ডিজিটেল ডেস্ক: শেহতীয়াকৈ ভাৰতত কেইবাটাও যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ গৈছে৷ আৰু ভুক্তভোগীৰ ন্যায় বিছাৰি প্ৰতিবাদ কৰিবলগীয়া হোৱা সমসয়তে ইটালীত যৌন নিৰ্যাতনৰ ঘটনা ৰোধ কৰিবৰ বাবে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা৷ সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি শিশু আৰু মহিলাৰ ওপৰত যৌন নিৰ্যাতন ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা সন্দৰ্ভত চৰ্চা চলি আছে।
ইটালীত ৰাসায়নিক বন্ধ্যাকৰণ বৈধ ঘোষণা কৰি আৰু এখোজ আগুৱাই গৈছে এই ক্ষেত্ৰত।ইটালীৰ চৰকাৰে সম্প্ৰতি এক নতুন আইন প্ৰস্তাৱ কৰিছে এই আইন অনুসৰি ধর্ষণকাৰী লোকৰ বাবে ৰাসায়নিক বন্ধ্যাকৰণৰ ব্যৱস্থা কৰা হৈছে। এই আইনৰ অধীনত, এইসকল অপৰাধীক জেললৈ পঠিওৱাৰ পৰিৱৰ্তে হৰমোন-ব্লকিং ঔষধ প্ৰদান কৰি যৌন ইচ্ছা প্ৰায় সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হ’ব।
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ নেতৃত্বত থকা মিত্ৰজোঁট চৰকাৰে এই আইন সদনত উত্থাপন কৰিছে৷ প্ৰস্তাৱিত আইন খনৰ উদ্দেশ্য হৈছে অপৰাধৰ হাৰ হ্ৰাস কৰা লগতে আইন-শৃংখলা বজাই ৰখা। এই প্ৰস্তাৱিত আইনখনে প্ৰতিপক্ষই অমানৱিক আৰু সংবিধানবিৰোধী বুলি দ্বাৰা সমালোচনা কৰিছে৷যদিও সংসদে মহিলা আৰু শিশুক যৌন শোষণ কৰাসকলৰ বিৰুদ্ধে ৰাসায়নিক বন্ধ্যাকৰণৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে। এই আইন কাৰ্যকৰী কৰিবৰ বাবে এখন কমিটী গঠন কৰা হ’ব৷
এই ৰাসয়নিক প্ৰক্ৰিয়া সন্দৰ্ভত কিছু কথা জানো আহক-
ৰাসায়নিক কেষ্ট্ৰেচন কি? ই কেনেকৈ কাম কৰে? কোন কোন দেশত পেড’ফিল বা ধৰ্ষণকাৰীৰ এনে শাস্তি আছে?
ইয়াৰ দ্বাৰা সঁচাকৈয়ে যৌন অপৰাধ ৰোধ হ’ব নে?
এইটো এটা চিকিৎসা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ জৰিয়তে শৰীৰত হৰম’নৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস কৰা হয়। অপৰাধীৰ টেষ্টষ্টেৰনৰ পৰিমাণ মাত্ৰা ইমানেই হ্ৰাস পায় যে অপৰাধীৰ ভিতৰত এনে ইচ্ছাৰ সৃষ্টি নহয় বা এনে ইচ্ছা প্ৰায় নোহোৱা হয়।
এই প্ৰক্ৰিয়াত ৰাসায়নিক প্ৰভাৱ এটা নিৰ্দিষ্ট সময়ৰ পাছত কমি আহি হ’ব পাৰে আৰু হৰম’নৰ মাত্ৰা পুনৰ স্বাভাৱিক অৱস্থালৈ আহিলে যৌন অপৰাধীয়ে পুনৰ অপৰাধ কৰিব পাৰে। সেয়ে এনে শাস্তি পোৱা অপৰাধীক নিৰ্দিষ্ট সময়ৰ পাছত পুনৰ এই ঔষধ প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াটো ঔষধ বা বেজীৰ জৰিয়তে সম্পাদন কৰিব পাৰি। বহু সময়ত যৌন অপৰাধীৰ উপৰিও গুৰুতৰ যৌন ৰোগত আক্ৰান্ত ৰোগীকো এই ঔষধো প্ৰদান কৰা হয়।
বিৰোধীসকলে কয় যে শাস্তি দিয়াৰ মূল উদ্দেশ্য হৈছে অপৰাধীয়ে নিজৰ ভুল বুজি পাব লাগে আৰু পুনৰাবৃত্তি কৰিব নালাগে। কিন্তু ইয়াত অপৰাধীক এনে শাস্তি দিয়া হৈছে যে তেওঁ নিজৰ ভুলটো উপলব্ধি কৰিব নোৱাৰে। এই ৰাসায়নিক প্ৰভাৱ শেষ হ’লে তেওঁ পুনৰ অপৰাধ কৰিব পাৰে বুলি মন্তব্য কৰিছে৷ ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱত অপৰাধীৰ যৌন ইচ্ছা কমি গ’লেও অপৰাধীৰ মনৰ ভিতৰত খং পুঞ্জীভূত হৈ থাকিব আৰু নাৰীৰ প্ৰতি অধিক আক্ৰমণাত্মক হ’ব পাৰে আৰু ধৰ্ষণ কৰিবলৈ অক্ষম হ’লে হত্যা কাণ্ডটো জড়িত হ’ব পাৰে বুলি প্ৰস্তাৱিত আইন খনৰ বিৰুদ্ধে বৰোধী পক্ষই যুক্তি দাঙি ধৰিছে৷
উল্লেখযোগ্য যে ১৯৬৬ চনত আমেৰিকাত প্ৰথমবাৰৰ বাবে ৰাসায়নিক বন্ধ্যাকৰণ কৰা হৈছিল। এতিয়া কেলিফৰ্ণিয়া, ফ্ল’ৰিডা, জৰ্জিয়া আৰু টেক্সাছকে ধৰি ৯খন ৰাজ্যত পেড’ফিলৰ বাবে এই শাস্তি প্ৰদান কৰা হয়। ২০০৯ চনৰ ছেপ্টেম্বৰ মাহত পোলেণ্ডৰ সংসদে দণ্ডবিধি সলনি কৰি শিশু নিৰ্যাতনকাৰীৰ বাবে এই শাস্তিৰ সিদ্ধান্ত লয়। ইয়াৰ লগে লগে পোলেণ্ড এই শাস্তি প্ৰদান কৰা ইউৰোপৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ৰাছিয়াতো ১৪ বছৰৰ তলৰ যৌন অপৰাধীক এই শাস্তি প্ৰদান কৰা। ইউক্ৰেইন, কানাডা, ডেনমাৰ্ক, জাৰ্মানী, ইজৰাইল, নৰৱে আৰু ছুইডেনৰ দৰে আন বহু দেশত পেড’ফিলৰ বাবে ৰাসায়নিক বন্ধ্যাকৰণৰ শাস্তি প্ৰদান কৰা হয় ।