--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিল্লী-এন চি আৰ, মহাৰাষ্ট্ৰ, গুজৰাট, হিমাচল প্রদেশ, উত্তৰাখণ্ড, গোৱা, কেৰালা, জম্মু-কাশ্মীৰ আৰু ৰাজস্থানৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণে জনজীৱন ব্যাহত কৰিছে। এই অঞ্চলসমূহত বানৰ সম্ভাৱনা প্রকাশ কৰি সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ডিজিটেল ডেস্ক : দিল্লী, মহাৰাষ্ট্ৰকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বৰষুণ আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বহু স্থানত পথ আৰু ৰে'ল যোগাযোগ ব্যাহত হোৱাৰো তথ্য পোৱা গৈছে। ইফালে, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ কেইবাটাও অঞ্চলত অহা কেইদিনমানত অধিক প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।


দিল্লী-এন চি আৰ, মহাৰাষ্ট্ৰ, গুজৰাট, হিমাচল প্রদেশ, উত্তৰাখণ্ড, গোৱা, কেৰালা, জম্মু-কাশ্মীৰ আৰু ৰাজস্থানৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণে জনজীৱন ব্যাহত কৰিছে। এই অঞ্চলসমূহত বানৰ সম্ভাৱনা প্রকাশ কৰি সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দিল্লীৰ ৰোহিণীত এটা নির্মিয়মাণ চাৰিমহলীয়া ভৱন খহি পৰাৰ ফলত ৩জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। 


বৰষুণৰ ফলতে ভৱনটো ভাগি পৰা বুলি বিভিন্ন সূত্রই প্রকাশ কৰিছে যদিও প্রশাসনে বিষয়টো স্পষ্ট কৰা নাই। ইফালে, মহাৰাষ্ট্ৰৰ পুনেৰ পিম্প্ৰী চিঞ্চৱাডত বৰষুণৰ ফলত পানী জমা হৈ এটা আৱৰ্জনাৰ দ'ম খহি পৰাৰ ফলত ১১জন লোক আবদ্ধ হৈ আছে। যোৱা কেইদিনমানৰ ভিতৰত গুজৰাটৰ ছুৰাটত বৰষুণ সম্পৰ্কীয় ঘটনাত ৯জন লোকৰ মৃত্যু হৈছে। ছুৰাটৰ জিলা প্রশাসনে বানপ্রৱণ দ অঞ্চলত বাস কৰা সহস্রাধিক লোকক ওখ অঞ্চললৈ প্ৰেৰণ কৰিছে। ইফালে, কেৰালাত এটা সুৰংগ নিৰ্মাণ প্ৰকল্পত বৰষুণৰ ফলত ভূমিস্খলনত ৫জন লোক সন্ধানহীন হৈ আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভি ডি সতীশনে অঞ্চলটো পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। 


গুজৰাট আৰু মহাৰাষ্ট্ৰত বানৰ ফলত দীর্ঘদূৰত্বৰ বহুকেইখন ৰে'লৰ চলাচল বাতিল কৰা হৈছে। নাছিকত গোদাবৰী নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে। আনহাতে, মহাৰাষ্ট্ৰত বানত শ শ গেছ চিলিণ্ডাৰ উটি অহা ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। হিন্দুস্তান পেট্রলিয়াম কলেশন লিমিটেড ফলত প্রায় ৩,০০০টা ৰন্ধন গেছৰ চিলিণ্ডাৰ পানীত উটি যোৱা বুলি প্রতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বানবিধ্বস্ত ৰাজ্যকেই খনৰ মুখ্যমন্ত্ৰীৰ সৈতে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে আলোচনাত ভাগ লয় আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সাজু থাকিবলৈ আহ্বান জনায়।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু