--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিল্লী-এন চি আৰ, মহাৰাষ্ট্ৰ, গুজৰাট, হিমাচল প্রদেশ, উত্তৰাখণ্ড, গোৱা, কেৰালা, জম্মু-কাশ্মীৰ আৰু ৰাজস্থানৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণে জনজীৱন ব্যাহত কৰিছে। এই অঞ্চলসমূহত বানৰ সম্ভাৱনা প্রকাশ কৰি সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ডিজিটেল ডেস্ক : দিল্লী, মহাৰাষ্ট্ৰকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বৰষুণ আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বহু স্থানত পথ আৰু ৰে'ল যোগাযোগ ব্যাহত হোৱাৰো তথ্য পোৱা গৈছে। ইফালে, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ কেইবাটাও অঞ্চলত অহা কেইদিনমানত অধিক প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।


দিল্লী-এন চি আৰ, মহাৰাষ্ট্ৰ, গুজৰাট, হিমাচল প্রদেশ, উত্তৰাখণ্ড, গোৱা, কেৰালা, জম্মু-কাশ্মীৰ আৰু ৰাজস্থানৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণে জনজীৱন ব্যাহত কৰিছে। এই অঞ্চলসমূহত বানৰ সম্ভাৱনা প্রকাশ কৰি সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দিল্লীৰ ৰোহিণীত এটা নির্মিয়মাণ চাৰিমহলীয়া ভৱন খহি পৰাৰ ফলত ৩জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। 


বৰষুণৰ ফলতে ভৱনটো ভাগি পৰা বুলি বিভিন্ন সূত্রই প্রকাশ কৰিছে যদিও প্রশাসনে বিষয়টো স্পষ্ট কৰা নাই। ইফালে, মহাৰাষ্ট্ৰৰ পুনেৰ পিম্প্ৰী চিঞ্চৱাডত বৰষুণৰ ফলত পানী জমা হৈ এটা আৱৰ্জনাৰ দ'ম খহি পৰাৰ ফলত ১১জন লোক আবদ্ধ হৈ আছে। যোৱা কেইদিনমানৰ ভিতৰত গুজৰাটৰ ছুৰাটত বৰষুণ সম্পৰ্কীয় ঘটনাত ৯জন লোকৰ মৃত্যু হৈছে। ছুৰাটৰ জিলা প্রশাসনে বানপ্রৱণ দ অঞ্চলত বাস কৰা সহস্রাধিক লোকক ওখ অঞ্চললৈ প্ৰেৰণ কৰিছে। ইফালে, কেৰালাত এটা সুৰংগ নিৰ্মাণ প্ৰকল্পত বৰষুণৰ ফলত ভূমিস্খলনত ৫জন লোক সন্ধানহীন হৈ আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভি ডি সতীশনে অঞ্চলটো পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। 


গুজৰাট আৰু মহাৰাষ্ট্ৰত বানৰ ফলত দীর্ঘদূৰত্বৰ বহুকেইখন ৰে'লৰ চলাচল বাতিল কৰা হৈছে। নাছিকত গোদাবৰী নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে। আনহাতে, মহাৰাষ্ট্ৰত বানত শ শ গেছ চিলিণ্ডাৰ উটি অহা ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। হিন্দুস্তান পেট্রলিয়াম কলেশন লিমিটেড ফলত প্রায় ৩,০০০টা ৰন্ধন গেছৰ চিলিণ্ডাৰ পানীত উটি যোৱা বুলি প্রতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বানবিধ্বস্ত ৰাজ্যকেই খনৰ মুখ্যমন্ত্ৰীৰ সৈতে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে আলোচনাত ভাগ লয় আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সাজু থাকিবলৈ আহ্বান জনায়।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ