--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লেবাননত কিছুদিনৰ পূৰ্বে ইজৰাইলে পেজাৰ আৰু ৱাকি-টকিৰ আক্ৰমণ কৰাৰ পাছতে এইবাৰ লেবাননৰ ওপৰত প্ৰতক্ষ্য ৰকেট আক্ৰমণ সংঘটিত কৰিছে৷বিগত সময়ছোৱাত লেবাননত সৰু-ডাঙৰ আক্ৰমণ সংঘটিত হৈ আহিছে৷ সম্প্ৰতি ইজৰাইলৰ প্ৰত্যক্ষ ৰকেট আক্ৰমণত থানবান হৈ পৰিছে লেবানন৷সৃষ্টি হৈছে গাজা সদৃশ পৰিৱেশ৷

ইজৰাইল আৰু পেলেষ্টাইনৰ জাতীয়তাবাদী সংগঠন হামাছৰ মাজত হোৱা প্ৰায় বছৰজোৰা যুদ্ধত গাজা আৰু ৱেষ্টবেংকত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। আৰম্ভণিৰে পৰাই এই যুদ্ধত লেবাননে পেলেষ্টাইন তথা হামাছক সমৰ্থন কৰি আহিছে। সেইবাবেই ইজৰাইলে লেবাননৰ ওপৰত ক্ষুব্ধ হৈ লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাক লক্ষ্য কৰি ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে।উল্লেখযোগ্য যে ইজৰাইলে লেবাননত হিজবুল্লাহৰ ১৬০০ টা টাৰ্গেট লক্ষ্য কৰি লৈছিল আৰু গোটেই ৰাতি বোমা নিক্ষেপ কৰিছিল৷ এই আক্ৰমণত ৪৯২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷হিজবুল্লাৰ বিৰুদ্ধে তীব্ৰ আক্ৰণৰ হুংকাৰ দিছে ইজৰাইলে৷ হিজবুল্লাই অস্ত্ৰ লুকুৱাই ৰখাৰ সন্দেহ কৰা অঞ্চলসমূহ লেবাননৰ নাগৰীক সকলক খালী কৰিবলৈ নিৰ্দেশ দিছে৷

অৱশ্যে ইজৰাইলৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত হিজবুল্লাইও উত্তৰ ইজৰাইলত ২০০ টা ৰকেট নিক্ষেপ কৰিছে। গোটেই নিশা হিজবুল্লাই ৰকেট নিক্ষেপ কৰাৰ পাছত হিজবুল্লাই ইজৰাইলৰ বহু সামৰিক ঘাটি আৰু বিমানবন্দৰক লক্ষ্য কৰি লৈছিল বুলি সদৰি কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সদৰি কৰা মতে আইৰন হিজবুল্লাৰ প্ৰতি আক্ৰমণ বেছিভাগ ৰকেট ড’ম প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰতিহত কৰিছিল৷ ইজৰাইলত কোনো লোকৰ মৃত্যু বা ক্ষতিৰ বাতৰি অহা নাই।

দৰাচলতে হামাছৰ যোদ্ধাসকলে যোৱা বছৰৰ ৭ অক্টোবৰত ইজৰাইলত প্ৰৱেশ কৰি আক্ৰমণ চলাইছিল। এই আক্ৰমণত শ শ লোক নিহত হোৱাৰ লগতে। প্ৰায় ২৫০ ইজৰাইলী নাগৰিকক হামাছৰ যোদ্ধাসকলে পণবন্দী কৰি গাজালৈ লৈ গৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ইজৰাইলে গাজা আক্ৰমণ কৰি হামাছৰ শেষৰজন যোদ্ধা হত্যা কৰাৰ হাছত হে যুদ্ধৰ সমাপ্ত হ’ব বুলি ঘোষণা কৰিছিল।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এটা বাৰ্তাৰ জড়িয়তে লেবাননৰ নাগৰিকসকলক সতৰ্কবাণীক প্ৰেৰণ কৰি কয় যে , ‘অনুগ্ৰহ কৰি আপোনালোক এই ক্ষেত্ৰসমূহ ত্যাগ কৰি নিৰাপদ স্থানত অৱস্থান কৰক। অপাৰেচন শেষ হ’লে নিৰাপদে ঘৰলৈ উভতি যাব পাৰিব।’ ইজৰাইলৰ এই ঘোষণাৰ পাছতে হাজাৰ হাজাৰ লোকক দক্ষিণ লেবাননৰ পৰা বেইৰুটৰ দিশে পলায়ন কৰা পৰিলক্ষিত হৈছে।ইতিমধ্যে লেবাননত বহু গাঁও আৰু নগৰ খালী হৈ পৰিছে। নাগৰিক সকলৰ সুৰক্ষাৰ বাবে আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে৷    

উল্লেখযোগ্য যে ইজৰাইলক আমেৰিকাই অস্ত্ৰ সস্ত্ৰৰে সহায় কৰাৰ লগতে ইজৰাইলৰ সীমান্ত অঞ্চললৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰিছে৷ ইজৰাইলৰ বিৰুদ্ধে যুঁজিবলৈ হিজবুল্লাও সস্তম হৈ উঠিছে৷ বিগত কিছু দিনৰ পৰাই লেবাননত আক্ৰমণ পৰিলক্ষিত হৈ আহিছে৷ এনে পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় মহলে ইজৰাইল আৰু লেবাননক যুদ্ধবিৰতিৰ আহ্বান জনাইছে। আৰু ৰাষ্ট্ৰ সংঘৰ হস্তক্ষেপ পোষকতা কৰিছে৷ লেবাননৰ প্ৰধানন্ত্ৰী নাজিব মিকাটিয়েও এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
অমিত শ্বাহে উন্মোচন কৰিলে অসমৰ বান বিষয়ক মানচিত্র
তীব্র হৈছে ইজৰাইল-ইৰানৰ যুদ্ধ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?