--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিয়ে প্ৰকাশ কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। এইবাৰ ৪০০ৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰিছে বিজেপিয়ে। ইফালে জগদগুৰু ৰামভদ্ৰাচাৰ্যই বিজেপিক লৈ ডাঙৰ ভৱিষ্যদ্বাণী কৰিছে। লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩৭০ খনতকৈ অধিক আসন লাভ কৰিব বুলি ৰামভদ্ৰাচাৰ্যই মন্তব্য কৰিছে।

পদ্ম বিভূষণ তুলসী পীঠাধীশ্বৰ স্বামী ৰামভদ্ৰাচাৰ্যই মধ্যপ্ৰদেশৰ মৈহাৰত উপস্থিত হৈছিল, য’ত তেওঁ মা শাৰদাৰ দৰ্শন কৰিছিল আৰু আশীৰ্বাদ লাভ কৰিছিল। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে কোনো শাৰদা উপাসকে জ্ঞানপীঠ বঁটা লাভ কৰিছে। মই মোৰ জ্ঞানপীঠ বঁটাটো শাৰদা মাৰ চৰণত উৎসৰ্গা কৰিবলৈ আহিছিলোঁ।

 সংবাদ মাধ্যমৰ সৈতে আলোচনা কৰি মধ্যপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছিল। এই লোকসভা নিৰ্বাচনত বিজেপি জয়ী হ’ব বুলিও মন্তব্য কৰে। ৩৭০খন আসনৰ ওপৰেৰে বিজেপিয়ে জয়ী হ’ব বুলিও তেওঁ কয়। ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত জগদগুৰু ৰামভদ্ৰাচাৰ্যই কয় যে লোকসভা নিৰ্বাচনত ইয়াৰ কোনো প্ৰভাৱ নপৰে।

উল্লেখযোগ্য যে বিজেপিৰ বহু জ্যেষ্ঠ নেতাইও এইবাৰ নিৰ্বাচনত ৩০০ৰো অধিক আসন লাভ কৰাৰ দাবী উত্থাপন কৰিছে। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীয়েও এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩৫০ খনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰিছে। উজ্জয়িনত হেমা মালিনীয়েও ৩৫০ খনতকৈও অধিক আসন লাভ কৰাৰ দাবী কৰিছে। এতিয়া জগদগুৰু ৰামভদ্ৰাচাৰ্যইও ৩৭০ খনতকৈও অধিক আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰিছে। তেওঁ ৰাহুল গান্ধী ভাৰত জোডো ন্যায় যাত্ৰাকো ব্যৰ্থ বুলি অভিহিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু