--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জিকা অসমৰ বাহিৰেও দেশৰ সকলো প্ৰান্তৰ লোকেই ইয়াক খায়। জিকাক সংস্কৃতত ঝিংগাক, হিন্দীত জিঙলী আৰু বঙালীত ঝিংগা, ঝিকা বুলি কয়। ইয়াক ইংৰাজীত Ridge gourd বুলি কোৱা হয়।

ডিজিটেল ডেস্ক: জিকা সকলোৰে পৰিচিত এবিধ জনপ্ৰিয় পাচলি। এই পাচলি পুষ্টিৰে ভৰা। ইয়াত আঁহ (fiber), ভিটামিন A, C আৰু পটাছিয়ামেৰে ভৰপূৰ হৈ থাকে। জিকা ভাজিৰ সোৱাদেই বেলেগ। মাছৰ জোলখনো জিকা, বিলাহীৰে ৰান্ধিলে খাবলৈ বৰ জুতি লাগে।


তৰকাৰি ৰান্ধিলেও খাবলৈ তৃপ্তিদায়ক হয়। বহুতে জিকাৰ তৰকাৰিৰ উপৰি জিকা পুৰি তেল-নিমখ সানি খায়। দাইলত দিও জিকা খাব পাৰি। প্ৰকৃততে জিকা এবিধ উত্তম পাচলি। এই কোমল পাচলিবিধৰ বহুতো উপকাৰিতা আছে। 


জিকা অসমৰ বাহিৰেও দেশৰ সকলো প্ৰান্তৰ লোকেই ইয়াক খায়। জিকাক সংস্কৃতত ঝিংগাক, হিন্দীত জিঙলী আৰু বঙালীত ঝিংগা, ঝিকা বুলি কয়। ইয়াক ইংৰাজীত Ridge gourd বুলি কোৱা হয়। ইয়াৰ সেউজীয়া গাটোত কেইবাটাও সিৰা থাকে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Luffa acutangula. ইয়াৰ প্ৰস্তুতি অতি সহজ আৰু সিজিবলৈ সময়ো লয় কম। জিকাত বহুতো ঔষধি গুণ আছে। জিকাত ভিটামিন-চিৰ উপৰি আছে কার্বো হাইড্রেট, প্রোটিন, ফাইবাৰ আৰু ভিটামিন বি কমপ্লেক্স। 


জিকাৰ উপকাৰিতাসমূহ জানো আহক


১) মধুমেহ ৰোগীৰ বাবে উপকাৰী।


২) লিভাৰক সুস্থ ৰাখে।


৩) শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে।


৪) ৰক্তহীনতা দূৰ কৰে।


৫) ছালৰ সতেজতা ধৰি ৰখাত সহায় কৰে।


৬) জিকাই দৃষ্টিশক্তি বৃদ্ধি কৰে।


৭) গেছৰ সমস্যা দূৰ কৰে।


৮) কৌষ্ঠ্য-কাঠিন্যতা দূৰ কৰে।


৯) কুকুৰীকণা ৰোগীৰ বাবেও জিকা সুপথ্য।


১০) ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।


১১) ফেটী লিভাৰ, ব্ৰংকাইটিছ আদি ৰোগ হ্ৰাস কৰিবলৈ জিকা খোৱা প্ৰয়োজন।


১২) ওজন হ্ৰাসত সহায় কৰে।


গতিকে জিকা খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক। আপোনাৰ খাদ্য তালিকাত জিকাক অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব। 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান