--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত শ্ৰদ্ধা ৱাকাৰৰ মৃতদেহ কাটি ফ্ৰীজত ভৰাই থোৱাৰ দৰে ব্ৰিটেইনতো এইবাৰ পোহৰলৈ আহিল প্ৰায় একেধৰণৰ ঘটনা। পত্নীক  হত্যা কৰাৰ পিছত যুৱকজনে তেওঁৰ শৰীৰটো টুকুৰা টুকুৰ কৰি কাটি পেলায়। প্লাষ্টিকৰ বেগত মেৰিয়াই ফ্ৰীজত থৈ দিয়ে। ইয়াৰ পিছত মোবাইলত বিচাৰিলে, "মৃত্যুৰ পিছত কোনোবা ভূত হৈ আহে নেকি?"

এই নৃশংস হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছত ব্ৰিটেইনত হুলস্থুলৰ সৃষ্টি হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত ২৮ বছৰীয়া নিকোলাছ মেটছনে যোৱা মাৰ্চ মাহত নিজৰ পত্নীক হত্যা কৰিছিল। মৃতদেহটো ২০০তকৈও অধিক টুকুৰাত কাটি দিয়া হয়। ফ্ৰীজত ৰাখিলে। বন্ধু এজনৰ সহায়ত তেওঁ শৰীৰৰ অংগবোৰ নদীত পেলাই দিলে। পিছত আৰক্ষীয়ে তাৰ পৰা উদ্ধাৰ কৰে। এই পৰ্যন্ত ২২৪টা খণ্ড উদ্ধাৰ কৰা হৈছে। আন কিছুমান টুকুৰা পোৱা নগ’ল।

আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ পিছৰে পৰা যুৱকজনে দিনক দিনে আৰক্ষীক বিপথে পৰিচালিত কৰি আহিছে। তেওঁ কয় যে তেওঁৰ পত্নীয়ে স্থানীয় সংগঠন এটাৰ সৈতে বিশেষ কামত গৈছিল। বিষয়াসকলৰ লগতো ধেমালি কৰিছিল। ১৬ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা আৰু তেতিয়াৰ পৰাই স্বামীয়ে নানা ধৰণৰ গালি-গালাজ চলাই থকা বুলি অভিযোগ কৰে ছোৱালীজনীৰ পৰিয়ালে। দুয়ো বিবাহ বিচ্ছেদৰ পথত আছিল। ইয়াৰ পূৰ্বে অভিযুক্তই পত্নীক হত্যা কৰিছিল।

আৰক্ষীয়ে জানিব পাৰিলে যে যুৱকজনে শোৱনি কোঠাত চোকা অস্ত্ৰৰে পত্নীক হত্যা কৰে। ইয়াৰ পিছত মৃতদেহটো বাথৰুমলৈ লৈ গৈ কাটি পেলোৱা হয়। ঘৰৰ পৰা তেজৰ দাগ পৰা কাপোৰ আৰু বিচনা চাদৰ উদ্ধাৰ। শৰীৰৰ পচনৰ গোন্ধ ঢাকিবলৈ অভিযুক্তই ঘৰটোত এমোনিয়াৰ প্ৰচণ্ড গোন্ধ বিয়পাই দিয়ে। হত্যাকাণ্ডৰ পিছত তেওঁ মোবাইল ফোনত দুটা বস্তু বিচাৰি উলিয়ায়। পত্নীৰ মৃত্যু হ’লে স্বামীয়ে কি লাভ পাব পাৰে সেই কথা জানিবলৈ গুগলৰ সহায় লৈছিল। কোনোবা মৰিলে ভূত হৈ আহি ভয় খুৱাব পাৰে নেকি সেয়াও চাৰ্চ কৰিছিল৷

মৃতকৰ পৰিয়ালে অভিযোগ কৰে যে যুৱকজনে পূৰ্বেও যুৱতীগৰাকীৰ পোহনীয়া কুকুৰ আৰু হামষ্টাৰক নিৰ্মমভাৱে হত্যা কৰিছিল। শুকুৰবাৰে ব্ৰিটিছ আদালতত পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। তেওঁৰ শাস্তি বাকী আছে। অভিযুক্তৰ অধিবক্তাই দাবী কৰিছে যে যুৱকজন জটিল মানসিক ৰোগত আক্ৰান্ত। সেইবাবেই তেওঁ এই অপৰাধ সংঘটিত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে