰধানমন্ত্ৰী আশ্ৰয় প্ৰকল্পত অনুষ্ঠিত হোৱা এই বিয়াখনত হাজাৰ হাজাৰ লোক উপস্থিত আছিল।দৰাৰ নাম আশ্ৰফ আলী আৰু কইনাৰ নাম বানু বেগম। আশ্ৰফ আলী আছিল অবিবাহিত আৰু বানু বেগম আছিল স্বামীহীনা। বানুৰ এজনী কন্যা আছে আৰু আশ্ৰফ আলী আছিল একেবাৰে অকলশৰীয়া। 

হঠাতে পৰিচয় ঘটে দুয়োৰে। সেই পৰিচয়ে ক্ৰমে ঘনিষ্ঠতাৰ ৰূপ লয়। দুয়ো নিজকে বৰ নিসংগ যেন অনুভৱ কৰিছিল। এই নিংসগতা দূৰ কৰিবলৈকে দুয়ো দুয়োৰে সংগী হোৱাৰ সিদ্ধান্ত লয়। নানা বাধা অতিক্ৰম কৰি দুয়ো এক হোৱাৰ সিদ্ধান্ত ল’লে। অৱশেষত তেওঁলোকৰ বিবাহ অতি আড়ম্বৰপূৰ্ণ পৰিৱেশত সম্পন্ন হৈ যায়। জীৱনৰ বাকী থকা কালছোৱা একেলগে উপভোগ কৰাৰ বাবে দুয়ো সিদ্ধান্ত লয়।

আশ্ৰফ আলীয়ে নিসংগ জীৱন কটাই আমনি পোৱা হৈছিল। তেওঁ অৱশেষত উপলব্ধি কৰিলে যে মানুহক সংগীৰ বৰ প্ৰয়োজন। সেয়েহে ৬২ বছৰ হ'ল যদিও মনে মিলা এগৰাকী মহিলাক বিয়া পাতিবৰ বাবে তেওঁ আগবাঢ়ি আহিল। আশ্ৰফ আলী আৰু বানু বেগমে সুখী বৈবাহিক জীৱনৰ বাবে সকলোৰে পৰা  আশীৰ্বাদ কামনা কৰে। উপস্থিত থকা সকলো লোকেই দুয়োকে যুগ্ম জীৱনৰ আশীৰ্বাদ আৰু শুভকামনা জ্ঞাপন কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে