--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেম সুন্দৰ..প্ৰেম শ্বাশ্বত..প্ৰেম অবিনশ্বৰ। কিন্তু এই প্ৰেম নামৰ সুকোমল অনুভৱকে কিছুমানে দিয়ে ভয়ংকৰ ৰূপ। সাধাৰণতে কিছুমান প্ৰেমৰ সম্পৰ্কক লৈ এশাৰী বাক্য কোৱা হয়,সেয়া হ'ল 'এক ফুল দো মালী'। য'ত এটা প্ৰেমৰ সম্পৰ্কত এজনী ছোৱালী আৰু দুজন ল'ৰা জড়িত থাকে। কিন্তু এইবাৰ হ'ল ওলোটা। এই ঘটনাত দেখা গ'ল 'দো ফুল এক মালী'। ঘটনাটো উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ। এখন হোটেলৰ বাহিৰত দুগৰাকী যুৱতীৰ মাজত প্ৰচণ্ড মাৰপিট, ঘুচিয়াঘুচি, চুলি টনাটনি দেখি সেই ঠাইত উপস্থিত থকা লোকসকল হতভম্ব হ'ল। এবাৰ যদি এজনীয়ে মাৰ দিয়ে আনবাৰ ইজনীয়ে। মানুহে ৰৈ ৰৈ চালে দুয়োৰে ৰণচণ্ডী ৰুপ।

কেৱল মাৰপিটেই নহয় দুয়োগৰাকীৰ যুৱতীৰ মুখত আখৈ ফুটাদি ফুটিছিল অশ্লীল গালি-গালাজ। ঘটনাৰ উমান লৈ গম পোৱা গ'ল যে এজন প্ৰেমিকক কেন্দ্ৰ কৰি পূৰ্বৰ প্ৰেমিকা আৰু বৰ্তমান প্ৰেমিকাৰ মাজত চলিছিল এই আক্ৰমণ। যুৱকজনৰ নাম ৰবীন। প্ৰাক্তন প্ৰেমিকাৰ নাম সুস্মিতা আৰু বৰ্তমানৰ প্ৰেমিকাৰ নাম পুনম। সুস্মিতা ৰাজপথেৰে গৈ থাকোতে পুনমে হঠাতে গাড়ীৰ পৰা নামি আক্ৰমণ কৰে সুস্মিতাক। সুস্মিতাও ৰৈ নাথাকিল।লাগি গ'ল দুয়োৰে হতাহতি। সেই সময়তে ৰবীনো তাত গৈ উপস্থিত হয় আৰু ৰবীনক লৈ দুই যুৱতীৰ মাজত লাগে টনাটনি। কিন্তু এই আক্ৰমণত বেছিকৈ আহত হৈ প্ৰাক্তন প্ৰেমিকা সুস্মিতা ৰাজপথতে বাগৰি পৰে।

আৰু পঢ়কঃ লাভাৰ নে ছ’লমেট! কেপ্টেইন অমৰিন্দৰৰ সৈতে কি সম্পৰ্ক পাকিস্তানী সাংবাদিকৰ? অভিযোগ গুৰুতৰ!

আক্ৰমণৰ কিছু সময়ৰ পিছতে সুস্মিতা চিধাই আৰক্ষীৰ কাষ চাপিল আৰু পুনমৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি পুনমক আটক কৰি আৰক্ষীয়ে থানালৈ আনে। দুই প্ৰেমিকাক বৰ্তমান আৰক্ষীয়ে থানাতে ৰাখি সোধাপোচা কৰি তদন্ত আগবঢ়াই নিছে।প্ৰেমিক ৰবীনকো মাতি অনা হৈছে আৰক্ষী থানালৈ। দুই যুৱতীৰ মাজত হোৱা আক্ৰমণৰ এই ভিডিঅ'টো সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে