--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিডৰ টিকা নোলোৱাকৈ কাৰ্যালয়লৈ গৈছে নেকি? সাৱধান, যাব পাৰে চাকৰি। এনে ঘটনা সংঘটিত হৈছে বাস্তৱিকতে। উল্লেখ্য যে, ক’ভিড টিকাকৰণক লৈ বিশ্বত বিভিন্ন নীতি জাৰি কৰা হৈছে। এই বিশ্বব্যাপী প্ৰসাৰিত মহামাৰীৰ সৈতে যুঁজ দিয়াৰ বাবে প্ৰতিষেধক গ্ৰহণৰ কোনো বিকল্প নাই বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। টিকা গ্ৰহণ নকৰা লোকৰ বিৰুদ্ধে বিভিন্ন দেশে ব্যৱস্থাও গ্ৰহণ কৰিছে। এনে দেশৰ তালিকাত পাকিস্তানো আছে।

দেশখনত ক’ভিডৰ টিকা গ্ৰহণ নকৰা লোকৰ মোবাইল সংযোগ কাটি দিয়াৰ লগতে চৰকাৰী সা-সুবিধা প্ৰত্যাহাৰ কৰাৰ শাস্তি ঘোষণা কৰিছে। আনহাতে টিকা গ্ৰহণ নকৰাকৈ কাৰ্যালয়লৈ অহা বাবেই চাকৰি হেৰুৱাবলগীয়া ঘটনাও সংঘটিত হৈছে। বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান চিএনএনত সংঘটিত হৈছে এই ঘটনা। টিকাকৰণ নকৰাকৈ কাৰ্যালয়লৈ অহাৰ বাবে বৰ্খাস্ত হ’ল চিএনএনৰ তিনিজন কৰ্মচাৰী। চিএনএনৰ অধ্যক্ষ জেফ জুকাৰে এই কথা প্ৰকাশ কৰিছে। কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত তেওঁ উল্লেখ কৰে যে, যোৱা সপ্তাহত তিনিজন কৰ্মচাৰী টিকাকৰণ নকৰাকৈ কাৰ্যালয়লৈ অহাটো আমাৰ দৃষ্টিগোচৰ হৈছিল। এনে কামৰ বাবে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

কালি চিএনএনৰ এজন জ্যেষ্ঠ প্ৰতিবেদক অলিভাৰ ডাৰ্চিয়ে চিএনএনৰ অধ্যক্ষই জাৰি কৰা মেমোখনৰ কিছু অংশ টুইট কৰে। মিঃ জুকাৰৰ উদ্ধৃতি দি তেওঁ লিখিছিল, ‘যোৱা সপ্তাহত, আমাক তিনিজন কৰ্মচাৰীৰ বিষয়ে অৱগত কৰা হৈছে যিসকলে ক’ভিডৰ টিকা গ্ৰহণ নকৰাকৈ কাৰ্যালয়লৈ আহি আছিল। সেয়েহে তিনিওজনকে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। মই স্পষ্টকৈ কওঁ, এই সন্দৰ্ভত আমাৰ এক শূণ্য সহনশীলতা নীতি আছে।’ উল্লেখ্য যে, বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকলক কাৰ্যালয়লৈ আহিবলৈ হ’লে টিকাকৰণ কৰাটো বাধ্যতামূলক কৰি নিৰ্দেশনা জাৰি কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু