--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ কয়, 'জজ সাহাব, আমি ন্যায় পোৱা নাই। মই সাধাৰণ পৰিয়ালৰ, কিন্তু নিজৰ দলৰ বাবে যুঁজ দিছোঁ।' তেতিয়া মুখ্য ন্যায়াধীশে কয়, পশ্চিম বংগ চৰকাৰেও গোচৰ চলাই আছে।

ডিজিটেল ডেস্ক : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীক কালি এক সুকীয়া ৰূপত দেখা পোৱা গ'ল। ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ (এছ আই আৰ) প্রতিবাদ কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনৰ শুনানিত মমতাক অধিবক্তাৰ ৰূপত দেখা পোৱা গ'ল। উল্লেখযোগ্য যে পশ্চিম বংগত চলি থকা এছ আই আৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এই ৰিট আৱেদন দাখিল কৰা হয়। এই আৱেদনৰ শুনানিৰ সময়ত মমতাই নিজে ৰাজ্যৰ হৈ ওকালতি কৰে। 


উল্লেখযোগ্য যে দেশৰ ন্যায়িক ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ত ওকালতি কৰা দেখা পোৱা গ'ল। মুখ্য ন্যায়াধীশ সূর্য কান্তৰ নেতৃত্বৰ এখন বিচাৰপীঠে মমতাৰ যুক্তি শুনাৰ পাছত নির্বাচন আয়োগলৈ জাননী জাৰি কৰে আৰু সোমবাৰলৈকে শুনানি স্থগিত ৰাখে। মুখ্য ন্যায়াধীশ সূর্য কান্তে কয়, 'আপোনলোকে বহুত ভাল অধিবক্তা বাছনি কৰিছে। আপোনালোকে তেওঁক যুক্ত প্ৰদৰ্শন কৰিবলৈ দিয়ক।' তেতিয়া পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰযোৰে কয়, 'ছেভডেম'ক্রেচী (গণতন্ত্রক বচাওক)।' 


উল্লেখযোগ্য যে ইয়াৰ আগতে কেইবাজনো মুখ্যমন্ত্রী অধিবক্তাৰূপে উচ্চতম ন্যায়ালয়ত উপস্থিত আছিল যদিও শুনানিত ওকালতি কৰা নাছিল। আজি গোচৰটোৰ শুনানিৰ সময়ত মমতা বেনার্জী অধিবক্তাসকলৰ একেবাৰে আগশাৰীত বহিছিল। পশ্চিম বংগৰ হৈ গোচৰটোত ওকালতি কৰাৰ বাবে জ্যেষ্ঠ অধিবক্তা শ্যাম দেৱানো উপস্থিত আছিল, কিন্তু মমতাই থিয় হৈ সংক্ষেপতে নিজৰ মত দাঙি ধৰে। মুখ্য ন্যায়াধীশ সূর্য কান্তৰ লগতে ন্যায়াধীশদ্বয় ক্রমে জয়মাল্য বাগ্‌ছী আৰু বিপুল পঞ্চোলীক লৈ গঠিত উচ্চতম ন্যায়ালৰ বিচাৰপীঠে শুনানি লোৱাৰ সময়ত মমতা বেনার্জীয়ে কয়, 'মই এই ৰাজ্যৰ পৰা আহিছোঁ আৰু সেয়েহে ব্যাখ্যা দাঙি ধৰিব পাৰিম।' 


তেওঁ কয়, 'জজ সাহাব, আমি ন্যায় পোৱা নাই। মই সাধাৰণ পৰিয়ালৰ, কিন্তু নিজৰ দলৰ বাবে যুঁজ দিছোঁ।' তেতিয়া মুখ্য ন্যায়াধীশে কয়, পশ্চিম বংগ চৰকাৰেও গোচৰ চলাই আছে। কপিল ছিবাল আৰু গোপালৰ দৰে অধিবক্তাই যুক্তি দাঙি ধৰি আছে। তেতিয়া মমতাই কয়, 'অধিবক্তাসকলে আৰম্ভণিৰ পৰাই যুঁজ দি আছে, ছয়বাৰ নিৰ্বাচন আয়োগলৈ লিখা হৈছে আৰু এবাৰো উত্তৰ পোৱা নাই, তেনে অৱস্থাত ন্যায় কোনো পিছ দুৱাৰত ৰৈ গৈছে বুলি অনুভৱ কৰাটো স্বাভাৱিক।' মমতাই বিচাৰপীঠক কয়, 'মোক মাত্র পাঁচ মিনিট সময় দিয়ক।' তেতিয়া মুখ্য ন্যায়াধীশে কয়, 'আমাৰ কোনো আপত্তি নাই, আমি ১৫ মিনিট দিম, কিন্তু তাৰ আগতে আমাৰ কথা শুনক।' 


মুখ্য ন্যায়াধীশে মমতাক কয়, 'সকলো সমস্যাৰে সমাধান আছে আৰু এই সমস্যাটোৰো সমাধান উলিয়াম। আপোনাৰ দল ইয়াত আছে, আপোনাৰ লগত দেশৰ সৰ্বজ্যেষ্ঠ অধিবক্তাও আছে, আমি আপুনি উত্থাপন কৰা সমস্যা গ্রহণ কৰিছো সেইটো ৰেকৰ্ডত আছে।' তেতিয়া মমতাই কয়, 'প্রথমে মোক ক'বলৈ আৰু মোৰ কথা শেষ কৰিবলৈ দিয়ক। মই কিছুমান ফটো দিবলৈ বিচাৰিছোঁ। সকলো বাঙালী বাতৰিকাকতত ছপা কৰা হৈছে। আমি সমস্যাৰ সমাধান হোৱাটো বিচাৰিছোঁ।' মমতাই কয় যে একাংশ কন্যা বিয়াৰ পাছত শহুৰেকৰ ঘৰলৈ গুচি যোৱাৰ পাছত তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। নির্বাচন আয়োগে উচ্চতম ন্যায়ালয়ৰ নির্দেশ মানি চলা নাই। কেইবাজনো বি এল অ'ৰ মৃত্যু হৈছে। 


পশ্চিম বংগত যাক লক্ষ্য কৰি লোৱা হৈছে, কিন্তু অসমক কৰা হোৱা নাই। মমতাই কয় যে ২৪ বছৰৰ পাছত কিয়, দুমাহত ইমান খৰখেদা কৰাৰ কাৰণ কি যিটো কামত দুবছৰ লাগে? তেওঁ লগতে কয় যে এতিয়া শস্য চপোৱাৰ বতৰত লোকসকল চহৰৰ বাহিৰত আছে আৰু তেওঁলোকক হাৰাশাস্তি কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ