--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাপায়ী লম্পট যুৱকৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰোতে কৰুণ মৃত্যুক সাবটিলে এগৰাকী যুৱতীয়ে। পথ দুৰ্ঘটনাত মৃত্যু হয় যুৱতীগৰাকীৰ। পশ্চিমবংগৰ পশ্চিম বৰ্ধমান জিলাত সংঘটিত হৈছে এই কৰুণ ঘটনা। ২৭ বছৰীয়া ইভেণ্ট মেনেজমেণ্ট সুতন্দ্ৰা চেতাৰ্জীৰ মৃত্যুৱে কঁপাই গৈছে সকলোৰে হৃদয়। 

হুগলী জিলাৰ চিনছুৰাৰ বাসিন্দা সুতন্দ্ৰা চেতাৰ্জীয়ে তিনিজন সহকৰ্মীৰ সৈতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি আহি আছিল। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, তেওঁলোকে পেট্ৰ’ল পাম্পত ইন্ধন ভৰাই থকাৰ সময়তে পাঁচজনীয়া এখন বগা গাড়ীয়ে তেওঁলোকক খেদিবলৈ আৰম্ভ কৰে।

ঘাইপথত উপস্থিত হোৱাৰ লগে লগে আনখন গাড়ীৰ লম্পট যুৱকে সুতন্দ্ৰাক উদ্দেশ্যি কৰি অশ্লীল মন্তব্য কৰিবলৈ ধৰিলে আৰু অসাৱধানতাৰে গাড়ী চলাবলৈ ধৰিলে। হাইৱে’ৰে গৈ থকা সময়ত গাড়ীৰ পিছা কৰা উদণ্ড যুৱককেইজনৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰোতেই সুতন্দ্ৰাৰ বাহনখনে ডিভাইডাৰত খুন্দা মাৰে, যাৰ ফলত গাড়ীখন বাগৰি পৰে। 

সন্মুখৰ আসনত বহি থকা সুতন্দ্ৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

সুতন্দ্ৰাৰ গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে আনখন গাড়ীত বহি থকা পাঁচজন লোকে নিজৰ গাড়ীখন এৰি সেই স্থানৰ পৰা পলায়ন কৰে। দুয়োখন গাড়ী জব্দ কৰিছে আৰক্ষীয়ে। 

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে পাঁচোজন যুৱকেই গাড়ী চলোৱাৰ সময়ত মদ্যপান কৰিছিল। আৰক্ষী বিষয়াই কোৱা অনুসৰি গাড়ীৰ ভিতৰত সুৰাৰ গিলাচ উদ্ধাৰ হৈছে।

আৰক্ষীয়ে সন্দেহজনক যুৱককেইজনক বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে। দোষীৰ কঠোৰতকৈ কঠোৰ শাস্তি দাবী কৰিছে পৰিয়ালৰ লগতে স্থানীয় বাসিন্দাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ