--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন ডিচি : আমেৰিকাত পুনৰ বন্দুকধাৰীৰ ত্ৰাস। খেল চলি থকাৰ সময়তে দেশখনৰ ৰাজধানী ৰাজধানী ৱাশ্বিংটন ডিচিৰ নেচনেল পাৰ্ক ষ্টেডিয়ামৰ বাহিৰত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। নিউয়ৰ্ক টাইমছত প্ৰকাশিত বাতৰি অনুসৰি, ‘দৰ্শকভৰ্তি ষ্টেডিয়ামৰ বাহিৰত শনিবাৰে নিশা ৯.৩০বজাত এই ঘটনা সংঘটিত হৈছে। নেচনেল পাৰ্ক ষ্টেডিয়ামত ‘বেছবল’ খেল অনুষ্ঠিত হৈছিল। খেলৰ ৬ষ্ঠ ইনিংছ চলি থকা সময়তে বাহিৰত কেইবাজাঁই গুলীৰ শব্দ শুনিবলৈ পোৱা যায়।

লগে লগে ষ্টেডিয়ামৰ দৰ্শকসকলৰ মাজত হৈ-চৈ লাগে। ভীতিগ্ৰস্ত দৰ্শকক সুস্থিৰ পৰিৱেশ বজাই ৰাখিবলৈ বাৰম্বাৰ অনুৰোধ কৰে কৰ্তৃপক্ষই।’ এই ঘটনাৰ পাছতে খেল স্থগিত ৰখা হয়। জানিব পৰা মতে, স্থগিত খেলখন দেওবাৰে পুনৰ অনুষ্ঠিত হ’ব। উল্লেখ্য যে, যুক্তৰাষ্ট্ৰৰ সংবিধানে প্ৰাণৰক্ষাৰ বাবে নাগৰিক সকলক অস্ত্ৰ ৰখাৰ অধিকাৰ প্ৰদান কৰা হৈছে। যুক্তৰাষ্ট্ৰৰ অধিকাংশ অংগৰাজ্যত অস্ত্ৰ ক্ৰয় কৰাটো অতি সহজ। সহজলভ্য এই অস্ত্ৰসমূহ এখন অংগৰাজ্যৰ পৰা আন এখন অংগৰাজ্যলৈও ৰপ্তানি কৰা হয়। ৱাশ্বিংটন ডিচি-ত নিশা সংঘটিত শ্বাসৰুদ্ধকৰ ঘটনাত কোনো লোক হতাহতি হোৱা নাই। বন্দুক সংস্কৃতিয়ে দেশখনৰ বাবে এক নতুন প্ৰত্যাহ্বান শেহতীয়াকৈ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ