--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অৱতৰণৰ কৰিয়েই লেণ্ডাৰ বিক্ৰমে আৰম্ভ কৰিলে কাম। চন্দ্ৰযান ৩ ৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছতে  ইয়াৰ অৱতৰণ স্থানৰ প্ৰথম খন ছবি পৃথিৱীলৈ প্ৰেৰণ কৰিছে।।সন্ধিয়া ভাৰতীয় সময় মতে বুধবাৰে  সন্ধিয়া ৬:০৪ বজাতচন্দ্ৰত  অৱতৰণ কৰা বিক্ৰম লেণ্ডাৰে অৱতৰণৰ পিছতে নিজৰ কাম আৰম্ভ কৰিছে।  

বিক্ৰমে প্ৰেৰণ কৰা প্ৰথম ছবিখনত লেণ্ডাৰৰ ছাঁ দেখা গৈছে। বিক্ৰমে চন্দ্ৰৰ প্ৰায় ৭০.৮ ডিগ্ৰী দক্ষিণ অক্ষাংশত মানজিনাছ চি আৰু চিম্পেলিয়াছ এন ক্ৰেটাৰৰ মাজৰ এটা উচ্চ ভূমিত অৱতৰণ কৰিছে। ২২ জুলাই, ২০১৯ ত ইছৰোৱে আৰম্ভ কৰা চন্দ্ৰযান-২ অভিযানৰ বাবে বাছনি কৰা হৈছিলএকেই স্থান। অৱশ্যে চন্দ্ৰযান-২ ৰ লেণ্ডাৰে সেই স্থানত অৱতৰণ কৰাৰ পিছতে ধ্বংসপ্ৰাপ্ত হৈছিল।  চন্দ্ৰযান-২ৰ পিছৰ  মিছন হিচাপে শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ১৪ জুলাইত চন্দ্ৰযান-৩ অভিযান আৰম্ভ কৰা হৈছিল। 

চন্দ্ৰযান-২ অভিযান আংশিকভাৱে সফল হৈছিল।  কিয়নো ইছৰোৱে চন্দ্ৰৰ কক্ষপথত এটা অৰ্বিটাৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল। এই অৰ্বিটাৰটো বিক্ৰম লেণ্ডাৰৰ সৈতে সংযুক্ত কৰা হৈছিল আৰু ইয়াক অভিযানটোৰ সমগ্ৰ জীৱনকালত তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব।   ইছৰোৱে ভাৰতীয় সময় অনুসৰি নিশা ৮:১৭ বজাত নিশ্চিত কৰে  যে বিক্ৰম লেণ্ডাৰক মিছন অপাৰেচন চেণ্টাৰ আৰু বাংগালুৰুৰ ইছৰো টেলিমেট্ৰি, ট্ৰেকিং এণ্ড কমাণ্ড চেণ্টাৰ (এমঅ'এক্স-ইষ্ট্ৰাক)ৰ সৈতে সংযুক্ত কৰা হৈছে। 

এনেবোৰ কেন্দ্ৰৰ পৰাই   লেণ্ডাৰ বিক্ৰমৰ  অৱতৰণৰ পিছত ভেলোচিটি কেমেৰাৰ দ্বাৰা বন্দী কৰা ছবিবোৰো ৰাজহুৱা  কৰা হৈছে। লেণ্ডাৰ বিক্ৰমৰ পৰাই ওলাই আহি প্ৰজ্ঞানে চন্দ্ৰ  তথ্য সংগ্ৰহ কৰিব। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু