--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ’নাৰ বিশ্বজোৰা সংক্ৰমণে সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিছে বিভিন্ন ধৰণে। আৰ্থ-সামাজিক দিশত ইয়াৰ প্ৰভাৱ পৰিছে অকল্পনীয়ভাৱে। ভাৰতত কৰ’নাৰ প্ৰভাৱৰ আন এখন ছবি শেহতীয়াকৈ পোহৰলৈ আহিছে। অক্সফাম ইণ্ডিয়াই প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ অতি ধনী আৰু দেশৰ কোটি কোটি ‘অকৌশলী’ (unskilled workers) শ্ৰমিকৰ আয়ৰ বৈষম্য অধিক বৃদ্ধি কৰি তুলিছে।

আৰু পঢ়িব পাৰিব : ৰংজুলিৰ ৰৌমাৰীত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে শিল্পী মনোজক…

ইয়াৰে ভালেমান লোক নিবনুৱাত পৰিণত হোৱাৰ লগতে তেওঁলোকে ন্যুনতম স্বাস্থ্যসেৱা লাভ তথা জীৱনৰ প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে অহৰহ যুদ্ধ কৰি থাকিবলগীয়া হৈছে।ছুইজাৰলেণ্ডৰ ডাভোছত ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ আগত অক্সফামে আজি দাখিল কৰা এখন প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। ‘দ্য ইনইকুৱেলিটী ভাইৰাছ’ শীৰ্ষক এই প্ৰতিবেদনত কোৱা হৈছে যে, ভাৰতৰ পুঁজিপতি লোকসকলৰ সম্পত্তি লকডাউনৰ সময়ছোৱাত প্ৰায় ৩৫ শতাংশ বৃদ্ধি পাইছে।

তাৰ বিপৰীতে দেশৰ ৮৪শতাংশ পৰিয়ালে আয় হেৰুওৱাৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। কেৱল ২০২০ চনৰ এপ্ৰিল মাহত প্ৰতি ঘণ্টানে ১.৭ লাখ লোকে চাকৰি হেৰুৱাবলগীয়া সংস্থাটোৰ প্ৰতিবেদন মতে দেশৰ ১০০ শীৰ্ষ পুঁজিপতিৰ আয় ২০২০চনৰ মাৰ্চ মাহৰ পৰা অৰ্থাৎ লকডাউন বলৱৎ হোৱাৰ পৰা বৃদ্ধি পাইছিল। তেওঁলোকৰ আয় বৃদ্ধিৰ পৰিমাণ ইমানেই অধিক আছিল যে, তেওঁলোকে ১.৩৮কোটি দেশৰ অতি দৰিদ্ৰ লোকৰ প্ৰত্যেককে ৯৫হাজাৰকৈ টকাৰ অনুদান দিব পাৰিলেহেঁতেন।

আৰু পঢ়িব পাৰিব : মছজিদত অচিনাক্ত ১৫জনীয়া দল প্ৰৱেশ কৰি পঢ়িলে নামাজ !

‘ভাৰতত আয়ৰ বৈষম্য বৃদ্ধিয়ে অতি মাৰাত্মক ৰূপ লৈছে। এজন ‘আনস্কীলড’ শ্ৰমিকে ১০ হাজাৰ বছৰত যিখিন আয় কৰিবলৈ সক্ষম হ’ব সিমান পৰিমাণৰ আয় লকডাউনৰ সময়ত মুকেশ আম্বানীয়ে প্ৰতিঘণ্টাতে কৰিছিল।’ প্ৰতিবেদনখনত এই কথা প্ৰকাশ পাইছে। উল্লেখ্য যে, বিগত আগষ্ট মাহত আম্বানীক বিশ্বৰ চতুৰ্থ ধনাঢ্য ব্যক্তি হিচাপে চিহ্নিত কৰা হৈছিল। আৰু তাৰ ঠিক আগ আৰু পিছৰ মাহবোৰত কাম, অৰ্থ আৰু আশ্ৰয়ৰ অভাৱত ৰাজপথত লাখ লাখ লোক দুৰ্দশাগ্ৰস্ত আৰু দিশহাৰা অৱস্থাত পতিত হৈছিল। প্ৰতিবেদনখনত এই কথাও উনুকিওৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ