--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তেজপুৰৰ খেলমাটিৰ নিৰ্মল দাস আৰু ৰুক্মিণী ভূমিজ দাসৰ জীয়ৰী লিছাৰ এই যাত্রা সাহস, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ এক অনন্য নিদর্শন হৈ পৰিব বুলি আশা কৰা হৈছে।

ডিজিটেল ডেস্ক : অসমৰ ক্রীড়া জগতৰ বাবে এক অত্যন্ত গৌৰৱ তথা ঐতিহাসিক ক্ষণ। স্কটলেণ্ডৰ গ্লাছগ'ত অনুষ্ঠিত হ'বলগীয়া ২০২৬ চনৰ কমনৱেলথ গেমছৰ বাবে নিৰ্বাচিত হৈছে অসমৰ পেৰা-চাইক্লিষ্ট লিছা দাস। মাত্র ১৬ বছৰ বয়সতে এই লিছা দাসে সমগ্ৰ ভাৰতীয় ক্রীড়া দলটোৰ ভিতৰত আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে। তেওঁ আগন্তুক কমনৱেলথ গেমছৰ 'পেৰা ট্রেক চাইক্লিং' ইভেন্টত ভাৰতক প্রতিনিধিত্ব কৰিব। বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰী লিছাৰ এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিশ্বনাথ জিলাৰ লগতে নবোদয় পৰিয়ালত আনন্দৰ লহৰ উঠিছে। 


তেজপুৰৰ খেলমাটিৰ নিৰ্মল দাস আৰু ৰুক্মিণী ভূমিজ দাসৰ জীয়ৰী লিছাৰ এই যাত্রা সাহস, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ এক অনন্য নিদর্শন হৈ পৰিব বুলি আশা কৰা হৈছে। ২০১০ চনৰ ৮ জুনত জন্মগ্রহণ কৰা লিছাই অতি কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও গুৰুত্বপূৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে। ট্ৰেক আৰু ৰোড চাইক্লিং- দুয়োটা বিভাগতে লিছাৰ প্ৰদর্শন আছিল অতি চমকপ্রদ। লিছাই ২০২৫ চনৰ প্ৰথম ৰাষ্ট্ৰীয় পেৰা ৰোড চাইক্লিং চেম্পিয়নশ্বিপত স্বর্ণ পদক অর্জন কৰিছিল। ইয়াৰ উপৰি লান্না পেৰা চাইক্লিং কাপৰ দুয়োটা ৰাউণ্ডতে স্বর্ণ পদক আৰু কোৰাট পেৰা চাইক্লিং কাপত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২৬ চনৰ ইউ চি আই পেৰা চাইক্লিং ৰোড ৱৰ্ল্ড কাপৰ বিভিন্ন ৰাউণ্ডতো তেওঁ অংশগ্ৰহণ কৰি বিশ্বৰ শীৰ্ষ খেলুৱৈসকলৰ মাজত নিজৰ স্থান সুৰক্ষিত কৰে। ২০২৫ চনৰ কোৰাট পেৰা চাইক্লিং কাপত লিছাই দুটাকৈ ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অর্জন কৰে। 


আনহাতে, ২০২৬ চনৰ এছিয়ান পেৰা ট্রেক চেম্পিয়নশ্বিপত চমকপ্রদ প্রদর্শন দাঙি ধৰি তেওঁ দুটাকৈ ৰূপ আৰু তিনিটাকৈ ব্ৰঞ্জৰ পদক দেশলৈ কঢ়িয়াই আনে। শাৰীৰিক প্রত্যাহ্বানক নেওচি লিছা দাসে গঢ়া এই ইতিহাসে সমগ্র দেশৰ উঠি অহা প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। আগন্তুক কমনৱেলথ গেমছৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত লিছাই পেডেল মাৰি দেশ তথা অসমলৈ স্বর্ণিল গৌৰৱ কঢ়িয়াই আনিব বুলি এতিয়া আশাবাদী সমগ্র দেশবাসী। বিভিন্ন ক্রীড়া সংগঠন আৰু শুভাকাংক্ষীয়ে লিছাৰ এই ঐতিহাসিক যাত্ৰাত আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছে।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ