--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেম সুন্দৰ..প্ৰেম শ্বাশ্বত..প্ৰেম অবিনশ্বৰ। কিন্তু এই প্ৰেম নামৰ সুকোমল অনুভৱকে কিছুমানে দিয়ে ভয়ংকৰ ৰূপ। সাধাৰণতে কিছুমান প্ৰেমৰ সম্পৰ্কক লৈ এশাৰী বাক্য কোৱা হয়,সেয়া হ'ল 'এক ফুল দো মালী'। য'ত এটা প্ৰেমৰ সম্পৰ্কত এজনী ছোৱালী আৰু দুজন ল'ৰা জড়িত থাকে। কিন্তু এইবাৰ হ'ল ওলোটা। এই ঘটনাত দেখা গ'ল 'দো ফুল এক মালী'। ঘটনাটো উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ। এখন হোটেলৰ বাহিৰত দুগৰাকী যুৱতীৰ মাজত প্ৰচণ্ড মাৰপিট, ঘুচিয়াঘুচি, চুলি টনাটনি দেখি সেই ঠাইত উপস্থিত থকা লোকসকল হতভম্ব হ'ল। এবাৰ যদি এজনীয়ে মাৰ দিয়ে আনবাৰ ইজনীয়ে। মানুহে ৰৈ ৰৈ চালে দুয়োৰে ৰণচণ্ডী ৰুপ।

কেৱল মাৰপিটেই নহয় দুয়োগৰাকীৰ যুৱতীৰ মুখত আখৈ ফুটাদি ফুটিছিল অশ্লীল গালি-গালাজ। ঘটনাৰ উমান লৈ গম পোৱা গ'ল যে এজন প্ৰেমিকক কেন্দ্ৰ কৰি পূৰ্বৰ প্ৰেমিকা আৰু বৰ্তমান প্ৰেমিকাৰ মাজত চলিছিল এই আক্ৰমণ। যুৱকজনৰ নাম ৰবীন। প্ৰাক্তন প্ৰেমিকাৰ নাম সুস্মিতা আৰু বৰ্তমানৰ প্ৰেমিকাৰ নাম পুনম। সুস্মিতা ৰাজপথেৰে গৈ থাকোতে পুনমে হঠাতে গাড়ীৰ পৰা নামি আক্ৰমণ কৰে সুস্মিতাক। সুস্মিতাও ৰৈ নাথাকিল।লাগি গ'ল দুয়োৰে হতাহতি। সেই সময়তে ৰবীনো তাত গৈ উপস্থিত হয় আৰু ৰবীনক লৈ দুই যুৱতীৰ মাজত লাগে টনাটনি। কিন্তু এই আক্ৰমণত বেছিকৈ আহত হৈ প্ৰাক্তন প্ৰেমিকা সুস্মিতা ৰাজপথতে বাগৰি পৰে।

আৰু পঢ়কঃ লাভাৰ নে ছ’লমেট! কেপ্টেইন অমৰিন্দৰৰ সৈতে কি সম্পৰ্ক পাকিস্তানী সাংবাদিকৰ? অভিযোগ গুৰুতৰ!

আক্ৰমণৰ কিছু সময়ৰ পিছতে সুস্মিতা চিধাই আৰক্ষীৰ কাষ চাপিল আৰু পুনমৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি পুনমক আটক কৰি আৰক্ষীয়ে থানালৈ আনে। দুই প্ৰেমিকাক বৰ্তমান আৰক্ষীয়ে থানাতে ৰাখি সোধাপোচা কৰি তদন্ত আগবঢ়াই নিছে।প্ৰেমিক ৰবীনকো মাতি অনা হৈছে আৰক্ষী থানালৈ। দুই যুৱতীৰ মাজত হোৱা আক্ৰমণৰ এই ভিডিঅ'টো সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক