--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন ডিচি : আমেৰিকাত পুনৰ বন্দুকধাৰীৰ ত্ৰাস। খেল চলি থকাৰ সময়তে দেশখনৰ ৰাজধানী ৰাজধানী ৱাশ্বিংটন ডিচিৰ নেচনেল পাৰ্ক ষ্টেডিয়ামৰ বাহিৰত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। নিউয়ৰ্ক টাইমছত প্ৰকাশিত বাতৰি অনুসৰি, ‘দৰ্শকভৰ্তি ষ্টেডিয়ামৰ বাহিৰত শনিবাৰে নিশা ৯.৩০বজাত এই ঘটনা সংঘটিত হৈছে। নেচনেল পাৰ্ক ষ্টেডিয়ামত ‘বেছবল’ খেল অনুষ্ঠিত হৈছিল। খেলৰ ৬ষ্ঠ ইনিংছ চলি থকা সময়তে বাহিৰত কেইবাজাঁই গুলীৰ শব্দ শুনিবলৈ পোৱা যায়।

লগে লগে ষ্টেডিয়ামৰ দৰ্শকসকলৰ মাজত হৈ-চৈ লাগে। ভীতিগ্ৰস্ত দৰ্শকক সুস্থিৰ পৰিৱেশ বজাই ৰাখিবলৈ বাৰম্বাৰ অনুৰোধ কৰে কৰ্তৃপক্ষই।’ এই ঘটনাৰ পাছতে খেল স্থগিত ৰখা হয়। জানিব পৰা মতে, স্থগিত খেলখন দেওবাৰে পুনৰ অনুষ্ঠিত হ’ব। উল্লেখ্য যে, যুক্তৰাষ্ট্ৰৰ সংবিধানে প্ৰাণৰক্ষাৰ বাবে নাগৰিক সকলক অস্ত্ৰ ৰখাৰ অধিকাৰ প্ৰদান কৰা হৈছে। যুক্তৰাষ্ট্ৰৰ অধিকাংশ অংগৰাজ্যত অস্ত্ৰ ক্ৰয় কৰাটো অতি সহজ। সহজলভ্য এই অস্ত্ৰসমূহ এখন অংগৰাজ্যৰ পৰা আন এখন অংগৰাজ্যলৈও ৰপ্তানি কৰা হয়। ৱাশ্বিংটন ডিচি-ত নিশা সংঘটিত শ্বাসৰুদ্ধকৰ ঘটনাত কোনো লোক হতাহতি হোৱা নাই। বন্দুক সংস্কৃতিয়ে দেশখনৰ বাবে এক নতুন প্ৰত্যাহ্বান শেহতীয়াকৈ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু