--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত এইকেইদিন পাকিস্তানী সাংবাদিক আৰুষা আলমৰ নাম চৰ্চাত আহি আছে। আৰুষা আলমৰ সাঙুৰ খায় পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ সৈতে। অমৰিন্দৰ সিঙৰ এগৰাকী মহিলা বন্ধু আৰুষা আলম।

শেহতীয়াকৈ পঞ্জাৱৰ উপ মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধৱাই ISIৰ সৈতে আৰুষা আলম আৰু অমৰিন্দৰ সিঙৰ সম্পৰ্ক আছিল বুলি কৈছিল। কেৱল সেয়াই নহয়, ৰন্ধাৱাই আনকি আৰুষা আলম আৰু অমৰিন্দৰ সিঙৰ সম্পৰ্কক লৈ কয় যে,''শিখ ধৰ্মত পত্নীৰ বাহিৰে অন্য নাৰীৰ সৈতে 'প্ৰেমৰ সম্পৰ্ক' অনুমোদিত নহয়।আনকি গুৰবানীতো আন এগৰাকী মহিলাৰ সৈতে বাস কৰাটো ভুল বুলি গণ্য কৰা হয়।'' কেপ্টেইন আৰু মই আমেৰিকা যুক্তৰাষ্ট্ৰত আৰুষা আলমৰ বিষয়টোক লৈও যুঁজ কৰিছিলোঁ।'

পাকিস্তানী সাংবাদিক আৰুষা আলম

সুখজিন্দৰ সিং ৰন্ধৱাৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰুষা আলমে কয় যে কেপ্টেইন অমৰিন্দৰ সিং মোৰ কেৱল এগৰাকী ভাল বন্ধু, প্ৰেমিক নহয়। যেতিয়া আমি প্ৰথম লগ পাইছিলো তেতিয়া মোৰ বয়স আছিল ৫৬ আৰু তেওঁৰ বয়স আছিল ৬৬ বছৰ। এনে বয়সত আমি প্ৰেমৰ সন্ধানত নাথাকো। অমৰিন্দৰ সিং মোৰ এজন ভাল বন্ধু, সংগী আৰু Soulmate(আত্মাৰ সংগী)। আমি জীৱনৰ এনে সময়ত লগ পাইছোঁ যত প্ৰেম, ৰোমাঞ্চ কৰাৰ বয়স নাই আৰু সেইবোৰৰ কোনো গুৰুত্বও নাই। আমি ভাল পাৰিবাৰিক বন্ধু। মই অমৰিন্দৰ সিঙৰ মাতৃ, ভগ্নী আৰু তেওঁৰ পৰিবাৰকো লগ পাইছোঁ।

আৰু পঢ়কঃ পাকিস্তানৰ বিজয়ত আনন্দ কৰা শিক্ষয়িত্ৰীক বিদ্যালয়ৰ পৰা বহিষ্কাৰ

আৰুষা আলম আৰু অমৰিন্দৰ সিং

আনহাতে নৱজ্যোৎ সিং সিদ্ধু আৰু তেওঁৰ পত্নী নৱজ্যোৎ কৌৰ সিদ্ধুও আৰুষা আলমক লৈ আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰিছে। এই সম্পৰ্কত আৰুষা আলমে কয় যে ''মানুহে যেতিয়া যি মন যায় তাকে ক’লেই নহ’ব। মুখখন আছে কাৰণেই মানুহে কথা ক’ব নালাগে। মিছা মিছা অভিযোগ যদি মোক দিব পাৰে তেন্তে সেই কাম ময়ো কৰিব পাৰোঁ।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী