--°C
Loading...
Listen to Article
2 min read
80%

তেহৰানঃ বিশ্বব্যাপী মাৰ্কিন ৰাষ্ট্ৰৰ আধিপত্যই নিদ্ৰা হৰণ কৰিছে চুবুৰীয়া দেশ ইৰানৰ। ইৰানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মহম্মদ জাভেদ জাৰিফে টেলিফোনযোগে দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ওয়াং ই-ৰ সৈতে মত-বিনিময় কৰে। ইৰান আৰু চীনৰ সীমান্তৱৰ্তী উন্নয়নশীল দেশসমূহৰ স্বাৰ্থ ৰক্ষাৰ বাবে তেহৰান আৰু বেইজিঙে যৌথভাৱে আগবাঢ়িব বুলিও তেওঁ সংবাদমাধ্যমৰ আগত সদৰী কৰিছে।


ইফালে ওয়াং ই-এ কয়, ‘ৰাষ্ট্ৰপতি হাছান ৰুহানিৰ চৰকাৰে বিগত ৮টা বছৰে চীনৰ সৈতে দ্বি-পাক্ষীক সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে বিভিন্ন ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমান ইৰানৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰায়ি‘ছিৰ নেতৃত্বাধীন চৰকাৰ তথা প্ৰশাসনৰ সৈতেও শক্তিশালী সম্পৰ্ক অটুত ৰাখিব চীনে।’ চীনৰ বৃহত্‍ স্বাৰ্থসংশ্লিষ্ট বিষয়বোৰত বেইজিঙক সমৰ্থন জনোৱাৰ বাবে ইৰানক ধন্যবাদ জ্ঞাপনৰ উপৰি ইৰানৰ জাতীয় স্বাৰ্থ আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত তেহৰানৰ পক্ষত থকাৰ অংগীকাৰ ওয়াং ই-ৰ।


কৰ’না মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ কৰ’না প্ৰতিষেধকৰ লগতে, আন প্ৰয়োজনীয় চিকিত্সাক সামগ্ৰী যোগানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে ইৰানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে। চীনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাত ইৰানে সদায় গুৰুত্ব দি আহিছে। ইৰানৰ পৰৱৰ্তী চৰকাৰে ক্ষমতাগ্ৰহণৰ পাছত এই সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলি সদৰী কৰে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ