--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭ মাহৰ পাছত জাতীয় দললৈ ঘূৰি আহিছে হার্দিক পাণ্ডিয়া৷ ভাৰতীয় দলৰ বৰোদা ষ্টাৰ অলৰাউণ্ডাৰগৰাকীৰ প্ৰত্যাৱৰ্তনে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে দলটোলৈ।  ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পিছত হার্দিকে পুনৰ ভাৰতীয় দলৰ সৈতে দৃঢ়তাৰে যুঁজ দিছে। বৰ্তমান ভাৰত-দক্ষিণ আফ্ৰিকাৰ পাঁচখন মেচৰ টি-২০ শৃংখলাতো অপ্ৰতিৰোধ্য  হাৰ্দিক। তেওঁৰ শেহতীয়া প্ৰদৰ্শনে ইতিমধ্যে বিস্ময়-বিমুগ্ধ কৰি তুলিছে ক্ৰীড়ানুৰাগীক।

ৰাজকোটত কাৰ্তিক-পাণ্ডিয়াৰ যুঁটিৰে চতুৰ্থ টি-২০ত চমকপ্ৰদ জয়েৰে ২-২ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে। খেলখনৰ অন্তত জয়ৰ দুই নায়ক হাৰ্দিক আৰু দীনেশ কাৰ্তিকে খেলপথাৰত বহি বাৰ্তালাপ কৰা দেখা গৈছিল। তেওঁলোকৰ এই বাৰ্তালাপৰ এটা ভিডিঅ’ পোষ্ট কৰিছে বিচিচিআইয়ে। হার্দিকে কয়, ‘এম এছ ধোনীৰ এটা গোল্ডেন এডভাইচেই জীৱন সলনি কৰিছে৷’

‘সঁচা কথা ক'বলৈ গ'লে মোৰ বাবে একো সলনি হোৱা নাই। কাৰণ মই পৰিস্থিতি বুজি খেলো। মই মোৰ বুকুত থকা প্ৰতীকটোৰ বাবে খেলো। মই মাত্ৰ সময়ৰ লগে লগে একেটা কাম মসৃণভাৱে বাৰে বাৰে কৰিব বিচাৰো। যিদৰে মই গুজৰাটৰ বাবে কৰিছিলো। মাহী ভাইয়ে মোক এটা কথা শিকাইছিল। মই তেওঁৰ পৰা এটা সাধাৰণ কথা জানিব বিচাৰিছিলো। তেওঁ নিজকে চাপৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব পাৰে? উত্তৰত তেওঁ কৈছিল, ‘মই স্কৰৰ কথা নাভাবি দলটোৱে কি বিচাৰে তাত গুৰুত্ব দিওঁ। এই চিন্তাই মোৰ মনত বাহ লৈছিল। আজি মই প্লেয়াৰ হিচাপে যিখিনি হ’বলৈ পাৰিছো সেয়াও এই শিক্ষাৰে ফল। মই যি পৰিস্থিতিতে নাথাকো কিয়, মই বুজি লৈ খেলো।’

চলিত বৰ্ষৰ শেষৰ ফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। সদ্যসমাপ্ত আইপিএলত হাৰ্দিকৰ প্ৰত্যাৱৰ্তন টীম ইণ্ডিয়াৰ সৰ্ববৃহৎ সাফল্য হিচাপে বিবেচিত হৈছে। ২২ গজত যেন পুনৰ প্ৰাণ পাই উঠিছে পাণ্ডিয়া। বেট-বল-ফিল্ডিঙত ভাল প্ৰদৰ্শন কৰি হাৰ্দিকে নিজৰ দক্ষতা প্ৰমাণ কৰাৰ পাছতে ভাৰতীয়  ক্ৰিকেটৰ যুগদ্ৰষ্টা মহেন্দ্ৰ সিং ধোনীৰ প্ৰসংগত কৰা মন্তব্য এতিয়া হৈ পৰিছে চৰ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ