--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমতাৰ দিশলৈ এক সাহসৰ খোজ আগবঢ়ালে কেৰালাৰ এহাল ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে। দেশত প্ৰথমবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে জন্ম দিলে সন্তান।

এই ট্ৰেন্সজেণ্ডাৰ দম্পতীহালৰ ঘৰ কেৰালাৰ কোজিকোডত। তেওঁলোক হৈছে জিয়া আৰু জাহাদ। জীয়া হৈছে ট্ৰান্স ওমেন অৰ্থাৎ জীয়া শাৰীৰিকভাবে পুৰুষ হিচাপে জন্ম হৈ পিছত নিজে নাৰীলৈ ৰূপান্তৰিত হৈছে।

আনহাতে জাহাদ হৈছে ট্ৰান্স মেন অৰ্থাৎ জাহাদে নাৰীৰ শৰীৰত জন্মগ্ৰহণ কৰি নিজকে পুৰুষ শৰীৰলৈ পৰিণত কৰিছে। যোৱা তিন বছৰ ধৰি একেলগে আছে এই দুই প্ৰেমিক-প্ৰেমিকা।

উল্লেখ্য যে কিছুদিন পূৰ্বে জিয়াই ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে অহা মাৰ্চ মাহৰ প্ৰথম সন্তানটি সন্তানটি ভূমিস্থ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল যদিও যোৱা বুধবাৰেই অৰ্থাৎ ফেব্ৰুৱাৰী মাহতেই সন্তানটিয়ে জন্ম লাভ কৰে।

বুধবাৰে দিনৰ ৯.৩০ মান বজাত কেৰেলাৰ এখন চৰকাৰী চিকিৎসালয়ত জন্ম লাভ কৰে সন্তানটিয়ে। দেশত প্ৰথবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰৰ গৰ্ভত গৰ্ভস্থ হোৱা এই সন্তানটিৰ লিংগ পুৰুষ, মহিলা নে অন্যান্য সেই সম্পৰ্কে তথ্য দিবলৈ অস্বীকাৰ কৰিছে জিয়া আৰু জাহাদে।

দেশত প্ৰথমবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰে গৰ্ভধাৰণ কৰি সন্তান দিয়াটোৱে ভাৰতবৰ্ষত LGBTQAI++ ৰ স্বাধীনতা আৰু অধিকাৰৰ সংগ্ৰাম খনলৈ এন অনন্য মাত্ৰা আৰু অনুপ্ৰেৰণা কঢ়িয়াই আনিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান