--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গৱেষকসকলে কৈছে, এই ফুলবিধ বেঙুনীয়া-নীলা ৰঙৰ আৰু ই বেল-ফ্লাৱাৰ (bellflower) উদ্ভিদ পৰিয়ালৰ গোট (Campanulaceae)। এই গোটত প্রায় ২০টা প্রজাতি আছে।

ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত এবিধ বিৰল প্ৰজাতিৰ ফুল পুনৰবাৰ দেখা পোৱা গৈছে। ফুল বিধৰ নাম 'ছিয়ানাহুছ হুকেৰী' (Cyananthus hookeri)। শেষ বাৰলৈ এই ফুলবিধ ১৮৬৭ চনত ছিকিমত দেখা গৈছিল। তাৰ পাছত ভাৰতত ফুলবিধৰ কোনো সন্ধান নাছিল। এতিয়া প্রায় ১৫৮ বছৰ পাছত ইয়াক পুনৰ পোৱা গ'ল। 


২০২৫ চনৰ ২০ ছেপ্টেম্বৰত বিজ্ঞানীসকলে লাভ কৰা তথ্যৰ দ্বাৰা অৰুণাচল প্ৰদেশত এইবিধ ফুলৰ অৱস্থিতি নিশ্চিত কৰা হৈছে। ব'টানিকেল ছার্ভে অব ইণ্ডিয়া (Botanical Sur-vey of India)ৰ বিজ্ঞানীসকলে টাৱাং জিলাৰ মাগো গাঁৱৰ ওচৰৰ চুনাভেলী (Chuna Valley)ত প্রায় ৩৬০০ মিটাৰ ওখ পাহাৰত এই ফুল বিচাৰি পাইছে। এই খবৰটো ওৰিক্স (Oryx) নামৰ এখন আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্রকাশ পাইছে। 


গৱেষকসকলে কৈছে, এই ফুলবিধ বেঙুনীয়া-নীলা ৰঙৰ আৰু ই বেল-ফ্লাৱাৰ (bellflower) উদ্ভিদ পৰিয়ালৰ গোট (Campanulaceae)। এই গোটত প্রায় ২০টা প্রজাতি আছে। এইসমূহ সাধাৰণতে হিমালয় আৰু চীনৰ ওখ পাহাৰীয়া তৃণভূমিত পোৱা যায়। এইবিধ ফুল প্রথম নেপালত পোৱা গৈছিল। ভাৰতত এই গোটৰ ৯টা প্রজাতি আছে, যিবোৰ বেছিভাগেই হিমালয়ত দেখা যায়। এই ফুলবিধৰ গছবোৰ চুটি আৰু নোমেৰে ভৰা। পাতবোৰ সৰু, অলপ দাঁত থকা আৰু নোমাল। 


ফুলটো বেঙুনীয়া-নীলা ৰঙৰ। ফুলৰ গোড়াত ৩-৫টা পাতৰ গোট থাকে। এই ফুলবিধৰ নমুনা কেন্দ্ৰীয় হাৰ্বেৰিয়ামত সংৰক্ষণ কৰি থোৱা আছে (CALÊ, collection numbers SL, MD and SSD 101402)। ১৮৬৭ চনত বিখ্যাত ব্রিটিছ বিজ্ঞানী জোচেফ ড্যাল্টন হুকাৰে ছিকিমত প্ৰথমবাৰৰ বাবে এই ফুলৰ বিষয়ে লিখি থৈ গৈছিল। এনে এবিধ হেৰাই যোৱা দুষ্প্রাপ্য ফুলৰ পুনৰ সন্ধান লাভ কৰাটো প্ৰকৃতি আৰু সংৰক্ষণৰ বাবে এক ডাঙৰ খবৰ হিচাপে বিবেচিত হৈছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু