--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : তালিবানে আফগানিস্তান দখল কৰাৰ লগে লগে লাখ লাখ আধুনিক মনস্ক আফগানৰ সপোন থানবান হৈছিল। চৰম হতাশাত ভুগিছিল আফগানিস্তানৰ ৰাষ্ট্রীয় যুৱ ফুটবল দলৰ এজন খেলুৱৈ জাকি আনভাৰিয়েঅ’। ক্ৰীড়াবিৰোধী তালিবানৰ শাসনত ভৱিষ্যতে ফুটবল খেলিবলৈ নাপাব বুলি নিশ্চিত হৈ পৰিছিল ১৭ বছৰীয়া জাকি। সোমবাৰে জাকিয়ে মাৰ্কিন বিমানত উঠি আফগানিস্তান ত্যাগ কৰিবৰ কাবুল বিমান বন্দৰত উপস্থিত হৈছিলগৈ।

কিন্তু কাবুল ত্যাগ কৰিব বিচৰা হাজাৰ হাজাৰ নাগৰিকৰ ভিৰত মাৰ্কিন চি-১৭ বিমানত উঠিব নোৱাৰিলে জাকিয়ে। তালিবানৰ আতংকত ইতিমধ্যে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল খেলুৱৈজনে। সেয়ে বিমানৰ চকাৰ ওপৰৰ অংশত ধৰি যাত্ৰা কৰিবলৈ গৈছিল জাকি। বিমানৰ চকাত উঠি যাত্ৰা কৰাতো এজন মানুহৰ বাবে যে অসম্ভৱ জাকিয়ে পাহৰি পেলাইছিল।

বিশাল চি-১৭খন আকাশত উৰাৰ কিছুসময়ৰ পাছতেই তললৈ সৰি পৰিছিল জাকি। বহু উচ্চতাৰ পৰা পৰি কৰুণ মৃত্যুক সাৱটি লৈছিল ফুটবলাৰজনে। ফুটবলক লৈ সপোন থানবান হোৱা জাকিৰৰ জীৱনো চূৰ্ণ-বিচূৰ্ণ হৈছিল। আফগান ফুটবলাৰ জাকিৰৰ ট্ৰেজেদিয়ে এতিয়া শোকাহত কৰিছে বিশ্বৰ ক্ৰীড়াপ্ৰেমীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ