--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছবিখন মেলবর্নত অনুষ্ঠিত হ'ব লগীয়া ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবর্নলৈ নির্বাচিত হোৱাটো এটা গুৰুত্বপূৰ্ণ কথা আৰু এই মহোৎসৱলৈ মিচিং ভাষাত নির্বাচিত হোৱা এইখন প্রথম ছবি।

ডিজিটেল ডেস্ক : অসম চলচ্চিত্ৰ সমাজৰ সাধাৰণ সম্পাদক তথা চলচ্চিত্র সংগঠক ড° জয়ন্ত মাধৱ দত্তৰ মিচিং ভাষাৰ ছবি 'য়াকাচিক অমীদী' অষ্ট্ৰেলিয়াৰ মেলবর্নত অনুষ্ঠিত হ'ব লগীয়া ১৭ সংখ্যক ভাৰতীয় চলচ্চিত্র মহোৎসৱ মেলবর্নলৈ নির্বাচিত হৈছে। ছবিখন ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ ছবি মহোৎসৱলৈ নির্বাচিত হৈছিল। 


উল্লেখযোগ্য ছবি মহোৎসৱকেইটা হৈছে যে ষষ্ঠদশ সংখ্যক বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ Umsung Incredible India শিতানলৈ নির্বাচিত হৈছিল। ছবিখনৰ প্রিমিয়াৰ হৈছিল ২১ সংখ্যক 'থার্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল মুম্বাই। তদুপৰি ছবিখন কেইবাটাও গুৰুত্বপূৰ্ণ ছবি মহোৎসৱৰ প্রতিযোগিতাৰ শিতানলৈ নির্বাচিত হৈছিল। উল্লেখযোগ্য যে ১১ সংখ্যক অজন্তা ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ ভাৰতীয় ছবি প্রতিযোগিতাৰ শিতান, ১১ সংখ্যক জাফনা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ প্ৰথম পৰিচালকৰ ছবিৰ শিতান, চতুর্থ সংখ্যক ৱৰ্ল্ড ফিল্ম ফেষ্টিভেল কলকাতা ইত্যাদি। 


ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ঝাৰখণ্ড ৰাজ্যিক চৰকাৰক যুটীয়া উদ্যোগত আয়োজিত প্রথম চলচ্চিত্ৰ ধৰতী আবা জনজাতীয় ছবি মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটাৰে সন্মানিত হৈছিল। ছবিখন এটা বিশেষ ছবি মহোৎসৱলৈও নির্বাচিত হৈছে। সেইটো হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচকসকলৰ যিটো সংগঠন FIPRESCI তাৰ ভাৰতীয় শাখা অর্থাৎ FIPRESCI India ই ২০২৫ বর্ষত নির্মিত দহখন ছবি নির্বাচিত কৰিছে আৰু সেই দহখন ছবিৰ ভিতৰত আছে এই মিচিং ভাষাৰ ছবি 'য়াকাচিক অমীদী'। ছবিখনৰ প্ৰযোজক হৈছে অসম চলচ্চিত্র সমাজৰ সভাপতি ৰাজেশ্বৰ শইকীয়া, ছবিখনৰ কাহিনী ড° জয়ন্ত মাধৱ দত্তৰ, চিত্ৰনাট্য পূৰৱী পঞ্চমীৰ, ছবিখনত কেমেৰাৰ কাম কৰিছে সৌৰভ শইকীয়া আৰু শশাংক শইকীয়াই, ছবিখন সম্পাদনা কৰিছে প্রতিশ্রুতিসম্পন্ন চলচ্চিত্র সম্পাদক বিকাশ বৰুৱাই, ছবিখনৰ ছাউণ্ডৰ কাম কৰিছে আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত বিশিষ্ট ছাউণ্ড ডিজাইনাৰ অমৃত প্রীতম আৰু দেৱজিৎ চাংমাইয়ে, ছবিখনত কালাৰৰ কাম কৰিছে প্রয়াত সুজিত বৰাই। এই ছবিখনৰ কাহিনী হৈছে ব্ৰহ্মহ্মপুত্ৰৰ মাজৰ সৰু সৰু চাপৰিবিলাকত বাস কৰা মিচিং জনগোষ্ঠীৰ মানুহৰ দৈনন্দিন দুখ-যন্ত্ৰণাৰ জীৱনৰ কাহিনী, বাল্য বিবাহ শৈক্ষিক অনগ্ৰসৰতা আৰু শেহতীয়াকৈ লালি গুৰৰ পৰা চুলাই মদে তেওঁলোকৰ নৱপ্ৰজন্মক পথভ্রষ্ট কৰাৰ কাহিনী ছবিখনও বর্ণিত কৰা হৈছে। 


ছবিখন মেলবর্নত অনুষ্ঠিত হ'ব লগীয়া ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবর্নলৈ নির্বাচিত হোৱাটো এটা গুৰুত্বপূৰ্ণ কথা আৰু এই মহোৎসৱলৈ মিচিং ভাষাত নির্বাচিত হোৱা এইখন প্রথম ছবি। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জাৰিয়ুমৰ চৰিত্ৰত অঞ্জলি টাইদে, মিগমৰ চৰিত্ৰত পাপুজ্যোতি পেগু, য়াকাচিৰ চৰিত্ৰত জুনুমাই পেগুৱে। ছবিখনত সহ: পৰিচালনা কৰিছে হিৰণ্য কুমাৰ পেগু, যতীন্দ্র শইকীয়া আৰু সৌৰভ শইকীয়াই।

উৎস : দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক