--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লেবাননত কিছুদিনৰ পূৰ্বে ইজৰাইলে পেজাৰ আৰু ৱাকি-টকিৰ আক্ৰমণ কৰাৰ পাছতে এইবাৰ লেবাননৰ ওপৰত প্ৰতক্ষ্য ৰকেট আক্ৰমণ সংঘটিত কৰিছে৷বিগত সময়ছোৱাত লেবাননত সৰু-ডাঙৰ আক্ৰমণ সংঘটিত হৈ আহিছে৷ সম্প্ৰতি ইজৰাইলৰ প্ৰত্যক্ষ ৰকেট আক্ৰমণত থানবান হৈ পৰিছে লেবানন৷সৃষ্টি হৈছে গাজা সদৃশ পৰিৱেশ৷

ইজৰাইল আৰু পেলেষ্টাইনৰ জাতীয়তাবাদী সংগঠন হামাছৰ মাজত হোৱা প্ৰায় বছৰজোৰা যুদ্ধত গাজা আৰু ৱেষ্টবেংকত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। আৰম্ভণিৰে পৰাই এই যুদ্ধত লেবাননে পেলেষ্টাইন তথা হামাছক সমৰ্থন কৰি আহিছে। সেইবাবেই ইজৰাইলে লেবাননৰ ওপৰত ক্ষুব্ধ হৈ লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাক লক্ষ্য কৰি ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে।উল্লেখযোগ্য যে ইজৰাইলে লেবাননত হিজবুল্লাহৰ ১৬০০ টা টাৰ্গেট লক্ষ্য কৰি লৈছিল আৰু গোটেই ৰাতি বোমা নিক্ষেপ কৰিছিল৷ এই আক্ৰমণত ৪৯২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷হিজবুল্লাৰ বিৰুদ্ধে তীব্ৰ আক্ৰণৰ হুংকাৰ দিছে ইজৰাইলে৷ হিজবুল্লাই অস্ত্ৰ লুকুৱাই ৰখাৰ সন্দেহ কৰা অঞ্চলসমূহ লেবাননৰ নাগৰীক সকলক খালী কৰিবলৈ নিৰ্দেশ দিছে৷

অৱশ্যে ইজৰাইলৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত হিজবুল্লাইও উত্তৰ ইজৰাইলত ২০০ টা ৰকেট নিক্ষেপ কৰিছে। গোটেই নিশা হিজবুল্লাই ৰকেট নিক্ষেপ কৰাৰ পাছত হিজবুল্লাই ইজৰাইলৰ বহু সামৰিক ঘাটি আৰু বিমানবন্দৰক লক্ষ্য কৰি লৈছিল বুলি সদৰি কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সদৰি কৰা মতে আইৰন হিজবুল্লাৰ প্ৰতি আক্ৰমণ বেছিভাগ ৰকেট ড’ম প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰতিহত কৰিছিল৷ ইজৰাইলত কোনো লোকৰ মৃত্যু বা ক্ষতিৰ বাতৰি অহা নাই।

দৰাচলতে হামাছৰ যোদ্ধাসকলে যোৱা বছৰৰ ৭ অক্টোবৰত ইজৰাইলত প্ৰৱেশ কৰি আক্ৰমণ চলাইছিল। এই আক্ৰমণত শ শ লোক নিহত হোৱাৰ লগতে। প্ৰায় ২৫০ ইজৰাইলী নাগৰিকক হামাছৰ যোদ্ধাসকলে পণবন্দী কৰি গাজালৈ লৈ গৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ইজৰাইলে গাজা আক্ৰমণ কৰি হামাছৰ শেষৰজন যোদ্ধা হত্যা কৰাৰ হাছত হে যুদ্ধৰ সমাপ্ত হ’ব বুলি ঘোষণা কৰিছিল।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এটা বাৰ্তাৰ জড়িয়তে লেবাননৰ নাগৰিকসকলক সতৰ্কবাণীক প্ৰেৰণ কৰি কয় যে , ‘অনুগ্ৰহ কৰি আপোনালোক এই ক্ষেত্ৰসমূহ ত্যাগ কৰি নিৰাপদ স্থানত অৱস্থান কৰক। অপাৰেচন শেষ হ’লে নিৰাপদে ঘৰলৈ উভতি যাব পাৰিব।’ ইজৰাইলৰ এই ঘোষণাৰ পাছতে হাজাৰ হাজাৰ লোকক দক্ষিণ লেবাননৰ পৰা বেইৰুটৰ দিশে পলায়ন কৰা পৰিলক্ষিত হৈছে।ইতিমধ্যে লেবাননত বহু গাঁও আৰু নগৰ খালী হৈ পৰিছে। নাগৰিক সকলৰ সুৰক্ষাৰ বাবে আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে৷    

উল্লেখযোগ্য যে ইজৰাইলক আমেৰিকাই অস্ত্ৰ সস্ত্ৰৰে সহায় কৰাৰ লগতে ইজৰাইলৰ সীমান্ত অঞ্চললৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰিছে৷ ইজৰাইলৰ বিৰুদ্ধে যুঁজিবলৈ হিজবুল্লাও সস্তম হৈ উঠিছে৷ বিগত কিছু দিনৰ পৰাই লেবাননত আক্ৰমণ পৰিলক্ষিত হৈ আহিছে৷ এনে পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় মহলে ইজৰাইল আৰু লেবাননক যুদ্ধবিৰতিৰ আহ্বান জনাইছে। আৰু ৰাষ্ট্ৰ সংঘৰ হস্তক্ষেপ পোষকতা কৰিছে৷ লেবাননৰ প্ৰধানন্ত্ৰী নাজিব মিকাটিয়েও এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক