--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নব্বৈৰ দশকৰ জনপ্ৰিয় তাৰকা গোবিন্দ। কেইবাগৰাকীও আগশাৰীৰ অভিনেত্ৰীৰ সৈতেও তেওঁ কাম কৰিছে। ৰবিনা টণ্ডন, কৰিশ্মা কাপুৰ, মাধুৰী দীক্ষিত নেনে - অভিনেতাগৰাকীয়ে সকলোৰে সৈতে টিম আপ কৰি দৰ্শকক মনোৰঞ্জন দিছে। তাৰ ভিতৰত এগৰাকী নায়িকা গোবিন্দৰ প্ৰতি খুবেই আকৰ্ষিত আছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে যদি তেওঁৰ আগতে বিয়া নহ’লহেঁতেন তেন্তে তেওঁ বলীউডৰ এগৰাকী সুন্দৰী অভিনেত্ৰীক বিয়া কৰালেহেঁতেন। কিন্তু কোন তেওঁ?

আন কোনো নহয়, তেওঁ হৈছে মাধুৰী দীক্ষিত। গোবিন্দই মাধুৰীৰ সৈতে ‘মহা সংগ্ৰাম’, ‘ইজ্জতদাৰ’, ‘পাপ কা এণ্ট’ত অভিনয় কৰিছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাজনে কয় যে যদি তেওঁৰ পত্নী সুনীতা তেওঁৰ জীৱনলৈ নাহিলহেঁতেন তেন্তে তেওঁ মাধুৰীক বিয়া কৰালেহেঁতেন।

সেই সাক্ষাৎকাৰত গোবিন্দৰ সৈতে পত্নী সুনীতাও উপস্থিত আছিল। তাত সুনীতাক সোধা হৈছিল, কোন গোবিন্দৰ প্ৰিয় অভিনেত্ৰী। সুনীতাই ক্ষন্তেকতে উত্তৰ দিয়ে মাধুৰী। ইয়াৰ পিছত সাক্ষাৎকাৰগ্ৰহণকাৰীয়ে গোবিন্দক সুধিলে যে যদি সুনীতাক বিয়া নকৰালেহেঁতেন, তেন্তে কাক বিয়া কৰালেহেঁতেন? পত্নীৰ কথাৰ কথা উল্লেখ কৰি গোবিন্দে কয়, "সুনিতা নহ'লে মই মাধুৰীৰ প্ৰেমত পৰাৰ কথা ভাবিলোহেঁতেন। মই তেওঁক বিয়া কৰালোহেঁতেন।’’

অৱশ্যে গোবিন্দৰ মুখত মাধুৰীৰ কথা শুনি পত্নী সুনীতাই কোনো বিশেষ বিৰূপ প্ৰতিক্ৰিয়া নকৰিলে। ক’লে যে গোবিন্দৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু জানে গোবিন্দ কেনেধৰণৰ মানুহ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক