--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি মৃত্যুৰ অভিজ্ঞতা লাভ কৰিব বিচাৰে নেকি? হয়, জীৱিত কালতে এবাৰ মৃত্যু হৈ চোৱাৰ সুযোগ লাভ কৰিব বিচাৰে নেকি? চিন্তা নকৰিব, মৃত্যুৰ অভিজ্ঞতা লাভ কৰাৰ পাছত আপুনি পুনৰ জীয়াই উঠিব। এইধৰণৰ এটা বাতৰি শেহতীয়াকৈ পোৱা গৈছে।

 

মানুহে জীৱনকালত প্ৰায় সকলো অভিজ্ঞতাৰ অনুভৱ লাভ কৰে। মৃ্ত্যু হোৱাৰ অনুভূতিও লাভ কৰে কিন্তু মৃত্যু হ’লে সকলো শেষ। মৃত্যু-অভিজ্ঞতাৰ পাছত মৃত্যু হৈ কেনেকুৱা লাগে সেই বিষয়ে কোনেও একো ক’ব নোৱাৰে।

 

প্ৰত্যেক মানুহৰ ভিতৰত মৃত্যুভয় সোমাই থাকে। এই মৃত্যুভয়ে মানুহৰ মনত উদ্বেগৰ সৃষ্টি হয়। আনকি মৃত্যু ভয়ৰ পৰা বাচি থাকিবলৈ নানা ৰকম মানসিক চিকিৎসাৰো ব্যৱস্থা আছে।

 

মৃত্যুভয়ক জয় কৰিবলৈ ৰাছিয়াৰ এটা সংস্থাই এক বিশেষ পদক্ষেপ হাতত লৈছে। ৰাছিয়াৰ প্ৰিকেটেড একাডেমীয়ে লোৱা এই পদক্ষেপ অনুযায়ী এটা নতুন ধৰণৰ থেৰাপিৰ ব্যৱস্থা কৰা হৈছে।

 

সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী, মৃ্ত্যুৰ অনুভূতি কেনেকুৱা- সেইয়া অনুভৱ কৰিবলৈ উক্ত থেৰাপীটোৰ বিধি অনুযায়ী একোজন জীৱন্ত মানুহক এক ঘণ্টাৰ বাবে কফিনত সোমাৱাই ৰখা হয়।

 

কফিনত সোমোৱাই ৰখাৰ পাছত মানুহজনৰ মৃত্যু নহয়, কিন্তু মৃত্যুৰ অনুভূতি লাভ কৰিব পাৰি। এই অনুভূতি লাভ কৰিবলৈ অনেক টকাৰো প্ৰয়োজন হয়। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ হৈছে ৪৭ লাখ টকা।

 

২০২২ চনৰ মে’ মাহত এই থেৰাপী আৰম্ভ কৰিছে ইয়েকাটেৰিনা প্ৰিয়ব্ৰাজেনস্কায়া নামৰ এজন উদ্যোগীয়ে। তেওঁ দাবী কৰে যে ইয়াৰ দ্বাৰা মৃত্যুভয় জয় কৰাটো মানুহৰ বাবে সহজ হৈ পৰিব।

 

সংস্থাটোৱে জনাইছে যে এই থেৰাপীটো সম্পূৰ্ণ নিৰাপদ আৰু মৃ্ত্যুৰ অভিজ্ঞতা লাভ কৰিবলৈ যোৱা লোকজনৰ ব্যক্তিগত পৰিচয় গোপনভাৱে ৰখা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু