--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিয়ে প্ৰকাশ কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। এইবাৰ ৪০০ৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰিছে বিজেপিয়ে। ইফালে জগদগুৰু ৰামভদ্ৰাচাৰ্যই বিজেপিক লৈ ডাঙৰ ভৱিষ্যদ্বাণী কৰিছে। লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩৭০ খনতকৈ অধিক আসন লাভ কৰিব বুলি ৰামভদ্ৰাচাৰ্যই মন্তব্য কৰিছে।

পদ্ম বিভূষণ তুলসী পীঠাধীশ্বৰ স্বামী ৰামভদ্ৰাচাৰ্যই মধ্যপ্ৰদেশৰ মৈহাৰত উপস্থিত হৈছিল, য’ত তেওঁ মা শাৰদাৰ দৰ্শন কৰিছিল আৰু আশীৰ্বাদ লাভ কৰিছিল। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে কোনো শাৰদা উপাসকে জ্ঞানপীঠ বঁটা লাভ কৰিছে। মই মোৰ জ্ঞানপীঠ বঁটাটো শাৰদা মাৰ চৰণত উৎসৰ্গা কৰিবলৈ আহিছিলোঁ।

 সংবাদ মাধ্যমৰ সৈতে আলোচনা কৰি মধ্যপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছিল। এই লোকসভা নিৰ্বাচনত বিজেপি জয়ী হ’ব বুলিও মন্তব্য কৰে। ৩৭০খন আসনৰ ওপৰেৰে বিজেপিয়ে জয়ী হ’ব বুলিও তেওঁ কয়। ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত জগদগুৰু ৰামভদ্ৰাচাৰ্যই কয় যে লোকসভা নিৰ্বাচনত ইয়াৰ কোনো প্ৰভাৱ নপৰে।

উল্লেখযোগ্য যে বিজেপিৰ বহু জ্যেষ্ঠ নেতাইও এইবাৰ নিৰ্বাচনত ৩০০ৰো অধিক আসন লাভ কৰাৰ দাবী উত্থাপন কৰিছে। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীয়েও এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩৫০ খনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰিছে। উজ্জয়িনত হেমা মালিনীয়েও ৩৫০ খনতকৈও অধিক আসন লাভ কৰাৰ দাবী কৰিছে। এতিয়া জগদগুৰু ৰামভদ্ৰাচাৰ্যইও ৩৭০ খনতকৈও অধিক আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰিছে। তেওঁ ৰাহুল গান্ধী ভাৰত জোডো ন্যায় যাত্ৰাকো ব্যৰ্থ বুলি অভিহিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী