--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুত্ৰক কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ পিতৃ শ্বাহৰুখ খানৰ। যাৰ বাবে আইনী যুঁজখনক সঠিকভাৱে আগবঢ়াই নিবলৈ গোচৰটোত তৃতীয়গৰাকী অধিবক্তাৰ প্ৰৱেশ ঘটিছে। উল্লেখ যে, ইতিপূৰ্বে সতীশ মানসিন্ধে আৰু অমিত দেশাই নামৰ দুগৰাকী প্ৰখ্যাত অধিবক্তা বিফল হৈছিল শ্বাহৰুখ পুত্ৰ আৰিয়ানক জামিন মঞ্জুৰত। যাৰ বাবে এইবাৰ প্ৰেক্ষাপটত প্ৰৱেশ ঘটিছে প্ৰখ্যাত অধিবক্তা মুকুল ৰোহতগীৰ।


পিছে কোন এই মুকুল ৰোহতগী? এইগৰাকী অধিবক্তাই, ২০০২ বৰ্ষত গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত গুজৰাট চৰকাৰৰ হৈ ছুপ্ৰিম ক’ৰ্টত ন্যায়িক যুঁজত অৱতীৰ্ণ হৈছিল। অধিবক্তা মুকুল ৰোহতগীৰ পিতৃ আছিল দিল্লী হাইক’ৰ্টৰ ন্যায়াধীশ। আনহাতে ২০১৪ বৰ্ষত, দেশৰ ১৪ তম এটৰ্নী জেনেৰেল হিচাপে তদানীন্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীয়ে নিযুক্তি দিছিল মুকুল ৰোহতগীক। উল্লেখ্য যে, প্ৰখ্যাত অধিবক্তাগৰাকীয়ে মুম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা লাভ কৰিছিল আইনৰ ডিগ্ৰী।

শিক্ষা সমাপ্তিৰ পাছত, পাছলৈ দেশৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰখ্যাত আইনজ্ঞ যোগেশ কুমাৰ সভৰৱালৰ অধীনত আৰম্ভ কৰিছিল আইনৰ প্ৰেক্টিছ। যোগেশ সভৰৱালৰ জুনিয়ৰ হিচাপে কাম আৰম্ভ কৰা অধিবক্তা ৰোহতগীয়ে তাৰ পাছৰ পৰাই দোপতদোপে উন্নতি কৰিছিল আইনৰ পথাৰখনত। যাৰ সুবাদত আজিৰ তাৰিখত, মাত্ৰ এটা শুনানিত, অধিবক্তা মুকুল ৰোহতগীৰ ফীজ হৈছে ১০ লাখ টকা। এতিয়া এনে এগৰাকী নামী-দামী অধিবক্তাৰ ওচৰতে শৰণাপন্ন হৈছে বাদশ্বাহ শ্বাহৰুখ খান।

আৰিয়ান


৮ অক্টোবৰৰ পৰা পুত্ৰ আৰিয়ান আছে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত। পু্ত্ৰক মোকলাবলৈ কৰা সকলো চেষ্টাই এতিয়ালৈ কাৰ্যতঃ ব্যৰ্থ হৈছে। মঙলবাৰে উচ্চ ন্যায়ালয়ত আৰিয়ানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হৈছিল যদিও শুনানি সম্পূৰ্ণ নোহোৱাত কোনো ৰায় সন্মুখলৈ নাহিল। বুধবাৰে বিয়লিৰ পৰা পুনৰ আৰম্ভ হ’ব এই জামিন আবেদনৰ শুনানি। পুত্ৰক কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ এতিয়া অধিবক্তা মুকুল ৰোহতগীয়েই যেন হৈ পৰিছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখৰ একমাত্ৰ ভৰসা। আইনী জাল ফালি শ্বাহৰুখ তনয়ক মুকলিলৈ উলিয়াই আনিবলৈ সেইবাবে মুকুল ৰোগতগীৰ দৰে অধিবক্তাৰ প্ৰৱেশ ঘটিছে দৃশ্যপটত। এতিয়া মুকুল ৰোহতগী শ্বাহৰুখ তনয়ৰ ত্ৰানকৰ্তা হ’ব পাৰে নে নাই সেয়া বুধবাৰেহে স্পষ্ট হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক