--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত ৬ মাহে হামাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে ইজৰাইলে। বিগত বৰ্ষৰ ৭ অক্টোবৰত হামাছৰ বৰ্বৰ আক্ৰমণৰ পাছত পেলেষ্টাইন সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যহুৱে। কিন্তু যুদ্ধ অব্যাহত থকাৰ মাজতে ইজৰাইলী প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে ইজৰাইলী জনতা। নেতান্যহুৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি পাইছে ইজৰাইলী নাগৰিকৰ। যাৰ বাবে কালি নিশা ৰাজধানী তেল আভিভৰ ৫০টাতকৈ অধিক স্থানত নেতান্যহুৰ বিৰুদ্ধে প্ৰতিবাদত নামিল জনতা। য’ত অংশ লৈছিল ৪৫ হাজাৰতকৈও অধিক লোকে। 

অৱশ্যে প্ৰতিবাদকাৰীৰ দাবী চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদলৈ সমৰ্থন জনাইছে ১ লাখৰো অধিক লোকে। হামাছৰ কবলত থকা পণবন্দীসকলক মোকলাই অনা, প্ৰধানমন্ত্ৰী নেতান্যহুৰ পদত্যাগ আৰু শীঘ্ৰেই ইজৰাইলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত এনেদৰে শনিবাৰে নিশা উত্তাল হৈ পৰিছিল তেল আভিভ চহৰ। প্ৰতিবাদৰ সময়ত ৰাজধানী চহৰখনত সংঘৰ্ষত লিপ্ত হৈছিল প্ৰতিবাদকাৰী আৰু ইজৰাইল আৰক্ষী। সেই সময়তে প্ৰতিবাদকাৰীক মহটিয়াই নিছিল আৰক্ষীৰ এখন বাহনে। এই ঘটনাত আহত হৈছিল ৫ গৰাকীকৈ প্ৰতিবাদকাৰী। আন্তঃৰাষ্ট্রীয় সংবাদ প্ৰতিষ্ঠানৰ মতে ২০২৩ৰ ৭ অক্টোবৰত সূত্ৰপাত ঘটা যুদ্ধৰ পাছত প্ৰতি শনিবাৰেই এনেদৰে ইজৰাইলত সাব্যস্ত কৰি অহা হৈছে প্ৰতিবাদ। 

দৰাচলতে, ৰাফা অঞ্চলক বাদ দি সমগ্ৰ গাজা দখল কৰিছে ইজৰাইলী বাহিনীয়ে। তাৰ বিপৰীতে হামাছৰ কবলত আছে বহু ইজৰাইলী পণবন্দী। ইতিমধ্যে হামাছৰ কবলত থকা বহু পণবন্দীৰ মৃত্যু ঘটিছে। কালিৰ প্ৰতিবাদত অংশ লৈছিল পণবন্দীসকলৰ আত্মীয়সকলেও। হামাছে ৭ অক্টোবৰত পণবন্দী কৰিছিল ২৫৩গৰাকী লোকক। যাৰ ভিতৰত এতিয়াও হামাছৰ কবলত আছে ১৩০ গৰাকী ইজৰাইলী নাগৰিক। তেনেস্থলত, পণবন্দীসকলক মুকলি কৰাৰ ক্ষেত্ৰত নেতান্যহু চৰকাৰৰ বিফলতাৰ প্ৰতিবাদত এনেদৰে ৰাজপথ উত্তাল কৰিলে ইজৰাইলী নাগৰিকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে