--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাপায়ী লম্পট যুৱকৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰোতে কৰুণ মৃত্যুক সাবটিলে এগৰাকী যুৱতীয়ে। পথ দুৰ্ঘটনাত মৃত্যু হয় যুৱতীগৰাকীৰ। পশ্চিমবংগৰ পশ্চিম বৰ্ধমান জিলাত সংঘটিত হৈছে এই কৰুণ ঘটনা। ২৭ বছৰীয়া ইভেণ্ট মেনেজমেণ্ট সুতন্দ্ৰা চেতাৰ্জীৰ মৃত্যুৱে কঁপাই গৈছে সকলোৰে হৃদয়। 

হুগলী জিলাৰ চিনছুৰাৰ বাসিন্দা সুতন্দ্ৰা চেতাৰ্জীয়ে তিনিজন সহকৰ্মীৰ সৈতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি আহি আছিল। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, তেওঁলোকে পেট্ৰ’ল পাম্পত ইন্ধন ভৰাই থকাৰ সময়তে পাঁচজনীয়া এখন বগা গাড়ীয়ে তেওঁলোকক খেদিবলৈ আৰম্ভ কৰে।

ঘাইপথত উপস্থিত হোৱাৰ লগে লগে আনখন গাড়ীৰ লম্পট যুৱকে সুতন্দ্ৰাক উদ্দেশ্যি কৰি অশ্লীল মন্তব্য কৰিবলৈ ধৰিলে আৰু অসাৱধানতাৰে গাড়ী চলাবলৈ ধৰিলে। হাইৱে’ৰে গৈ থকা সময়ত গাড়ীৰ পিছা কৰা উদণ্ড যুৱককেইজনৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰোতেই সুতন্দ্ৰাৰ বাহনখনে ডিভাইডাৰত খুন্দা মাৰে, যাৰ ফলত গাড়ীখন বাগৰি পৰে। 

সন্মুখৰ আসনত বহি থকা সুতন্দ্ৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

সুতন্দ্ৰাৰ গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে আনখন গাড়ীত বহি থকা পাঁচজন লোকে নিজৰ গাড়ীখন এৰি সেই স্থানৰ পৰা পলায়ন কৰে। দুয়োখন গাড়ী জব্দ কৰিছে আৰক্ষীয়ে। 

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে পাঁচোজন যুৱকেই গাড়ী চলোৱাৰ সময়ত মদ্যপান কৰিছিল। আৰক্ষী বিষয়াই কোৱা অনুসৰি গাড়ীৰ ভিতৰত সুৰাৰ গিলাচ উদ্ধাৰ হৈছে।

আৰক্ষীয়ে সন্দেহজনক যুৱককেইজনক বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে। দোষীৰ কঠোৰতকৈ কঠোৰ শাস্তি দাবী কৰিছে পৰিয়ালৰ লগতে স্থানীয় বাসিন্দাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু