--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তেজপুৰৰ খেলমাটিৰ নিৰ্মল দাস আৰু ৰুক্মিণী ভূমিজ দাসৰ জীয়ৰী লিছাৰ এই যাত্রা সাহস, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ এক অনন্য নিদর্শন হৈ পৰিব বুলি আশা কৰা হৈছে।

ডিজিটেল ডেস্ক : অসমৰ ক্রীড়া জগতৰ বাবে এক অত্যন্ত গৌৰৱ তথা ঐতিহাসিক ক্ষণ। স্কটলেণ্ডৰ গ্লাছগ'ত অনুষ্ঠিত হ'বলগীয়া ২০২৬ চনৰ কমনৱেলথ গেমছৰ বাবে নিৰ্বাচিত হৈছে অসমৰ পেৰা-চাইক্লিষ্ট লিছা দাস। মাত্র ১৬ বছৰ বয়সতে এই লিছা দাসে সমগ্ৰ ভাৰতীয় ক্রীড়া দলটোৰ ভিতৰত আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে। তেওঁ আগন্তুক কমনৱেলথ গেমছৰ 'পেৰা ট্রেক চাইক্লিং' ইভেন্টত ভাৰতক প্রতিনিধিত্ব কৰিব। বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰী লিছাৰ এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিশ্বনাথ জিলাৰ লগতে নবোদয় পৰিয়ালত আনন্দৰ লহৰ উঠিছে। 


তেজপুৰৰ খেলমাটিৰ নিৰ্মল দাস আৰু ৰুক্মিণী ভূমিজ দাসৰ জীয়ৰী লিছাৰ এই যাত্রা সাহস, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ এক অনন্য নিদর্শন হৈ পৰিব বুলি আশা কৰা হৈছে। ২০১০ চনৰ ৮ জুনত জন্মগ্রহণ কৰা লিছাই অতি কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও গুৰুত্বপূৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে। ট্ৰেক আৰু ৰোড চাইক্লিং- দুয়োটা বিভাগতে লিছাৰ প্ৰদর্শন আছিল অতি চমকপ্রদ। লিছাই ২০২৫ চনৰ প্ৰথম ৰাষ্ট্ৰীয় পেৰা ৰোড চাইক্লিং চেম্পিয়নশ্বিপত স্বর্ণ পদক অর্জন কৰিছিল। ইয়াৰ উপৰি লান্না পেৰা চাইক্লিং কাপৰ দুয়োটা ৰাউণ্ডতে স্বর্ণ পদক আৰু কোৰাট পেৰা চাইক্লিং কাপত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২৬ চনৰ ইউ চি আই পেৰা চাইক্লিং ৰোড ৱৰ্ল্ড কাপৰ বিভিন্ন ৰাউণ্ডতো তেওঁ অংশগ্ৰহণ কৰি বিশ্বৰ শীৰ্ষ খেলুৱৈসকলৰ মাজত নিজৰ স্থান সুৰক্ষিত কৰে। ২০২৫ চনৰ কোৰাট পেৰা চাইক্লিং কাপত লিছাই দুটাকৈ ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অর্জন কৰে। 


আনহাতে, ২০২৬ চনৰ এছিয়ান পেৰা ট্রেক চেম্পিয়নশ্বিপত চমকপ্রদ প্রদর্শন দাঙি ধৰি তেওঁ দুটাকৈ ৰূপ আৰু তিনিটাকৈ ব্ৰঞ্জৰ পদক দেশলৈ কঢ়িয়াই আনে। শাৰীৰিক প্রত্যাহ্বানক নেওচি লিছা দাসে গঢ়া এই ইতিহাসে সমগ্র দেশৰ উঠি অহা প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। আগন্তুক কমনৱেলথ গেমছৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত লিছাই পেডেল মাৰি দেশ তথা অসমলৈ স্বর্ণিল গৌৰৱ কঢ়িয়াই আনিব বুলি এতিয়া আশাবাদী সমগ্র দেশবাসী। বিভিন্ন ক্রীড়া সংগঠন আৰু শুভাকাংক্ষীয়ে লিছাৰ এই ঐতিহাসিক যাত্ৰাত আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছে।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু