--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা হঠাতে ঘৰত মাখিৰ উৎপাত বাঢ়ি যায়। এই কথাই সকলোকে বৰ অশান্তি দিয়ে। আমি সেইবোৰৰ পৰা মুক্তি পাবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰো। কেতিয়াবা বজাৰৰ পৰা কীটনাশক ক্ৰয় কৰো আৰু কেতিয়াবা মেচিন ব্যৱহাৰ কৰি মাখি-মহ খেদি পঠিয়াও। কিন্তু বাৰিষা কালত এই সকলোবোৰ পদ্ধতি বিফল হয়। গতিকে আমি কেনেকৈ ঘৰুৱা উপায়েৰে মাখি খেদিব পাৰো জানো আহক।

১)তুলসী আৰু পদিনা মিশ্ৰণঃ পদিনা আৰু তুলসীৰ দ্ৰৱণে কীটনাশক হিচাপে কাম কৰে। এই মিশ্ৰণ বনাই মাখিবোৰৰ ওপৰত স্প্ৰে’ কৰিলে মাখি তৎক্ষণাৎ আঁতৰি পলাব। 

২)আপেল চাইডাৰ ভিনেগাৰঃ গিলাচ বা বহল বটলত আপেল চাইডাৰ ভিনেগাৰ দি ডিচ চাবোন বা কাপোৰ ধোৱা চাবোনৰ লগত মিহলাই দিব লাগে। এতিয়া সেই গিলাচটোত প্লাষ্টিকৰ মোনা লগাই দিব। কিছু সময়ৰ পিছত এই শ্বাৱাৰৰ দৰে এটা গাঁত বনাই দিব। ইয়াক মাখি বেছিকৈ থকা স্থানত ৰাখক। লাহে লাহে তাত মাখি পৰিবলৈ আৰম্ভ কৰিব আৰু মৰিব।

৩)নিমখ আৰু পানীঃ পানীত কিছু নিমখ মিহলাই স্প্ৰে বটলত ভৰাই দিব। ইয়াৰ পিছত মাখিবোৰ থকা ঠাইত এই দ্ৰৱণটো স্প্ৰে’ কৰিব লাগে। এই পানী য’তেই পৰিব, সেই ঠাইৰ পৰা মাখি পলাই যাব।

৪)গাখীৰ আৰু চেনিঃ গাখীৰ আৰু চেনি মাখিয়ে ভাল পায়। মাখি আহি তাৰ ওপৰত বহি থাকে। গাখীৰ আৰু চেনিৰ দ্ৰৱণ এটা বাতিত ভৰাই মাখি থকা ঠাইত ৰাখক। মিঠা খোৱাৰ লোভত মাখিবোৰ তাত আহি পৰিবহি আৰু তাত পৰি ডুব যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু