--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি মৃত্যুৰ অভিজ্ঞতা লাভ কৰিব বিচাৰে নেকি? হয়, জীৱিত কালতে এবাৰ মৃত্যু হৈ চোৱাৰ সুযোগ লাভ কৰিব বিচাৰে নেকি? চিন্তা নকৰিব, মৃত্যুৰ অভিজ্ঞতা লাভ কৰাৰ পাছত আপুনি পুনৰ জীয়াই উঠিব। এইধৰণৰ এটা বাতৰি শেহতীয়াকৈ পোৱা গৈছে।

 

মানুহে জীৱনকালত প্ৰায় সকলো অভিজ্ঞতাৰ অনুভৱ লাভ কৰে। মৃ্ত্যু হোৱাৰ অনুভূতিও লাভ কৰে কিন্তু মৃত্যু হলে সকলো শেষ। মৃত্যু-অভিজ্ঞতাৰ পাছত মৃত্যু হৈ কেনেকুৱা লাগে সেই বিষয়ে কোনেও একো কব নোৱাৰে।

 

প্ৰত্যেক মানুহৰ ভিতৰত মৃত্যুভয় সোমাই থাকে। এই মৃত্যুভয়ে মানুহৰ মনত উদ্বেগৰ সৃষ্টি হয়। আনকি মৃত্যু ভয়ৰ পৰা বাচি থাকিবলৈ নানা ৰকম মানসিক চিকিৎসাৰো ব্যৱস্থা আছে।

 

মৃত্যুভয়ক জয় কৰিবলৈ ৰাছিয়াৰ এটা সংস্থাই এক বিশেষ পদক্ষেপ হাতত লৈছে। ৰাছিয়াৰ প্ৰিকেটেড একাডেমীয়ে লোৱা এই পদক্ষেপ অনুযায়ী এটা নতুন ধৰণৰ থেৰাপিৰ ব্যৱস্থা কৰা হৈছে।

 

সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী, মৃ্ত্যুৰ অনুভূতি কেনেকুৱা- সেইয়া অনুভৱ কৰিবলৈ উক্ত থেৰাপীটোৰ বিধি অনুযায়ী একোজন জীৱন্ত মানুহক এক ঘণ্টাৰ বাবে কফিনত সোমাৱাই ৰখা হয়।

 

কফিনত সোমোৱাই ৰখাৰ পাছত মানুহজনৰ মৃত্যু নহয়, কিন্তু মৃত্যুৰ অনুভূতি লাভ কৰিব পাৰি। এই অনুভূতি লাভ কৰিবলৈ অনেক টকাৰো প্ৰয়োজন হয়। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ হৈছে ৪৭ লাখ টকা।

 

২০২২ চনৰ মেমাহত এই থেৰাপী আৰম্ভ কৰিছে ইয়েকাটেৰিনা প্ৰিয়ব্ৰাজেনস্কায়া নামৰ এজন উদ্যোগীয়ে। তেওঁ দাবী কৰে যে ইয়াৰ দ্বাৰা মৃত্যুভয় জয় কৰাটো মানুহৰ বাবে সহজ হৈ পৰিব।

 

সংস্থাটোৱে জনাইছে যে এই থেৰাপীটো সম্পূৰ্ণ নিৰাপদ আৰু মৃ্ত্যুৰ অভিজ্ঞতা লাভ কৰিবলৈ যোৱা লোকজনৰ ব্যক্তিগত পৰিচয় গোপনভাৱে ৰখা হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ