--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অৱতৰণৰ কৰিয়েই লেণ্ডাৰ বিক্ৰমে আৰম্ভ কৰিলে কাম। চন্দ্ৰযান ৩ ৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছতে  ইয়াৰ অৱতৰণ স্থানৰ প্ৰথম খন ছবি পৃথিৱীলৈ প্ৰেৰণ কৰিছে।।সন্ধিয়া ভাৰতীয় সময় মতে বুধবাৰে  সন্ধিয়া ৬:০৪ বজাতচন্দ্ৰত  অৱতৰণ কৰা বিক্ৰম লেণ্ডাৰে অৱতৰণৰ পিছতে নিজৰ কাম আৰম্ভ কৰিছে।  

বিক্ৰমে প্ৰেৰণ কৰা প্ৰথম ছবিখনত লেণ্ডাৰৰ ছাঁ দেখা গৈছে। বিক্ৰমে চন্দ্ৰৰ প্ৰায় ৭০.৮ ডিগ্ৰী দক্ষিণ অক্ষাংশত মানজিনাছ চি আৰু চিম্পেলিয়াছ এন ক্ৰেটাৰৰ মাজৰ এটা উচ্চ ভূমিত অৱতৰণ কৰিছে। ২২ জুলাই, ২০১৯ ত ইছৰোৱে আৰম্ভ কৰা চন্দ্ৰযান-২ অভিযানৰ বাবে বাছনি কৰা হৈছিলএকেই স্থান। অৱশ্যে চন্দ্ৰযান-২ ৰ লেণ্ডাৰে সেই স্থানত অৱতৰণ কৰাৰ পিছতে ধ্বংসপ্ৰাপ্ত হৈছিল।  চন্দ্ৰযান-২ৰ পিছৰ  মিছন হিচাপে শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ১৪ জুলাইত চন্দ্ৰযান-৩ অভিযান আৰম্ভ কৰা হৈছিল। 

চন্দ্ৰযান-২ অভিযান আংশিকভাৱে সফল হৈছিল।  কিয়নো ইছৰোৱে চন্দ্ৰৰ কক্ষপথত এটা অৰ্বিটাৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল। এই অৰ্বিটাৰটো বিক্ৰম লেণ্ডাৰৰ সৈতে সংযুক্ত কৰা হৈছিল আৰু ইয়াক অভিযানটোৰ সমগ্ৰ জীৱনকালত তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব।   ইছৰোৱে ভাৰতীয় সময় অনুসৰি নিশা ৮:১৭ বজাত নিশ্চিত কৰে  যে বিক্ৰম লেণ্ডাৰক মিছন অপাৰেচন চেণ্টাৰ আৰু বাংগালুৰুৰ ইছৰো টেলিমেট্ৰি, ট্ৰেকিং এণ্ড কমাণ্ড চেণ্টাৰ (এমঅ'এক্স-ইষ্ট্ৰাক)ৰ সৈতে সংযুক্ত কৰা হৈছে। 

এনেবোৰ কেন্দ্ৰৰ পৰাই   লেণ্ডাৰ বিক্ৰমৰ  অৱতৰণৰ পিছত ভেলোচিটি কেমেৰাৰ দ্বাৰা বন্দী কৰা ছবিবোৰো ৰাজহুৱা  কৰা হৈছে। লেণ্ডাৰ বিক্ৰমৰ পৰাই ওলাই আহি প্ৰজ্ঞানে চন্দ্ৰ  তথ্য সংগ্ৰহ কৰিব। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক