--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ একে তাৰিখতে জন্ম হৈছিল মাক আৰু কন্যা। কিন্তু বছৰটো বেলেগ। ১৯৮৪ চনৰ ২৯ ফেব্ৰুৱাৰীত এগৰাকী যুৱতীৰ জন্ম হয়। ৪০ বছৰৰ পিছত অৰ্থাৎ ২০২৪ চনৰ একেদিনাই তাই এটি কন্যা সন্তান জন্ম দিলে। আমেৰিকাৰ নৰ্থ কেৰ’লিনাত অনুষ্ঠিত হৈছে এই ঘটনা।

কাই ছান নামৰ যুৱতীগৰাকী পেছাত এগৰাকী চিকিৎসক। উত্তৰ কেৰ’লিনাৰ এখন মেডিকেল কলেজতো তেওঁ অধ্যাপনা কৰিছিল। কাইয়ে কয় যে তেওঁৰ প্ৰসৱৰ আশা কৰা হৈছিল ২৬ ফেব্ৰুৱাৰী। সেইদিনাৰ পিছতো প্ৰসৱৰ কোনো লক্ষণ দেখা নগ’ল। 

সেই দেশৰ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয়, "তাইৰ জন্মৰ আগতে মই আৰু মোৰ স্বামীয়ে এই বিষয়ে আলোচনা কৰিছিলোঁ। অলৌকিকভাৱে মোৰ জন্মদিনত আহিল। তাতোকৈ আমোদজনক কথাটো হ’ল তাই আমাৰ ৰামধেনুৰ কেঁচুৱা।”

ভ্ৰূণ ধ্বংস হোৱাৰ পিছত পৃথিৱীৰ পোহৰ দেখা শিশুক ‘ৰামধেনু কেঁচুৱা’ বুলি কোৱা হয়। ছান আৰু তেওঁৰ স্বামী মাইকেলৰ আৰু দুটা সন্তান আছে। এবছৰৰ আগতে ছান গৰ্ভৱতী হৈছিল। কিন্তু সেই শিশুটিয়ে পৃথিৱীৰ পোহৰ দেখা নাপালে। ইয়াৰ পিছত তেওঁও covid ত আক্ৰান্ত হয়। তেওঁৰ বিভিন্ন শাৰীৰিক জটিলতা আছিল। ইয়াৰ পিছতো ছানে মাতৃ হোৱাৰ অভিযানক অসম্পূৰ্ণ কৰি পেলাব বিচৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক