--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকণৰ পিতৃৰ সৈতে আছে বন্ধুত্বসুলভ সম্পৰ্ক। অভিনেত্ৰীগৰাকীয়ে এনে বহু কথা দেউতাকৰ সৈতে শ্বেয়াৰ কৰে যিবোৰ তেওঁ হয়তো বন্ধু-বান্ধৱীকো ক’ব নিবিচাৰিব। দেউতাকৰ লগত সকলো কথাই শ্বেয়াৰ কৰে দীপিকাই।

দীপিকাই এবাৰ এক সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ পিতৃ প্ৰকাশ পাডুকণৰ মাধুৰী দীক্ষিতৰ প্ৰতি অত্যন্ত ক্ৰাছ আছিল। দীপিকাই কয় যে মাধুৰীৰ প্ৰেমত দেউতাক ইমানেই পাগল যে  মাধুৰীৰ বিয়াৰ কথা জানিব পাৰি তেওঁ সেইদিনা বাথৰুমত নিজকে বহু সময় আবদ্ধ কৰি ৰাখিছিল। তেওঁৰ পিতৃয়ে মাধুৰীক বহুত ভাল পাইছিল।

এই সাক্ষাৎকাৰত মাধুৰী দীক্ষিতো উপস্থিত আছিল, এই ঘটনা শুনি লাজতে ৰঙা পৰিছিল মাধুৰী। বিষয়টো আৰু আগুৱাই লৈ গৈ দীপিকা পাডুকণে কৈছিল যে ''মোৰ দেউতাৰ কফি খোৱা আৰু বাতৰি কাকত পঢ়াৰ দৈনন্দিন ৰুটীন সেইদিনা সম্পূৰ্ণ খেলিমেলি হৈ পৰিছিল যিদিনা তেওঁ  মাধুৰী দীক্ষিতৰ বিয়াৰ খবৰ পাইছিল। সেইদিনা দেউতাই নিজকে বহু সময় ৱাশ্বৰুমত আবদ্ধ কৰি ৰাখিছিল।''

দীপিকা পাডুকণে লগতে  কয় যে ''তেতিয়াৰ পৰা আজিলৈকে এইটো কথাক লৈ দেউতাক জোকাই থাকো। দেউতা সেইদিনা যেতিয়া বাথৰুমৰ পৰা ওলাই আহিছিল, তেতিয়া তেওঁৰ চকু চলচলীয়া হৈ আছিল আৰু তেওঁৰ মুখখনত উদাস ভাৱ স্পষ্টকৈ দেখা গৈছিল।''

উল্লেখ্য যে দীপিকা পাডুকণৰ পিতৃ প্ৰকাশ পাডুকণ এগৰাকী বিখ্যাত বেডমিণ্টন খেলুৱৈ। তেওঁৰ পত্নীৰ নাম উজ্জলা পাডুকণ। দুয়োৰে দুগৰাকী কন্যা আছে.. দীপিকা পাডুকণ আৰু আনিশা পাডুকণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ