--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নব্বৈৰ দশকৰ জনপ্ৰিয় তাৰকা গোবিন্দ। কেইবাগৰাকীও আগশাৰীৰ অভিনেত্ৰীৰ সৈতেও তেওঁ কাম কৰিছে। ৰবিনা টণ্ডন, কৰিশ্মা কাপুৰ, মাধুৰী দীক্ষিত নেনে - অভিনেতাগৰাকীয়ে সকলোৰে সৈতে টিম আপ কৰি দৰ্শকক মনোৰঞ্জন দিছে। তাৰ ভিতৰত এগৰাকী নায়িকা গোবিন্দৰ প্ৰতি খুবেই আকৰ্ষিত আছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে যদি তেওঁৰ আগতে বিয়া নহ’লহেঁতেন তেন্তে তেওঁ বলীউডৰ এগৰাকী সুন্দৰী অভিনেত্ৰীক বিয়া কৰালেহেঁতেন। কিন্তু কোন তেওঁ?

আন কোনো নহয়, তেওঁ হৈছে মাধুৰী দীক্ষিত। গোবিন্দই মাধুৰীৰ সৈতে ‘মহা সংগ্ৰাম’, ‘ইজ্জতদাৰ’, ‘পাপ কা এণ্ট’ত অভিনয় কৰিছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাজনে কয় যে যদি তেওঁৰ পত্নী সুনীতা তেওঁৰ জীৱনলৈ নাহিলহেঁতেন তেন্তে তেওঁ মাধুৰীক বিয়া কৰালেহেঁতেন।

সেই সাক্ষাৎকাৰত গোবিন্দৰ সৈতে পত্নী সুনীতাও উপস্থিত আছিল। তাত সুনীতাক সোধা হৈছিল, কোন গোবিন্দৰ প্ৰিয় অভিনেত্ৰী। সুনীতাই ক্ষন্তেকতে উত্তৰ দিয়ে মাধুৰী। ইয়াৰ পিছত সাক্ষাৎকাৰগ্ৰহণকাৰীয়ে গোবিন্দক সুধিলে যে যদি সুনীতাক বিয়া নকৰালেহেঁতেন, তেন্তে কাক বিয়া কৰালেহেঁতেন? পত্নীৰ কথাৰ কথা উল্লেখ কৰি গোবিন্দে কয়, "সুনিতা নহ'লে মই মাধুৰীৰ প্ৰেমত পৰাৰ কথা ভাবিলোহেঁতেন। মই তেওঁক বিয়া কৰালোহেঁতেন।’’

অৱশ্যে গোবিন্দৰ মুখত মাধুৰীৰ কথা শুনি পত্নী সুনীতাই কোনো বিশেষ বিৰূপ প্ৰতিক্ৰিয়া নকৰিলে। ক’লে যে গোবিন্দৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু জানে গোবিন্দ কেনেধৰণৰ মানুহ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু