--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুত্ৰক কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ পিতৃ শ্বাহৰুখ খানৰ। যাৰ বাবে আইনী যুঁজখনক সঠিকভাৱে আগবঢ়াই নিবলৈ গোচৰটোত তৃতীয়গৰাকী অধিবক্তাৰ প্ৰৱেশ ঘটিছে। উল্লেখ যে, ইতিপূৰ্বে সতীশ মানসিন্ধে আৰু অমিত দেশাই নামৰ দুগৰাকী প্ৰখ্যাত অধিবক্তা বিফল হৈছিল শ্বাহৰুখ পুত্ৰ আৰিয়ানক জামিন মঞ্জুৰত। যাৰ বাবে এইবাৰ প্ৰেক্ষাপটত প্ৰৱেশ ঘটিছে প্ৰখ্যাত অধিবক্তা মুকুল ৰোহতগীৰ।


পিছে কোন এই মুকুল ৰোহতগী? এইগৰাকী অধিবক্তাই, ২০০২ বৰ্ষত গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত গুজৰাট চৰকাৰৰ হৈ ছুপ্ৰিম ক’ৰ্টত ন্যায়িক যুঁজত অৱতীৰ্ণ হৈছিল। অধিবক্তা মুকুল ৰোহতগীৰ পিতৃ আছিল দিল্লী হাইক’ৰ্টৰ ন্যায়াধীশ। আনহাতে ২০১৪ বৰ্ষত, দেশৰ ১৪ তম এটৰ্নী জেনেৰেল হিচাপে তদানীন্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীয়ে নিযুক্তি দিছিল মুকুল ৰোহতগীক। উল্লেখ্য যে, প্ৰখ্যাত অধিবক্তাগৰাকীয়ে মুম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা লাভ কৰিছিল আইনৰ ডিগ্ৰী।

শিক্ষা সমাপ্তিৰ পাছত, পাছলৈ দেশৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰখ্যাত আইনজ্ঞ যোগেশ কুমাৰ সভৰৱালৰ অধীনত আৰম্ভ কৰিছিল আইনৰ প্ৰেক্টিছ। যোগেশ সভৰৱালৰ জুনিয়ৰ হিচাপে কাম আৰম্ভ কৰা অধিবক্তা ৰোহতগীয়ে তাৰ পাছৰ পৰাই দোপতদোপে উন্নতি কৰিছিল আইনৰ পথাৰখনত। যাৰ সুবাদত আজিৰ তাৰিখত, মাত্ৰ এটা শুনানিত, অধিবক্তা মুকুল ৰোহতগীৰ ফীজ হৈছে ১০ লাখ টকা। এতিয়া এনে এগৰাকী নামী-দামী অধিবক্তাৰ ওচৰতে শৰণাপন্ন হৈছে বাদশ্বাহ শ্বাহৰুখ খান।

আৰিয়ান


৮ অক্টোবৰৰ পৰা পুত্ৰ আৰিয়ান আছে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত। পু্ত্ৰক মোকলাবলৈ কৰা সকলো চেষ্টাই এতিয়ালৈ কাৰ্যতঃ ব্যৰ্থ হৈছে। মঙলবাৰে উচ্চ ন্যায়ালয়ত আৰিয়ানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হৈছিল যদিও শুনানি সম্পূৰ্ণ নোহোৱাত কোনো ৰায় সন্মুখলৈ নাহিল। বুধবাৰে বিয়লিৰ পৰা পুনৰ আৰম্ভ হ’ব এই জামিন আবেদনৰ শুনানি। পুত্ৰক কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ এতিয়া অধিবক্তা মুকুল ৰোহতগীয়েই যেন হৈ পৰিছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখৰ একমাত্ৰ ভৰসা। আইনী জাল ফালি শ্বাহৰুখ তনয়ক মুকলিলৈ উলিয়াই আনিবলৈ সেইবাবে মুকুল ৰোগতগীৰ দৰে অধিবক্তাৰ প্ৰৱেশ ঘটিছে দৃশ্যপটত। এতিয়া মুকুল ৰোহতগী শ্বাহৰুখ তনয়ৰ ত্ৰানকৰ্তা হ’ব পাৰে নে নাই সেয়া বুধবাৰেহে স্পষ্ট হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন