--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রতিযোগিতাত এখনো খেল নেখেলাকৈয়ে লাভলীনাই কমেও এটা ব্ৰঞ্জৰ পদক নিজৰ নামত নিশ্চিত কৰিছে। লাভলীনাৰ সফলতাই ভাৰতৰ বাবে এক ডাঙৰ সকাহ আনি দিছে।

ডিজিটেল ডেস্ক : মহিলাৰ ৭৫ কিল'গ্রাম মিডলৱেইট শাখাৰ শীৰ্ষ বাছনিৰ খেলুৱৈ তাৰকা বক্সাৰ অসম কন্যা লাভলীনা বৰগোহাঁয়ে প্রত্যক্ষভাৱে ছেমি ফাইনেলত প্ৰৱেশ কৰি দেশৰ বাবে প্ৰথমটো পদক নিশ্চিত কৰিছে। গ্লাছগো কমনৱেলথ গেমছৰ বক্সিং ইভেন্টৰ ৭৫ কেজি ওজন শাখাত কেৱল ৫গৰাকী খেলুৱৈয়ে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে লাভলিনাই প্রথম ৰাউণ্ডত এটা 'বাই' লাভ কৰে। কমনৱেলথ গেমছৰ নিয়ম অনুসৰি ছেমি ফাইনেলত পৰাস্ত হোৱা উভয় খেলুৱৈকে ব্ৰঞ্জৰ পদক প্রদান কৰা হয়। 


ইয়াৰ ফলত, প্রতিযোগিতাত এখনো খেল নেখেলাকৈয়ে লাভলীনাই কমেও এটা ব্ৰঞ্জৰ পদক নিজৰ নামত নিশ্চিত কৰিছে। লাভলীনাৰ সফলতাই ভাৰতৰ বাবে এক ডাঙৰ সকাহ আনি দিছে। বার্মিংহাম কমনৱেলথ গেমছত ভাৰতে ৬১টা পদক লাভ কৰিছিল যদিও গ্লাছগোত খেলৰ ইভেন্টৰ সংখ্যা ১০টালৈ হ্রাস পোৱাৰ বাবে ভাৰতে এইবাৰ ৩০টা পদকৰ লক্ষ্য অতিক্ৰম কৰিব পাৰিব নে নাই সেই লৈ সন্দেহ আছিল। 


লাভলীনাৰ এই প্ৰাৰম্ভিক পদক নিশ্চিতকৰণে দেশৰ পদক জয়ৰ আশা আৰু উৎসাহ দুয়োটাকে বহুগুণে বৃদ্ধি কৰিছে। লাভলীনাই অহা ৩১ জুলাইৰ ছেমি ফাইনেলত টুভালুৰ টি কে বি পি তাফাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু