--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ’নাৰ বিশ্বজোৰা সংক্ৰমণে সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিছে বিভিন্ন ধৰণে। আৰ্থ-সামাজিক দিশত ইয়াৰ প্ৰভাৱ পৰিছে অকল্পনীয়ভাৱে। ভাৰতত কৰ’নাৰ প্ৰভাৱৰ আন এখন ছবি শেহতীয়াকৈ পোহৰলৈ আহিছে। অক্সফাম ইণ্ডিয়াই প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ অতি ধনী আৰু দেশৰ কোটি কোটি ‘অকৌশলী’ (unskilled workers) শ্ৰমিকৰ আয়ৰ বৈষম্য অধিক বৃদ্ধি কৰি তুলিছে।

আৰু পঢ়িব পাৰিব : ৰংজুলিৰ ৰৌমাৰীত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে শিল্পী মনোজক…

ইয়াৰে ভালেমান লোক নিবনুৱাত পৰিণত হোৱাৰ লগতে তেওঁলোকে ন্যুনতম স্বাস্থ্যসেৱা লাভ তথা জীৱনৰ প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে অহৰহ যুদ্ধ কৰি থাকিবলগীয়া হৈছে।ছুইজাৰলেণ্ডৰ ডাভোছত ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ আগত অক্সফামে আজি দাখিল কৰা এখন প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। ‘দ্য ইনইকুৱেলিটী ভাইৰাছ’ শীৰ্ষক এই প্ৰতিবেদনত কোৱা হৈছে যে, ভাৰতৰ পুঁজিপতি লোকসকলৰ সম্পত্তি লকডাউনৰ সময়ছোৱাত প্ৰায় ৩৫ শতাংশ বৃদ্ধি পাইছে।

তাৰ বিপৰীতে দেশৰ ৮৪শতাংশ পৰিয়ালে আয় হেৰুওৱাৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। কেৱল ২০২০ চনৰ এপ্ৰিল মাহত প্ৰতি ঘণ্টানে ১.৭ লাখ লোকে চাকৰি হেৰুৱাবলগীয়া সংস্থাটোৰ প্ৰতিবেদন মতে দেশৰ ১০০ শীৰ্ষ পুঁজিপতিৰ আয় ২০২০চনৰ মাৰ্চ মাহৰ পৰা অৰ্থাৎ লকডাউন বলৱৎ হোৱাৰ পৰা বৃদ্ধি পাইছিল। তেওঁলোকৰ আয় বৃদ্ধিৰ পৰিমাণ ইমানেই অধিক আছিল যে, তেওঁলোকে ১.৩৮কোটি দেশৰ অতি দৰিদ্ৰ লোকৰ প্ৰত্যেককে ৯৫হাজাৰকৈ টকাৰ অনুদান দিব পাৰিলেহেঁতেন।

আৰু পঢ়িব পাৰিব : মছজিদত অচিনাক্ত ১৫জনীয়া দল প্ৰৱেশ কৰি পঢ়িলে নামাজ !

‘ভাৰতত আয়ৰ বৈষম্য বৃদ্ধিয়ে অতি মাৰাত্মক ৰূপ লৈছে। এজন ‘আনস্কীলড’ শ্ৰমিকে ১০ হাজাৰ বছৰত যিখিন আয় কৰিবলৈ সক্ষম হ’ব সিমান পৰিমাণৰ আয় লকডাউনৰ সময়ত মুকেশ আম্বানীয়ে প্ৰতিঘণ্টাতে কৰিছিল।’ প্ৰতিবেদনখনত এই কথা প্ৰকাশ পাইছে। উল্লেখ্য যে, বিগত আগষ্ট মাহত আম্বানীক বিশ্বৰ চতুৰ্থ ধনাঢ্য ব্যক্তি হিচাপে চিহ্নিত কৰা হৈছিল। আৰু তাৰ ঠিক আগ আৰু পিছৰ মাহবোৰত কাম, অৰ্থ আৰু আশ্ৰয়ৰ অভাৱত ৰাজপথত লাখ লাখ লোক দুৰ্দশাগ্ৰস্ত আৰু দিশহাৰা অৱস্থাত পতিত হৈছিল। প্ৰতিবেদনখনত এই কথাও উনুকিওৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ