--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মেগা ক্রীড়া সমাৰোহখনৰ বক্সিং ইভেণ্টৰ মহিলাৰ মিডলৱেইট শাখাৰ শীৰ্ষ বাছনিৰ খেলুৱৈগৰাকীয়ে ৭৫ কিল'গ্রাম ওজন শাখাত কেৱল ৫গৰাকী খেলুৱৈয়ে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰথম ৰাউণ্ডত 'বাই' লাভ কৰে।

ডিজিটেল ডেস্ক: দেশৰ হৈ প্ৰথমটো পদক নিশ্চিত কৰা তাৰকা বক্সাৰ অসম কন্যা লাভলীনা বৰগোহাঁয়ে গ্লাছগো কমনৱেলথ গেমছৰ বক্সিং ইভেণ্টত আজি ছেমি ফাইনেলত টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 


তেওঁ ইতিমধ্যে বাউট নেখেলাকৈয়ে পোনে পোনে ছেমি ফাইনেলত প্রৱেশ কৰি প্ৰথমটো পদক নিশ্চিত কৰি থৈছে। মেগা ক্রীড়া সমাৰোহখনৰ বক্সিং ইভেণ্টৰ মহিলাৰ মিডলৱেইট শাখাৰ শীৰ্ষ বাছনিৰ খেলুৱৈগৰাকীয়ে ৭৫ কিল'গ্রাম ওজন শাখাত কেৱল ৫গৰাকী খেলুৱৈয়ে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰথম ৰাউণ্ডত 'বাই' লাভ কৰে। 


কমনৱেলথ গেমছৰ নিয়ম অনুসৰি ছেমি ফাইনেলত পৰাস্ত হোৱা উভয় খেলুৱৈকে ব্ৰঞ্জৰ পদক প্রদান কৰা হয়। ইয়াৰ ফলত প্রতিযোগিতাত এখনো খেল নেখেলাকৈয়ে লাভলীনাই বিনাযুদ্ধে কমেও এটা ব্ৰঞ্জৰ পদক নিজৰ নামত নিশ্চিত কৰে। আজিৰ ছেমি ফাইনেলখন স্কটলেণ্ডৰ গ্লাছগো চহৰৰ এছ ই চি চেণ্টাৰত অনুষ্ঠিত হ'ব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক