--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত শ্ৰদ্ধা ৱাকাৰৰ মৃতদেহ কাটি ফ্ৰীজত ভৰাই থোৱাৰ দৰে ব্ৰিটেইনতো এইবাৰ পোহৰলৈ আহিল প্ৰায় একেধৰণৰ ঘটনা। পত্নীক  হত্যা কৰাৰ পিছত যুৱকজনে তেওঁৰ শৰীৰটো টুকুৰা টুকুৰ কৰি কাটি পেলায়। প্লাষ্টিকৰ বেগত মেৰিয়াই ফ্ৰীজত থৈ দিয়ে। ইয়াৰ পিছত মোবাইলত বিচাৰিলে, "মৃত্যুৰ পিছত কোনোবা ভূত হৈ আহে নেকি?"

এই নৃশংস হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছত ব্ৰিটেইনত হুলস্থুলৰ সৃষ্টি হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত ২৮ বছৰীয়া নিকোলাছ মেটছনে যোৱা মাৰ্চ মাহত নিজৰ পত্নীক হত্যা কৰিছিল। মৃতদেহটো ২০০তকৈও অধিক টুকুৰাত কাটি দিয়া হয়। ফ্ৰীজত ৰাখিলে। বন্ধু এজনৰ সহায়ত তেওঁ শৰীৰৰ অংগবোৰ নদীত পেলাই দিলে। পিছত আৰক্ষীয়ে তাৰ পৰা উদ্ধাৰ কৰে। এই পৰ্যন্ত ২২৪টা খণ্ড উদ্ধাৰ কৰা হৈছে। আন কিছুমান টুকুৰা পোৱা নগ’ল।

আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ পিছৰে পৰা যুৱকজনে দিনক দিনে আৰক্ষীক বিপথে পৰিচালিত কৰি আহিছে। তেওঁ কয় যে তেওঁৰ পত্নীয়ে স্থানীয় সংগঠন এটাৰ সৈতে বিশেষ কামত গৈছিল। বিষয়াসকলৰ লগতো ধেমালি কৰিছিল। ১৬ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা আৰু তেতিয়াৰ পৰাই স্বামীয়ে নানা ধৰণৰ গালি-গালাজ চলাই থকা বুলি অভিযোগ কৰে ছোৱালীজনীৰ পৰিয়ালে। দুয়ো বিবাহ বিচ্ছেদৰ পথত আছিল। ইয়াৰ পূৰ্বে অভিযুক্তই পত্নীক হত্যা কৰিছিল।

আৰক্ষীয়ে জানিব পাৰিলে যে যুৱকজনে শোৱনি কোঠাত চোকা অস্ত্ৰৰে পত্নীক হত্যা কৰে। ইয়াৰ পিছত মৃতদেহটো বাথৰুমলৈ লৈ গৈ কাটি পেলোৱা হয়। ঘৰৰ পৰা তেজৰ দাগ পৰা কাপোৰ আৰু বিচনা চাদৰ উদ্ধাৰ। শৰীৰৰ পচনৰ গোন্ধ ঢাকিবলৈ অভিযুক্তই ঘৰটোত এমোনিয়াৰ প্ৰচণ্ড গোন্ধ বিয়পাই দিয়ে। হত্যাকাণ্ডৰ পিছত তেওঁ মোবাইল ফোনত দুটা বস্তু বিচাৰি উলিয়ায়। পত্নীৰ মৃত্যু হ’লে স্বামীয়ে কি লাভ পাব পাৰে সেই কথা জানিবলৈ গুগলৰ সহায় লৈছিল। কোনোবা মৰিলে ভূত হৈ আহি ভয় খুৱাব পাৰে নেকি সেয়াও চাৰ্চ কৰিছিল৷

মৃতকৰ পৰিয়ালে অভিযোগ কৰে যে যুৱকজনে পূৰ্বেও যুৱতীগৰাকীৰ পোহনীয়া কুকুৰ আৰু হামষ্টাৰক নিৰ্মমভাৱে হত্যা কৰিছিল। শুকুৰবাৰে ব্ৰিটিছ আদালতত পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। তেওঁৰ শাস্তি বাকী আছে। অভিযুক্তৰ অধিবক্তাই দাবী কৰিছে যে যুৱকজন জটিল মানসিক ৰোগত আক্ৰান্ত। সেইবাবেই তেওঁ এই অপৰাধ সংঘটিত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক