--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭ মাহৰ পাছত জাতীয় দললৈ ঘূৰি আহিছে হার্দিক পাণ্ডিয়া৷ ভাৰতীয় দলৰ বৰোদা ষ্টাৰ অলৰাউণ্ডাৰগৰাকীৰ প্ৰত্যাৱৰ্তনে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে দলটোলৈ।  ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পিছত হার্দিকে পুনৰ ভাৰতীয় দলৰ সৈতে দৃঢ়তাৰে যুঁজ দিছে। বৰ্তমান ভাৰত-দক্ষিণ আফ্ৰিকাৰ পাঁচখন মেচৰ টি-২০ শৃংখলাতো অপ্ৰতিৰোধ্য  হাৰ্দিক। তেওঁৰ শেহতীয়া প্ৰদৰ্শনে ইতিমধ্যে বিস্ময়-বিমুগ্ধ কৰি তুলিছে ক্ৰীড়ানুৰাগীক।

ৰাজকোটত কাৰ্তিক-পাণ্ডিয়াৰ যুঁটিৰে চতুৰ্থ টি-২০ত চমকপ্ৰদ জয়েৰে ২-২ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে। খেলখনৰ অন্তত জয়ৰ দুই নায়ক হাৰ্দিক আৰু দীনেশ কাৰ্তিকে খেলপথাৰত বহি বাৰ্তালাপ কৰা দেখা গৈছিল। তেওঁলোকৰ এই বাৰ্তালাপৰ এটা ভিডিঅ’ পোষ্ট কৰিছে বিচিচিআইয়ে। হার্দিকে কয়, ‘এম এছ ধোনীৰ এটা গোল্ডেন এডভাইচেই জীৱন সলনি কৰিছে৷’

‘সঁচা কথা ক'বলৈ গ'লে মোৰ বাবে একো সলনি হোৱা নাই। কাৰণ মই পৰিস্থিতি বুজি খেলো। মই মোৰ বুকুত থকা প্ৰতীকটোৰ বাবে খেলো। মই মাত্ৰ সময়ৰ লগে লগে একেটা কাম মসৃণভাৱে বাৰে বাৰে কৰিব বিচাৰো। যিদৰে মই গুজৰাটৰ বাবে কৰিছিলো। মাহী ভাইয়ে মোক এটা কথা শিকাইছিল। মই তেওঁৰ পৰা এটা সাধাৰণ কথা জানিব বিচাৰিছিলো। তেওঁ নিজকে চাপৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব পাৰে? উত্তৰত তেওঁ কৈছিল, ‘মই স্কৰৰ কথা নাভাবি দলটোৱে কি বিচাৰে তাত গুৰুত্ব দিওঁ। এই চিন্তাই মোৰ মনত বাহ লৈছিল। আজি মই প্লেয়াৰ হিচাপে যিখিনি হ’বলৈ পাৰিছো সেয়াও এই শিক্ষাৰে ফল। মই যি পৰিস্থিতিতে নাথাকো কিয়, মই বুজি লৈ খেলো।’

চলিত বৰ্ষৰ শেষৰ ফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। সদ্যসমাপ্ত আইপিএলত হাৰ্দিকৰ প্ৰত্যাৱৰ্তন টীম ইণ্ডিয়াৰ সৰ্ববৃহৎ সাফল্য হিচাপে বিবেচিত হৈছে। ২২ গজত যেন পুনৰ প্ৰাণ পাই উঠিছে পাণ্ডিয়া। বেট-বল-ফিল্ডিঙত ভাল প্ৰদৰ্শন কৰি হাৰ্দিকে নিজৰ দক্ষতা প্ৰমাণ কৰাৰ পাছতে ভাৰতীয়  ক্ৰিকেটৰ যুগদ্ৰষ্টা মহেন্দ্ৰ সিং ধোনীৰ প্ৰসংগত কৰা মন্তব্য এতিয়া হৈ পৰিছে চৰ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু