--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকণৰ পিতৃৰ সৈতে আছে বন্ধুত্বসুলভ সম্পৰ্ক। অভিনেত্ৰীগৰাকীয়ে এনে বহু কথা দেউতাকৰ সৈতে শ্বেয়াৰ কৰে যিবোৰ তেওঁ হয়তো বন্ধু-বান্ধৱীকো ক’ব নিবিচাৰিব। দেউতাকৰ লগত সকলো কথাই শ্বেয়াৰ কৰে দীপিকাই।

দীপিকাই এবাৰ এক সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ পিতৃ প্ৰকাশ পাডুকণৰ মাধুৰী দীক্ষিতৰ প্ৰতি অত্যন্ত ক্ৰাছ আছিল। দীপিকাই কয় যে মাধুৰীৰ প্ৰেমত দেউতাক ইমানেই পাগল যে  মাধুৰীৰ বিয়াৰ কথা জানিব পাৰি তেওঁ সেইদিনা বাথৰুমত নিজকে বহু সময় আবদ্ধ কৰি ৰাখিছিল। তেওঁৰ পিতৃয়ে মাধুৰীক বহুত ভাল পাইছিল।

এই সাক্ষাৎকাৰত মাধুৰী দীক্ষিতো উপস্থিত আছিল, এই ঘটনা শুনি লাজতে ৰঙা পৰিছিল মাধুৰী। বিষয়টো আৰু আগুৱাই লৈ গৈ দীপিকা পাডুকণে কৈছিল যে ''মোৰ দেউতাৰ কফি খোৱা আৰু বাতৰি কাকত পঢ়াৰ দৈনন্দিন ৰুটীন সেইদিনা সম্পূৰ্ণ খেলিমেলি হৈ পৰিছিল যিদিনা তেওঁ  মাধুৰী দীক্ষিতৰ বিয়াৰ খবৰ পাইছিল। সেইদিনা দেউতাই নিজকে বহু সময় ৱাশ্বৰুমত আবদ্ধ কৰি ৰাখিছিল।''

দীপিকা পাডুকণে লগতে  কয় যে ''তেতিয়াৰ পৰা আজিলৈকে এইটো কথাক লৈ দেউতাক জোকাই থাকো। দেউতা সেইদিনা যেতিয়া বাথৰুমৰ পৰা ওলাই আহিছিল, তেতিয়া তেওঁৰ চকু চলচলীয়া হৈ আছিল আৰু তেওঁৰ মুখখনত উদাস ভাৱ স্পষ্টকৈ দেখা গৈছিল।''

উল্লেখ্য যে দীপিকা পাডুকণৰ পিতৃ প্ৰকাশ পাডুকণ এগৰাকী বিখ্যাত বেডমিণ্টন খেলুৱৈ। তেওঁৰ পত্নীৰ নাম উজ্জলা পাডুকণ। দুয়োৰে দুগৰাকী কন্যা আছে.. দীপিকা পাডুকণ আৰু আনিশা পাডুকণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু