--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাইভ ইন পাৰ্টনাৰৰ মৃত্যুৰ কিছুদিন পিছতে নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অপৰাধত এজন যুৱকক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ৰাজস্থানৰ কোটাৰ গোচৰ এইটো। ৩৩ বছৰীয়া যুৱকজনে দিনৰ পিছত দিন ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই সম্পৰ্কীয় গোচৰটো ২০২২ চনৰ ডিচেম্বৰ মাহত দাখিল কৰা হৈছিল। অভিযোগকাৰীয়ে আৰক্ষীৰ আগত দাবী কৰে যে তেওঁ শাৰীৰিক নিৰ্যাতনৰ বলি হৈছিল। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে।

তদন্তত প্ৰকাশ পাইছে যে অভিযোগকাৰীৰ বয়স যেতিয়া পাঁচ বছৰ আছিল, তেতিয়া তেওঁৰ মাতৃয়ে এজন যুৱকৰ সৈতে থাকিছিল। অৱশ্যে পাঁচ বছৰৰ পাছত মহিলাগৰাকীয়ে আত্মহত্যা কৰে। অভিযোগ অনুসৰি, যুৱকজনে ইয়াৰ পিছতে প্ৰেমিকাৰ কন্যাক যৌন নিৰ্যাতন আৰম্ভ কৰে। অত্যাচাৰ সহ্য কৰিব নোৱাৰি নাবালিকা ছোৱালীজনীয়ে ঘৰৰ পৰা ওলাই আহি ককাকৰ ওচৰত আশ্ৰয় লয়। ধৰ্ষণৰ অভিযোগত গোচৰ ৰুজু কৰা হয়। POCSO আইনৰ অধীনতো গোচৰ ৰুজু কৰা হয়। অভিযোগ দাখিল কৰাৰ পিছদিনা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

শনিবাৰে ৰাজস্থানৰ নিম্ন আদালতে প্ৰতাপ সিঙক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। চৰকাৰৰ অধিবক্তাগৰাকীয়ে কয় যে সকলো প্ৰমাণ পৰীক্ষা কৰি ১৫জন লোকৰ সাক্ষ্য লোৱাৰ পিছত ন্যায়াধীশে শাস্তি ঘোষণা কৰে। যাৱজ্জীৱন কাৰাদণ্ডৰ উপৰিও দোষীক ৩ লাখ টকা জৰিমনা বিহা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ