--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিসংগতাই মানুহক কেতিয়াবা বৰকৈ দুখ দি যায়। মনৰ কথা কাকো খুলি ক’ব নোৱাৰাৰ দুখত বুকুৰ ভিতৰতে কথাবোৰ জমা হৈ হৈ বুকুৰ বিষ বঢ়ায়। সকলো মানুহেই সংগী বিচাৰে। আপোন মানুহৰ সুখ দুখৰ সংগী হৈ জীৱনটো একেলগে উপভোগ কৰিব বিচাৰে। বিশেষকৈ জীৱনৰ এটা বয়সত মানুহে একাকীত্বত ভুগে, যিয়ে মানুহক হতাশ কৰি তোলে। নিংসগতা দূৰ কৰিবলৈকে এজন ৬২ বছৰীয়া ব্যক্তিয়ে ৫৪ বছৰীয়া এগৰাকী মহিলাক বিয়া কৰায়। 

বাংলাদেশৰ বনাৰিপাৰা উপজিলাৰ চাখৰ ইউনিয়নৰ সোণাহৰ গাঁৱত প্ৰধানমন্ত্ৰী আশ্ৰয় প্ৰকল্পত অনুষ্ঠিত হোৱা এই বিয়াখনত হাজাৰ হাজাৰ লোক উপস্থিত আছিল।দৰাৰ নাম আশ্ৰফ আলী আৰু কইনাৰ নাম বানু বেগম। আশ্ৰফ আলী আছিল অবিবাহিত আৰু বানু বেগম আছিল স্বামীহীনা। বানুৰ এজনী কন্যা আছে আৰু আশ্ৰফ আলী আছিল একেবাৰে অকলশৰীয়া। 

হঠাতে পৰিচয় ঘটে দুয়োৰে। সেই পৰিচয়ে ক্ৰমে ঘনিষ্ঠতাৰ ৰূপ লয়। দুয়ো নিজকে বৰ নিসংগ যেন অনুভৱ কৰিছিল। এই নিংসগতা দূৰ কৰিবলৈকে দুয়ো দুয়োৰে সংগী হোৱাৰ সিদ্ধান্ত লয়। নানা বাধা অতিক্ৰম কৰি দুয়ো এক হোৱাৰ সিদ্ধান্ত ল’লে। অৱশেষত তেওঁলোকৰ বিবাহ অতি আড়ম্বৰপূৰ্ণ পৰিৱেশত সম্পন্ন হৈ যায়। জীৱনৰ বাকী থকা কালছোৱা একেলগে উপভোগ কৰাৰ বাবে দুয়ো সিদ্ধান্ত লয়।

আশ্ৰফ আলীয়ে নিসংগ জীৱন কটাই আমনি পোৱা হৈছিল। তেওঁ অৱশেষত উপলব্ধি কৰিলে যে মানুহক সংগীৰ বৰ প্ৰয়োজন। সেয়েহে ৬২ বছৰ হ'ল যদিও মনে মিলা এগৰাকী মহিলাক বিয়া পাতিবৰ বাবে তেওঁ আগবাঢ়ি আহিল। আশ্ৰফ আলী আৰু বানু বেগমে সুখী বৈবাহিক জীৱনৰ বাবে সকলোৰে পৰা  আশীৰ্বাদ কামনা কৰে। উপস্থিত থকা সকলো লোকেই দুয়োকে যুগ্ম জীৱনৰ আশীৰ্বাদ আৰু শুভকামনা জ্ঞাপন কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি