--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমতাৰ দিশলৈ এক সাহসৰ খোজ আগবঢ়ালে কেৰালাৰ এহাল ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে। দেশত প্ৰথমবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে জন্ম দিলে সন্তান।

এই ট্ৰেন্সজেণ্ডাৰ দম্পতীহালৰ ঘৰ কেৰালাৰ কোজিকোডত। তেওঁলোক হৈছে জিয়া আৰু জাহাদ। জীয়া হৈছে ট্ৰান্স ওমেন অৰ্থাৎ জীয়া শাৰীৰিকভাবে পুৰুষ হিচাপে জন্ম হৈ পিছত নিজে নাৰীলৈ ৰূপান্তৰিত হৈছে।

আনহাতে জাহাদ হৈছে ট্ৰান্স মেন অৰ্থাৎ জাহাদে নাৰীৰ শৰীৰত জন্মগ্ৰহণ কৰি নিজকে পুৰুষ শৰীৰলৈ পৰিণত কৰিছে। যোৱা তিন বছৰ ধৰি একেলগে আছে এই দুই প্ৰেমিক-প্ৰেমিকা।

উল্লেখ্য যে কিছুদিন পূৰ্বে জিয়াই ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে অহা মাৰ্চ মাহৰ প্ৰথম সন্তানটি সন্তানটি ভূমিস্থ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল যদিও যোৱা বুধবাৰেই অৰ্থাৎ ফেব্ৰুৱাৰী মাহতেই সন্তানটিয়ে জন্ম লাভ কৰে।

বুধবাৰে দিনৰ ৯.৩০ মান বজাত কেৰেলাৰ এখন চৰকাৰী চিকিৎসালয়ত জন্ম লাভ কৰে সন্তানটিয়ে। দেশত প্ৰথবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰৰ গৰ্ভত গৰ্ভস্থ হোৱা এই সন্তানটিৰ লিংগ পুৰুষ, মহিলা নে অন্যান্য সেই সম্পৰ্কে তথ্য দিবলৈ অস্বীকাৰ কৰিছে জিয়া আৰু জাহাদে।

দেশত প্ৰথমবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰে গৰ্ভধাৰণ কৰি সন্তান দিয়াটোৱে ভাৰতবৰ্ষত LGBTQAI++ ৰ স্বাধীনতা আৰু অধিকাৰৰ সংগ্ৰাম খনলৈ এন অনন্য মাত্ৰা আৰু অনুপ্ৰেৰণা কঢ়িয়াই আনিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক