--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত ৬ মাহে হামাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে ইজৰাইলে। বিগত বৰ্ষৰ ৭ অক্টোবৰত হামাছৰ বৰ্বৰ আক্ৰমণৰ পাছত পেলেষ্টাইন সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যহুৱে। কিন্তু যুদ্ধ অব্যাহত থকাৰ মাজতে ইজৰাইলী প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে ইজৰাইলী জনতা। নেতান্যহুৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি পাইছে ইজৰাইলী নাগৰিকৰ। যাৰ বাবে কালি নিশা ৰাজধানী তেল আভিভৰ ৫০টাতকৈ অধিক স্থানত নেতান্যহুৰ বিৰুদ্ধে প্ৰতিবাদত নামিল জনতা। য’ত অংশ লৈছিল ৪৫ হাজাৰতকৈও অধিক লোকে। 

অৱশ্যে প্ৰতিবাদকাৰীৰ দাবী চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদলৈ সমৰ্থন জনাইছে ১ লাখৰো অধিক লোকে। হামাছৰ কবলত থকা পণবন্দীসকলক মোকলাই অনা, প্ৰধানমন্ত্ৰী নেতান্যহুৰ পদত্যাগ আৰু শীঘ্ৰেই ইজৰাইলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত এনেদৰে শনিবাৰে নিশা উত্তাল হৈ পৰিছিল তেল আভিভ চহৰ। প্ৰতিবাদৰ সময়ত ৰাজধানী চহৰখনত সংঘৰ্ষত লিপ্ত হৈছিল প্ৰতিবাদকাৰী আৰু ইজৰাইল আৰক্ষী। সেই সময়তে প্ৰতিবাদকাৰীক মহটিয়াই নিছিল আৰক্ষীৰ এখন বাহনে। এই ঘটনাত আহত হৈছিল ৫ গৰাকীকৈ প্ৰতিবাদকাৰী। আন্তঃৰাষ্ট্রীয় সংবাদ প্ৰতিষ্ঠানৰ মতে ২০২৩ৰ ৭ অক্টোবৰত সূত্ৰপাত ঘটা যুদ্ধৰ পাছত প্ৰতি শনিবাৰেই এনেদৰে ইজৰাইলত সাব্যস্ত কৰি অহা হৈছে প্ৰতিবাদ। 

দৰাচলতে, ৰাফা অঞ্চলক বাদ দি সমগ্ৰ গাজা দখল কৰিছে ইজৰাইলী বাহিনীয়ে। তাৰ বিপৰীতে হামাছৰ কবলত আছে বহু ইজৰাইলী পণবন্দী। ইতিমধ্যে হামাছৰ কবলত থকা বহু পণবন্দীৰ মৃত্যু ঘটিছে। কালিৰ প্ৰতিবাদত অংশ লৈছিল পণবন্দীসকলৰ আত্মীয়সকলেও। হামাছে ৭ অক্টোবৰত পণবন্দী কৰিছিল ২৫৩গৰাকী লোকক। যাৰ ভিতৰত এতিয়াও হামাছৰ কবলত আছে ১৩০ গৰাকী ইজৰাইলী নাগৰিক। তেনেস্থলত, পণবন্দীসকলক মুকলি কৰাৰ ক্ষেত্ৰত নেতান্যহু চৰকাৰৰ বিফলতাৰ প্ৰতিবাদত এনেদৰে ৰাজপথ উত্তাল কৰিলে ইজৰাইলী নাগৰিকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক