--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত এইকেইদিন পাকিস্তানী সাংবাদিক আৰুষা আলমৰ নাম চৰ্চাত আহি আছে। আৰুষা আলমৰ সাঙুৰ খায় পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ সৈতে। অমৰিন্দৰ সিঙৰ এগৰাকী মহিলা বন্ধু আৰুষা আলম।

শেহতীয়াকৈ পঞ্জাৱৰ উপ মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধৱাই ISIৰ সৈতে আৰুষা আলম আৰু অমৰিন্দৰ সিঙৰ সম্পৰ্ক আছিল বুলি কৈছিল। কেৱল সেয়াই নহয়, ৰন্ধাৱাই আনকি আৰুষা আলম আৰু অমৰিন্দৰ সিঙৰ সম্পৰ্কক লৈ কয় যে,''শিখ ধৰ্মত পত্নীৰ বাহিৰে অন্য নাৰীৰ সৈতে 'প্ৰেমৰ সম্পৰ্ক' অনুমোদিত নহয়।আনকি গুৰবানীতো আন এগৰাকী মহিলাৰ সৈতে বাস কৰাটো ভুল বুলি গণ্য কৰা হয়।'' কেপ্টেইন আৰু মই আমেৰিকা যুক্তৰাষ্ট্ৰত আৰুষা আলমৰ বিষয়টোক লৈও যুঁজ কৰিছিলোঁ।'

পাকিস্তানী সাংবাদিক আৰুষা আলম

সুখজিন্দৰ সিং ৰন্ধৱাৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰুষা আলমে কয় যে কেপ্টেইন অমৰিন্দৰ সিং মোৰ কেৱল এগৰাকী ভাল বন্ধু, প্ৰেমিক নহয়। যেতিয়া আমি প্ৰথম লগ পাইছিলো তেতিয়া মোৰ বয়স আছিল ৫৬ আৰু তেওঁৰ বয়স আছিল ৬৬ বছৰ। এনে বয়সত আমি প্ৰেমৰ সন্ধানত নাথাকো। অমৰিন্দৰ সিং মোৰ এজন ভাল বন্ধু, সংগী আৰু Soulmate(আত্মাৰ সংগী)। আমি জীৱনৰ এনে সময়ত লগ পাইছোঁ যত প্ৰেম, ৰোমাঞ্চ কৰাৰ বয়স নাই আৰু সেইবোৰৰ কোনো গুৰুত্বও নাই। আমি ভাল পাৰিবাৰিক বন্ধু। মই অমৰিন্দৰ সিঙৰ মাতৃ, ভগ্নী আৰু তেওঁৰ পৰিবাৰকো লগ পাইছোঁ।

আৰু পঢ়কঃ পাকিস্তানৰ বিজয়ত আনন্দ কৰা শিক্ষয়িত্ৰীক বিদ্যালয়ৰ পৰা বহিষ্কাৰ

আৰুষা আলম আৰু অমৰিন্দৰ সিং

আনহাতে নৱজ্যোৎ সিং সিদ্ধু আৰু তেওঁৰ পত্নী নৱজ্যোৎ কৌৰ সিদ্ধুও আৰুষা আলমক লৈ আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰিছে। এই সম্পৰ্কত আৰুষা আলমে কয় যে ''মানুহে যেতিয়া যি মন যায় তাকে ক’লেই নহ’ব। মুখখন আছে কাৰণেই মানুহে কথা ক’ব নালাগে। মিছা মিছা অভিযোগ যদি মোক দিব পাৰে তেন্তে সেই কাম ময়ো কৰিব পাৰোঁ।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক