--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৩০ জানুৱাৰীত দিনৰ ১১ বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ এক জনসভাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

ডিজিটেল ডেস্ক: আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । নিশা ৯ বজাত বিশেষ বিমানযোগে ডিব্ৰুগড়ত উপস্থিত হ'ব মন্ত্ৰী গৰাকী। ডিব্ৰুগড়ৰ মনোহাৰী ৰিজৰ্টত নৈশ যাপন কৰি ৩০ জানুৱাৰীত মন্ত্ৰীগৰাকীয়ে ভাগ ল'ব বহু কেইটা কাৰ্য্যসূচীত। 


৩০ জানুৱাৰীত দিনৰ ১১ বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ এক জনসভাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ৪ টা প্ৰকল্পৰ আধাৰশিলা আৰু ১ টা প্ৰকল্পৰ শুভাৰম্ভ কৰিব অমিত শ্বাহে। তাৰ পাছতে তেওঁ ধেমাজিত অনুষ্ঠিত মিছিং যুৱ মহোৎসৱতো অংশগ্ৰহণ কৰিব। 


ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত উপস্থিত থাকি অসম বিধান সভাৰ দ্বিতীয়টো বিধানসভা চৌহদৰ আধাৰশিলা স্থাপন তথা বিধায়ক আৱাসৰ শিলান্যাস কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে ৫০০০ আসন যুক্ত খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন, চাবুৱাৰ মুলুক গাঁৱত স্থাপন হ'বলগীয়া বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিলান্যাস, ডিব্ৰুগড়ৰ খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প মূল ষ্টেডিয়ামৰ আসনৰ সংখ্যা ৫০০০ৰ পৰা ৩৫,০০০ বৃদ্ধিৰ আধাৰশিলা, অসমৰ জলাভূমিৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিজেপি নেতৃত্বৰ মতে খনিকৰ খেলপথাৰৰ অমিত শ্বাহ উপস্থিত থকা সভাত প্ৰায় ৭০ ৰ পৰা ৮০ হাজাৰ লোকে অংশগ্রহণ কৰিব।


বিয়লি বিমানযোগে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীত উপস্থিত হৈ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰিব মন্ত্ৰী অমিত শ্বাহে। নিশা ৭ বজাত পুনৰ বিমানযোগে পশ্চিমবংগলৈ উভতি যাব কেন্দ্ৰীয়মন্ত্ৰীগৰাকী। 


কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এইবাৰৰ অসম ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। অমিত শ্বাহৰ এই অসম ভ্ৰমণে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিত যথেষ্ট প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ