--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাইভ ইন পাৰ্টনাৰৰ মৃত্যুৰ কিছুদিন পিছতে নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অপৰাধত এজন যুৱকক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ৰাজস্থানৰ কোটাৰ গোচৰ এইটো। ৩৩ বছৰীয়া যুৱকজনে দিনৰ পিছত দিন ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই সম্পৰ্কীয় গোচৰটো ২০২২ চনৰ ডিচেম্বৰ মাহত দাখিল কৰা হৈছিল। অভিযোগকাৰীয়ে আৰক্ষীৰ আগত দাবী কৰে যে তেওঁ শাৰীৰিক নিৰ্যাতনৰ বলি হৈছিল। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে।

তদন্তত প্ৰকাশ পাইছে যে অভিযোগকাৰীৰ বয়স যেতিয়া পাঁচ বছৰ আছিল, তেতিয়া তেওঁৰ মাতৃয়ে এজন যুৱকৰ সৈতে থাকিছিল। অৱশ্যে পাঁচ বছৰৰ পাছত মহিলাগৰাকীয়ে আত্মহত্যা কৰে। অভিযোগ অনুসৰি, যুৱকজনে ইয়াৰ পিছতে প্ৰেমিকাৰ কন্যাক যৌন নিৰ্যাতন আৰম্ভ কৰে। অত্যাচাৰ সহ্য কৰিব নোৱাৰি নাবালিকা ছোৱালীজনীয়ে ঘৰৰ পৰা ওলাই আহি ককাকৰ ওচৰত আশ্ৰয় লয়। ধৰ্ষণৰ অভিযোগত গোচৰ ৰুজু কৰা হয়। POCSO আইনৰ অধীনতো গোচৰ ৰুজু কৰা হয়। অভিযোগ দাখিল কৰাৰ পিছদিনা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

শনিবাৰে ৰাজস্থানৰ নিম্ন আদালতে প্ৰতাপ সিঙক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। চৰকাৰৰ অধিবক্তাগৰাকীয়ে কয় যে সকলো প্ৰমাণ পৰীক্ষা কৰি ১৫জন লোকৰ সাক্ষ্য লোৱাৰ পিছত ন্যায়াধীশে শাস্তি ঘোষণা কৰে। যাৱজ্জীৱন কাৰাদণ্ডৰ উপৰিও দোষীক ৩ লাখ টকা জৰিমনা বিহা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু