--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জিকা অসমৰ বাহিৰেও দেশৰ সকলো প্ৰান্তৰ লোকেই ইয়াক খায়। জিকাক সংস্কৃতত ঝিংগাক, হিন্দীত জিঙলী আৰু বঙালীত ঝিংগা, ঝিকা বুলি কয়। ইয়াক ইংৰাজীত Ridge gourd বুলি কোৱা হয়।

ডিজিটেল ডেস্ক: জিকা সকলোৰে পৰিচিত এবিধ জনপ্ৰিয় পাচলি। এই পাচলি পুষ্টিৰে ভৰা। ইয়াত আঁহ (fiber), ভিটামিন A, C আৰু পটাছিয়ামেৰে ভৰপূৰ হৈ থাকে। জিকা ভাজিৰ সোৱাদেই বেলেগ। মাছৰ জোলখনো জিকা, বিলাহীৰে ৰান্ধিলে খাবলৈ বৰ জুতি লাগে।


তৰকাৰি ৰান্ধিলেও খাবলৈ তৃপ্তিদায়ক হয়। বহুতে জিকাৰ তৰকাৰিৰ উপৰি জিকা পুৰি তেল-নিমখ সানি খায়। দাইলত দিও জিকা খাব পাৰি। প্ৰকৃততে জিকা এবিধ উত্তম পাচলি। এই কোমল পাচলিবিধৰ বহুতো উপকাৰিতা আছে। 


জিকা অসমৰ বাহিৰেও দেশৰ সকলো প্ৰান্তৰ লোকেই ইয়াক খায়। জিকাক সংস্কৃতত ঝিংগাক, হিন্দীত জিঙলী আৰু বঙালীত ঝিংগা, ঝিকা বুলি কয়। ইয়াক ইংৰাজীত Ridge gourd বুলি কোৱা হয়। ইয়াৰ সেউজীয়া গাটোত কেইবাটাও সিৰা থাকে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Luffa acutangula. ইয়াৰ প্ৰস্তুতি অতি সহজ আৰু সিজিবলৈ সময়ো লয় কম। জিকাত বহুতো ঔষধি গুণ আছে। জিকাত ভিটামিন-চিৰ উপৰি আছে কার্বো হাইড্রেট, প্রোটিন, ফাইবাৰ আৰু ভিটামিন বি কমপ্লেক্স। 


জিকাৰ উপকাৰিতাসমূহ জানো আহক


১) মধুমেহ ৰোগীৰ বাবে উপকাৰী।


২) লিভাৰক সুস্থ ৰাখে।


৩) শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে।


৪) ৰক্তহীনতা দূৰ কৰে।


৫) ছালৰ সতেজতা ধৰি ৰখাত সহায় কৰে।


৬) জিকাই দৃষ্টিশক্তি বৃদ্ধি কৰে।


৭) গেছৰ সমস্যা দূৰ কৰে।


৮) কৌষ্ঠ্য-কাঠিন্যতা দূৰ কৰে।


৯) কুকুৰীকণা ৰোগীৰ বাবেও জিকা সুপথ্য।


১০) ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।


১১) ফেটী লিভাৰ, ব্ৰংকাইটিছ আদি ৰোগ হ্ৰাস কৰিবলৈ জিকা খোৱা প্ৰয়োজন।


১২) ওজন হ্ৰাসত সহায় কৰে।


গতিকে জিকা খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক। আপোনাৰ খাদ্য তালিকাত জিকাক অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব। 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু