--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিডৰ টিকা নোলোৱাকৈ কাৰ্যালয়লৈ গৈছে নেকি? সাৱধান, যাব পাৰে চাকৰি। এনে ঘটনা সংঘটিত হৈছে বাস্তৱিকতে। উল্লেখ্য যে, ক’ভিড টিকাকৰণক লৈ বিশ্বত বিভিন্ন নীতি জাৰি কৰা হৈছে। এই বিশ্বব্যাপী প্ৰসাৰিত মহামাৰীৰ সৈতে যুঁজ দিয়াৰ বাবে প্ৰতিষেধক গ্ৰহণৰ কোনো বিকল্প নাই বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। টিকা গ্ৰহণ নকৰা লোকৰ বিৰুদ্ধে বিভিন্ন দেশে ব্যৱস্থাও গ্ৰহণ কৰিছে। এনে দেশৰ তালিকাত পাকিস্তানো আছে।

দেশখনত ক’ভিডৰ টিকা গ্ৰহণ নকৰা লোকৰ মোবাইল সংযোগ কাটি দিয়াৰ লগতে চৰকাৰী সা-সুবিধা প্ৰত্যাহাৰ কৰাৰ শাস্তি ঘোষণা কৰিছে। আনহাতে টিকা গ্ৰহণ নকৰাকৈ কাৰ্যালয়লৈ অহা বাবেই চাকৰি হেৰুৱাবলগীয়া ঘটনাও সংঘটিত হৈছে। বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান চিএনএনত সংঘটিত হৈছে এই ঘটনা। টিকাকৰণ নকৰাকৈ কাৰ্যালয়লৈ অহাৰ বাবে বৰ্খাস্ত হ’ল চিএনএনৰ তিনিজন কৰ্মচাৰী। চিএনএনৰ অধ্যক্ষ জেফ জুকাৰে এই কথা প্ৰকাশ কৰিছে। কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত তেওঁ উল্লেখ কৰে যে, যোৱা সপ্তাহত তিনিজন কৰ্মচাৰী টিকাকৰণ নকৰাকৈ কাৰ্যালয়লৈ অহাটো আমাৰ দৃষ্টিগোচৰ হৈছিল। এনে কামৰ বাবে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

কালি চিএনএনৰ এজন জ্যেষ্ঠ প্ৰতিবেদক অলিভাৰ ডাৰ্চিয়ে চিএনএনৰ অধ্যক্ষই জাৰি কৰা মেমোখনৰ কিছু অংশ টুইট কৰে। মিঃ জুকাৰৰ উদ্ধৃতি দি তেওঁ লিখিছিল, ‘যোৱা সপ্তাহত, আমাক তিনিজন কৰ্মচাৰীৰ বিষয়ে অৱগত কৰা হৈছে যিসকলে ক’ভিডৰ টিকা গ্ৰহণ নকৰাকৈ কাৰ্যালয়লৈ আহি আছিল। সেয়েহে তিনিওজনকে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। মই স্পষ্টকৈ কওঁ, এই সন্দৰ্ভত আমাৰ এক শূণ্য সহনশীলতা নীতি আছে।’ উল্লেখ্য যে, বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকলক কাৰ্যালয়লৈ আহিবলৈ হ’লে টিকাকৰণ কৰাটো বাধ্যতামূলক কৰি নিৰ্দেশনা জাৰি কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ