--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি প্ৰস্তুতি প্ৰায় তুংগত কৰি তুলিছে দলসমূহে৷১৮ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব এন ডি এৰ বৈঠক। অমৰাৱতী (এপি) জনসেনাৰ মুৰব্বী তথা দক্ষিণৰ জনপ্ৰিয় মহাতাৰকা পৱন কল্যাণেও এন ডি এৰ বৈঠকত অংশগ্ৰহণ কৰিব। দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই সভাত অংশগ্ৰহণৰ বাবে তেওঁ ইতিমধ্যে নিমন্ত্ৰণ লাভ কৰিছে।

পৱন কল্যাণ আৰু তেওঁৰ দল জনসেনাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষ তথা সংযুক্ত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ নডেণ্ডলা মনোহৰে এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ চলিত মাহৰ ১৭ তাৰিখে সন্ধিয়া দিল্লীত উপস্থিত হ’ব। ইয়াত এন ডি এত অংশগ্ৰহণ কৰা ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতাসকলক অন্তৰ্ভুক্ত কৰা হ’ব।

কিছুদিন আগতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা দলটোৱে এই আমন্ত্ৰণ লাভ কৰিছিল। বিশেষ কথাটো হ’ল অন্ধ্ৰ প্ৰদেশত মিত্ৰতাৰ বাবে জনসেনা আৰু প্ৰাক্তন এন ডি এ মিত্ৰ টিডিপিৰ মাজত গুৰুতৰ আলোচনা চলি আছে। অহা ১৮ জুলাইত ৰাষ্ট্ৰীয় পৰ্যায়ত দুখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব আৰু দুয়োখনতে সকলো ৰাজনৈতিক দলে দৃষ্টি নিবদ্ধ ৰাখিব।


১৮ জুলাইত বিজেপিৰ নেতৃত্বত দিল্লীত এন ডি এৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’বলৈ গৈ আছে। আনহাতে, একেদিনাই বেংগালুৰুত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত ২৪টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷


এন ডি এৰ বৈঠকত অংশগ্ৰহণৰ বাবে লোক জনশক্তি পাৰ্টিৰ সভাপতি চিৰাগ পাছৱান আৰু হিন্দুস্তানী আৱাম মৰ্চাৰ (হুম)ৰ মুৰব্বী জিতন ৰাম মাঞ্জীক আমন্ত্ৰণ জনোৱা হৈছে।উল্লেখযোগ্য যে, শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়েও পাটনাত চিৰাগ পাছৱানক সাক্ষাৎ কৰিছিল।তেতিয়াৰ পৰাই এন ডি এৰ বৈঠকত তেওঁৰ অংশগ্ৰহণ সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছিল। বৈঠকৰ অন্তত চিৰাগে কৈছিল যে বিজেপিৰ সৈতে মিত্ৰতাৰ কথা বহুদিন ধৰি চলি আহিছে। এতিয়া আৰু এক বা দুইলানিৰ আলোচনা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ