--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৩০ জানুৱাৰীত দিনৰ ১১ বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ এক জনসভাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

ডিজিটেল ডেস্ক: আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । নিশা ৯ বজাত বিশেষ বিমানযোগে ডিব্ৰুগড়ত উপস্থিত হ'ব মন্ত্ৰী গৰাকী। ডিব্ৰুগড়ৰ মনোহাৰী ৰিজৰ্টত নৈশ যাপন কৰি ৩০ জানুৱাৰীত মন্ত্ৰীগৰাকীয়ে ভাগ ল'ব বহু কেইটা কাৰ্য্যসূচীত। 


৩০ জানুৱাৰীত দিনৰ ১১ বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ এক জনসভাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ৪ টা প্ৰকল্পৰ আধাৰশিলা আৰু ১ টা প্ৰকল্পৰ শুভাৰম্ভ কৰিব অমিত শ্বাহে। তাৰ পাছতে তেওঁ ধেমাজিত অনুষ্ঠিত মিছিং যুৱ মহোৎসৱতো অংশগ্ৰহণ কৰিব। 


ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত উপস্থিত থাকি অসম বিধান সভাৰ দ্বিতীয়টো বিধানসভা চৌহদৰ আধাৰশিলা স্থাপন তথা বিধায়ক আৱাসৰ শিলান্যাস কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে ৫০০০ আসন যুক্ত খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন, চাবুৱাৰ মুলুক গাঁৱত স্থাপন হ'বলগীয়া বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিলান্যাস, ডিব্ৰুগড়ৰ খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প মূল ষ্টেডিয়ামৰ আসনৰ সংখ্যা ৫০০০ৰ পৰা ৩৫,০০০ বৃদ্ধিৰ আধাৰশিলা, অসমৰ জলাভূমিৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিজেপি নেতৃত্বৰ মতে খনিকৰ খেলপথাৰৰ অমিত শ্বাহ উপস্থিত থকা সভাত প্ৰায় ৭০ ৰ পৰা ৮০ হাজাৰ লোকে অংশগ্রহণ কৰিব।


বিয়লি বিমানযোগে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীত উপস্থিত হৈ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰিব মন্ত্ৰী অমিত শ্বাহে। নিশা ৭ বজাত পুনৰ বিমানযোগে পশ্চিমবংগলৈ উভতি যাব কেন্দ্ৰীয়মন্ত্ৰীগৰাকী। 


কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এইবাৰৰ অসম ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। অমিত শ্বাহৰ এই অসম ভ্ৰমণে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিত যথেষ্ট প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু